নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণীৰ নামপাৰাত বিদ্যুৎস্পৃষ্ট হৈ প্রাণ গ’ল ৬টা পশুধনৰ

বিদ্যুৎ বিভাগৰ গাফিলতিত কথমপি প্রাণৰক্ষা খেতিয়কৰঃ অঞ্চলজুৰি তীব্র উত্তেজনা

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ মহানগৰীৰ পার্শ্বৱর্তী বৃহত্তৰ ৰাণী অঞ্চলত আজি সৃষ্টি হয় এক শোকাৱহ ঘটনা৷ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত ছটাকৈ পশুৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়৷ বৃহত্তৰ ৰাণীৰ হকখাবডী, গুইমাৰী, কাঁহাৰপাৰা, নামপাৰাৰ সংলগ্ণ খেতিপথাৰত বৃহস্পতিবাৰে পুৱা প্রায় ৮.৪৫ বজাত ১১ হাজাৰ ভল্টৰ বৈদ্যুতিক তাঁৰ লাগি মৃত্যু হয় এই পশুধনৰ৷ গুইমাৰীৰ দৰিদ্র খেতিয়ক নলো ৰাভা, গংগা ৰাভা, অনন্ত শর্মা, নমুনা বডো আৰু কাঁহাৰপাৰাৰ হৰেন দাসৰ পশুধনৰ মৃত্যু হয়৷ কথমপি প্রাণৰক্ষা পৰে খেতিপথাৰলৈ অহা বহু খেতিয়ক আৰু শ শ পশুৰ৷ ঘটনাস্থলীত বিদ্যুৎ বিভাগৰ বিষয়া–কর্মচাৰীৰ লগতে আৰক্ষী উপস্থিত নোহোৱাত বহু সময় পৰিস্থিতি উত্তপ্ত হৈ পৰে৷

অভিযোগ অনুসৰি, স্থানীয় বিদ্যুৎ বিভাগৰ কর্মচাৰীয়ে বতাহ–বৰষুণ অহাৰ পিছত কোনোধৰণৰ আগতীয়াকৈ সম্ভাব্য বিদ্যুৎ বিচ্ছিন্ন হোৱা ঠাইসমূহৰ জৰাজীর্ণ পুৰণি বৈদ্যুতিক তাঁৰ সংলগ্ণ কাঠৰ খুঁটা–তাঁৰসমূহ পৰিদর্শন নকৰাকৈ বিদ্যুৎ সংযোগ কৰি দিয়াৰ ফলতেই আজিৰ দৰে পূর্বেও এনেধৰণৰ মর্মান্তিক দুর্ঘটনা সংঘটিত হৈ আহিছে৷ আজাৰা বৈদ্যুতিক সংমণ্ডলৰ অধীনৰ এই বৃহত্তৰ এলেকাটোৰ প্রায়ভাগ বিদ্যুতৰ খুঁটা, তাঁৰ জৰাজীর্ণ আৰু নিম্নমানৰ হোৱা বাবেই এনেধৰণৰ হূদয়বিদাৰক ঘটনা সংঘটিত হ’বলৈ পালে বুলি স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ৷

বহুবাৰ বৃহত্তৰ ৰাণীৰ ৰাইজে পুৰণি এইসমূহ কাঠৰ খুঁটাৰে বিপজ্জনকভাৱে বৈদ্যুতিক সংযোগ দিয়াৰ তীব্র বিৰোধিতা কৰি আধুনিক কাৰিকৰীৰে তাঁৰ–খুঁটাসমূহ, বিপজ্জনক স্থানসমূহ পুনৰ মেৰামতিৰ দাবী জনাই আহিছিল আজাৰা বৈদ্যুতিক সংমণ্ডল বিষয়াক৷ কিন্তু বিষয়াগৰাকীয়ে আজিকোপতি ৰাইজৰ এইসমূহ দাবীক আওকাণ কৰাৰ ফলতেই ৰাণীত বহুবাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে৷ ঘটনাস্থলীত উপস্থিত থকা ৰাইজে ভুক্তভোগী পৰিয়ালক উচিত ক্ষতিপূৰণ তথা বিভাগীয়ভাৱে উপযুক্ত সহায়–সহযোগিতা কৰিবলৈ দাবী জনায়৷

You might also like