নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ ৰাজ্যত এতিয়াও অব্যাহত আছে ভূমিকম্পৰ আতংক৷ কালি পুৱা ৰিখ্টাৰ স্কেলত ৬.৪ প্রাবল্যৰ এটা ভূমিকম্পই সমগ্র ৰাজ্য জোকাৰি যোৱাৰ পাছৰে পৰা আজি সন্ধয়া পর্যন্ত অনুভূত হয় কেইবাটাও মৃদু জোকাৰণি৷ আনকি কালি মাজনিশাও কেইবাটাও সৰু–বৰ ভূমিকম্পই কঁপাই থাকে ৰাজ্যখন৷ যাৰ বাবে বহু অঞ্চলত জনসাধাৰণে নিশা উজাগৰে কটায়৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই জানিবলৈ দিয়া মতে, বুধবাৰে পুৱা ৭.৫১ বজাত অহা প্রথমটো তীব্র ভূমিকম্পৰ পাছৰে পৰা বৃহস্পতিবাৰে সন্ধিয়া ৬ বজা পর্যন্ত মুঠ ২০টা মৃদু প্রাবল্যৰ ভূমিকম্পই অসমত কঁপনি তোলে৷ এই ভূমিকম্পসমূহৰ প্রাবল্য ৰিখ্টাৰ স্কেলত ২.৩ৰ পৰা ৪.৭ৰ ভিতৰত আছিল৷ আটাইকেইটা ভূঁইকঁপৰ অভিকেন্দ্র আছিল শোণিতপুৰ, নগাঁও আৰু মৰিগাঁও জিলা৷ অৱশ্যে প্রথমটো ভূমিকম্পৰ পাছৰ আন ভূমিকম্পসমূহৰ প্রাবল্য কম হোৱা বাবে বিশেষ ক্ষয়–ক্ষতি নহ’ল৷ ইপিনে অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই কালিৰ ভূমিকম্পত হোৱা ক্ষয়–ক্ষতিৰো এক খতিয়ান আগবঢ়াইছে৷ সেই অনুসৰি ৰাজ্যৰ ১৮খন জিলাৰ ৪২৮টা বাসগৃহ, এপার্টমেণ্ট, ১৮টা ৰাজহুৱা অনুষ্ঠান ক্ষতিগ্রস্ত হৈছে৷ ইয়াৰ সমান্তৰালভাৱে বাট–পথ, দলং আৰু মথাউৰিৰো ভিন্ন স্থানত ক্ষয়–ক্ষতি হৈছে৷ গুৱাহাটী মহানগৰীত হোৱা লোকচানৰ সমীক্ষা চলাই আছে অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ অধ্যাপক জয়ন্ত পাঠকে৷
ঢ়েকীয়াজুলিত ৰাইজৰ মাজত আতংক, অধিকাংশই বুধবাৰে কটালে উজাগৰী নিশা
বুধবাৰে পুৱা ৭.৫২ বজাত অহা প্রবল ভূমিকম্পৰ অভিকেন্দ্র শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলিৰ ৰাইজে ভয়–শংকাত কটালে বুধবাৰে উজাগৰী নিশা৷ বুধবাৰে প্রচণ্ড কম্পনেৰে ৰাজ্য জোকাৰি যোৱা ৬.৪ প্রাবল্যৰ ভূমিকম্পটোৰ পাছতে ধাৰাবাহিকভাৱে কম প্রাবল্যৰ কেইবাটাও ভূমিকম্পই জোকাৰণি সৃষ্টি কৰাত ৰাইজে চৰম আতংকৰ মাজত নিশাটো উজাগৰে কটাব লগা হয়৷ ইফালে বৃহস্পতিবাৰে দিনৰ ভাগত এটা মৃদু ভূমিকম্পই জোকাৰি যায় সমগ্র ঢ়েকীয়াজুলি অঞ্চল৷ বিভিন্ন মাধ্যমত প্রকাশ পোৱা মতে কালি পুৱাৰে পৰা আজি এইপর্যন্ত হোৱা সৰু–বৰ ২০টা ভূমিকম্পই অভিকেন্দ্র ঢ়েকীয়াজুলিকে ধৰি সমগ্র ৰাজ্য জোকাৰি গৈছে৷ ইয়াৰে অহা বেছিসংখ্যক ভূমিকম্পৰ উৎপত্তিস্থল শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলিৰ কেইবাটাও অঞ্চল৷ ইয়াকে লৈ ঢ়েকীয়াজুলিৰ ৰাইজ অধিক শংকিত হৈ পৰা পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে ঢ়েকীয়াজুলিৰ তিনিখৰীয়া চাহ বাগিচাত উৎপত্তি হোৱা ৬.৪ প্রাব্যলৰ প্রথমটো ভূমিকম্পৰ জোকাৰণিত ৰাজ্যখনৰ ভিন্ন প্রান্তৰ লগতে সমগ্র ঢ়েকীয়াজুলি অঞ্চলৰ ৰাইজৰ সা–সম্পত্তিৰ বিস্তৰ ক্ষতি হয়৷ মাত্র এটা দিনৰ ভিতৰতে ১০টাতকৈ অধিক ভূমিকম্পৰ অভিকেন্দ্র হৈ পৰা শ্বহীদ নগৰী ঢ়েকীয়াজুলিক ভূমিকম্পপ্রৱণ অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে ৰেড এলার্ট এলেকা ঘোষণা কৰাৰো দাবী তুলিছে ঢ়েকীয়াজুলিৰ সচেতন ৰাইজ তথা বিভিন্ন দল–সংগঠনে৷ যিকোনো মুহূর্ততে প্রয়োজন হোৱাকৈ সকলো ধৰণৰ জৰুৰীকালীন সেৱা সাজু কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰ, জিলা প্রশাসন তথা দুর্যোগ প্রশমন বিভাগক আহ্বান জনাইছে শ্বহীদ নগৰীৰ সচেতন ৰাইজ তথা বিভিন্ন দল–সংগঠনে৷ প্রবল ভূমিকম্পৰ ফলত ঢ়েকীয়াজুলিৰ জয়নগৰৰ নজৰুল ইছলাম নামৰ লোকজনৰ গৃহৰ চোতালতো প্রবলভাৱে ফাট মেলাৰ তথ্য পোৱা গৈছে৷ বুধবাৰে অহা প্রবল ভূমিকম্পৰ ফলত ক্ষতিগ্রস্ত হোৱা অঞ্চলটোৰ ব্যক্তিগত আৰু ৰাজহুৱা সা–সম্পত্তিৰ লগতে ক্ষতিগ্রস্ত হোৱা বহুকেইখন বাগিচাৰ শ্রমিকৰ আৱাসসমূহ পুনৰ নির্মাণ আৰু ক্ষতিপূৰণ প্রদান কৰি বিপদগ্রস্ত ৰাইজক সহায় কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে শ্বহীদ নগৰীৰ দল–সংগঠনসমূহে৷
শোণিতপুৰত নিশা পাঁচটাকৈ ভূমিকম্পৰ মৃদু জোকাৰণি
কালি পুৱাৰ ভয়ংকৰ ভূমিকম্পৰ আতংকৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই জিলাবাসী৷ কাৰণ কালি পুৱাৰ অত্যধিক প্রাবল্যৰ এই ভূমিকম্পৰ পাছতেই ৰাইজ আৰু অধিক ভূমিকম্পৰ আশংকাত ত্রস্তমান হৈ থকাৰ মাজতে নিশা ডজাগৰী নিশা পাৰ কৰা শোণিতপুৰৰ ৰাইজে আন পাঁচটাকৈ সৰু–বৰ ভূঁইকঁপৰ মৃদু জোকাৰণিৰ সন্মুখীন হ’ল৷ সমগ্র নিশাটো আতংকিত হৈ বিনিদ্র ৰজনী কটোৱা ৰাইজে বাৰে বাৰে অহা ভূমিকম্পৰ ফলত নিজৰ জীৱনক লৈ শংকিত হৈ পৰা পৰিলক্ষিত হয়৷ কিয়নো পুৱাৰ পৰা মূল ভূমিকম্পৰ পাছত একেৰাহে সাত–আঠটাকৈ মৃদু ভূমিকম্পৰ জোকাৰণিৰ সন্মুখীন হোৱা ৰাইজে নিশা আকৌ পাঁচটাকৈ ভূমিকম্পৰ জোকাৰণিৰ সন্মুখীন হৈ স্বাভাৱিকতে অধিক শংকিত হৈ পৰে৷ নিশা ১২.২৪ বজাত পুনৰ প্রথমটো ভূমিকম্পৰ জোকাৰণি সৃষ্টি হয় আৰু শোণিতপুৰ অভিকেন্দ্র হিচাপে নিশ্চিত হোৱা এই ভূমিকম্পৰ প্রাবল্য আছিল ২.৬ ৰিখ্টাৰ স্কেল৷ সেইদৰে ইয়াৰ পাছতেই ১.২২ বজাত অহা দ্বিতীয়টো ভূমিকম্পৰ প্রাবল্য আছিল ৪.৬ ৰিখ্টাৰ স্কেল আৰু ইয়াৰো অভিকেন্দ্র আছিল তেজপুৰৰ পৰা ৩৯ কিলোমিটাৰ পশ্চিম দিশত৷ তৃতীয়টো ভূমিকম্প আহে নিশা ১ বাজি ৪১ মিনিটত আৰু শোণিতপুৰে অভিকেন্দ্র হিচাপে থকা এই ভূমিকম্পৰ প্রাবল্য আছিল ২.৩ ৰিখ্টাৰ স্কেল৷ একেদৰে চতুর্থটো আহিছিল ১ বাজি ৫২ মিনিটত আৰু ২.৭ ৰিখটাৰ স্কেলৰ এই ভূমিকম্পৰো ডৎস আছিল শোণিতপুৰেই৷ আনহাতে, নিশা ২ বাজি ৩৮ মিনিটত অহা অন্তিমটো অর্থাৎ কালি নিশাৰ পঞ্চমটো ভূমিকম্পৰ ডৎসও আছিল শোণিতপুৰেই আৰু ইয়াৰ ৰিখটাৰ স্কেল আছিল ২.৭৷ এই ভয়ংকৰ তথ্যই স্বাভাৱিকতে আজিও জিলাবাসীক আতংকিত কৰি ৰাখিছে৷
ভূমিকম্পৰ ক্ষয়–ক্ষতিৰ পর্যালোচনা–ভৱিষ্যত্ কর্মপন্থা নিৰূপণৰ বাবে মুখ্যমন্ত্রীৰ অধ্যক্ষতাত গুৰুত্বপূর্ণ বৈঠক
কালি অনুভূত হোৱা ভূমিকম্পৰ ক্ষয়–ক্ষতিৰ পর্যালোচনা আৰু ভৱিষ্যতে এই সন্দর্ভত গ্রহণ কৰিবলগীয়া পদক্ষেপসমূহৰ পর্যালোচনাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত আজি এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ উচ্চপদস্থ বিষয়াবর্গই কালিৰ ভূমিকম্পৰ ক্ষয়–ক্ষতিৰ বিষয়ে মুখ্যমন্ত্রী সোণোৱালক অৱগত কৰায়৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে কয় যে ১৮৯৬ চনৰ পৰা কালিলৈকে হোৱা সৰু–বৰ ভূমিকম্পসমূহৰ বিষয়ে ভালদৰে অধ্যয়ন কৰি ইয়াৰ ক্ষয়–ক্ষতি আৰু বিভিন্ন ভূমিকম্পৰ প্রকৃতি সম্বন্ধে এক বিস্তৃত অধ্যয়ন কৰাটো প্রয়োজন৷ এই অধ্যয়নৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে হ’ব পৰা এনেধৰণৰ দুর্যোগৰ সৈতে মোকাবিলা কৰাৰ এক সু–বিস্তৃত কর্মপন্থা যুগুত কৰিব লাগিব, যাতে এনেধৰণৰ দুর্যোগৰ ক্ষয়–ক্ষতিৰ পৰিমাণ হ্রাস কৰিব পৰা যায়৷ গৃহ নির্মাণৰ অনুমতিৰ ক্ষেত্রত কোনোধৰণৰ যাতে সুৰুঙা নাথাকে, সেইটো নিশ্চিত কৰিব লাগিব৷ ইয়াৰ বাবে গৃহ নির্মাণৰ বিধি আৰু নেচনেল বিল্ডিং ক’ড যাতে নিশ্চিত ৰূপত পালন কৰা হয়, সেইটো সুনিশ্চিত কৰিব লাগিব৷
গৃহ নির্মাণৰ এই বিধিসমূহ যাতে আখৰে আখৰে পালন কৰাটো নিশ্চিত কৰিব পৰা যায়, তাৰ বাবে এখন ‘এক্সপার্ট কমিটী’ গঠন কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ গৃহ নির্মাণৰ সময়ত ভূমিকম্প প্রতিৰোধী আর্হি ভালদৰে ৰূপায়ণ কৰাটো নিশ্চিত কৰিব লাগিব বুলি উল্লেখ কৰে৷ এই বৈঠকতে মুখ্যমন্ত্রীয়ে এই ‘এক্সপার্ট কমিটী’খন ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণ, লোকনির্মাণ বিভাগ আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ সদস্যৰে গঠন কৰাৰ বাবেও নির্দেশ দিয়ে৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে কয় যে আমাৰ ৰাজ্যখন যিহেতু ভূমিকম্পপ্রৱণ অঞ্চলত অৱস্থিত, সেয়েহে এই দিশত আমি অধিক সচেষ্ট হ’ব লাগিব৷ জাপান এখন ভূমিকম্পপ্রৱণ ৰাষ্ট্র৷ উন্নত প্রযুক্তিৰে গৃহ নির্মাণৰ লগতে জনসচেতনতা সৃষ্টি কৰি জাপানে ইতিমধ্যে ভূমিকম্পৰ সৈতে সহাৱস্থান কৰিবলৈ শিকিছে৷ জাপানে আর্থকুৱিক ৱার্নিং ছিষ্টেম এটা গঢ়ি তোলাৰ দিশত সক্ষম হৈছে৷ জাপানৰ সহযোগত এনেধৰণৰ প্রযুক্তি অসমলৈ আনি ভূমিকম্পৰ আগজাননী দিয়াৰ ব্যৱস্থা কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ মুখ্যমন্ত্রী সোণোৱালে জাপানৰ সৈতে এই দিশত যোগাযোগ চলোৱাৰ বাবেও নির্দেশ দিয়ে৷
কালিৰ ভূমিকম্পত ইতিমধ্যে ক্ষতিৰ সন্মুখীন হোৱা গৃহসমূহ কেনেদৰে পুনৰ সবলীকৰণ কৰিব পৰা যায়, তাৰ বিষয়ে এক বিস্তৃত জৰীপ কার্য চলোৱাৰ বাবেও তেওঁ নির্দেশ দিয়ে৷ আজিৰ বৈঠকতে মুখ্যমন্ত্রী সোণোৱালে ভূমিকম্পৰ দৰে দুর্যোগৰ সৈতে কেনেদৰে ক্ষয়–ক্ষতিৰ সন্মুখীন নোহোৱাকৈ মোকাবিলা কৰিব পৰা যায়, সেই দিশত এক ব্যাপক জনসচেতনতাৰ কার্যসূচী ৰাজ্যখনৰ চুকে–কোণে ৰূপায়ণ কৰাৰ পদক্ষেপ ল’বলৈ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণক নির্দেশ দিয়ে৷ এই সজাগতাৰ কার্যসূচীত বিদ্যালয়ৰ ছাত্র–ছাত্রীকে ধৰি সংশ্লিষ্ট সকলো পক্ষকে জডিত কৰোৱাৰ পদক্ষেপ লোৱাৰ কথা তেওঁ উল্লেখ কৰে৷ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে ভূমিকম্পৰ লেখীয়া দুর্যোগৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পাৰে, এই সম্বন্ধে মকড্রিল চলাই আছে যদিও এই মকড্রিল সঘনাই অনুষ্ঠিত কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়ে৷ ৰাজ্যত নির্মিত বহুমহলীয়া ভৱনসমূহত ব্যৱহূত লিফ্টসমূহ ঘৰৰ মূল গাঁথনিৰ ভিতৰত নাৰাখি বাহিৰত ৰখাৰ ব্যৱস্থা কৰিলে বহুতো দুর্যোগৰ পৰা হাত সাৰিব পৰা যাব বুলি উল্লেখ কৰি তেওঁ এনেধৰণৰ ব্যৱস্থাৱলী ৰূপায়ণৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে৷ ভূমিকম্প প্রতিৰোধী গৃহ নির্মাণ, ভূমিকম্পৰ সময়ত গ্রহণ কৰিবলগীয়া ব্যৱস্থা আদি সামৰি সংবাদ মাধ্যমসমূহৰ জৰিয়তে ব্যাপক সজাগতাৰ কার্যসূচী গ্রহণ কৰাৰ বাবেও মুখ্যমন্ত্রী সোণোৱালে আজিৰ বৈঠকত নির্দেশ দিয়ে৷ আজিৰ এই বৈঠকত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান সচিব নীৰজ বার্মা, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া জি ডি ত্রিপাঠী, অগ্ণিনির্বাপক, লোকনির্মাণ (গৃহ) আদি বিভাগৰউচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷