শ্রমিক নেতা খুৰছিদ আলমৰ বিয়োগঃ প্রাক্তন ছাত্র নেতা–সম আন্দোলনৰ সক্রিয় কর্মী
নিয়মীয়া বাৰ্তা ১ মেঃ অসম আন্দোলনৰ সক্রিয় কর্মী, প্রাক্তন আছু নেতা, অসম ৰাজ্যিক পৰিবহণ নিগম কর্মচাৰী সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক খুৰছিদ আলমৰ আজি পুৱা ৮.৩০ বজাত উচ্চ ৰক্তচাপজনিত কাৰণত বালিপাৰা সোণকুৰিহাৰ নিজ বাসভৱনত মৃত্যু হয়৷ নলবাৰী জিলাৰ ঘগ্রাপাৰ ৰাজহ চক্র নিৱাসী আলমৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ নলবাৰীৰ জিলাস্থিত গাঁওখনত অসখ্য গুণমুগ্ধই ভিৰ কৰে৷ বালিপাৰা গাঁৱৰ প্রয়াত জহুৰ আলীৰ পুত্র খুৰছিদ আলম সৰুৰে পৰা জাতীয়তাবাদী আৰু সমাজহিতৈষী আছিল৷ সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বত হোৱা ছবছৰীয়া অসম আন্দোলনৰ সময়ত প্রয়াত আলমে পুলিচৰ দ্বাৰা বর্বৰভাৱে নির্যাতনৰ বলি হোৱাৰ লগতে কাৰাৰুদ্ধও হৈছিল৷ পৰৱর্তী সময়ত প্রয়াত খুৰছিদ আলমে গুৱাহাটীৰ অসম ৰাজ্যিক পৰিবহণ নিগমত কর্মচাৰী হিচাপে নিযুক্ত হয় আৰু ২০০০ চনৰ পৰা ২০১৬ চনলৈ অসম ৰাজ্যিক পৰিবহণ কর্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকৰ পদ অলংকৃত কৰে৷ তেওঁ ৰাষ্ট্রীয় মজদুৰ সন্থাৰো সম্পাদক আছিল৷
উল্লেখনীয় যে প্রয়াত আলমে তদানীন্তন পৰিবহণ মন্ত্রীদ্বয় অঞ্জন দত্ত আৰু চন্দন ব্রহ্ম আদিৰ সৈতে আলোচনা কৰি অসম ৰাজ্যিক পৰিবহণ নিগমক শক্তিশালী ৰূপত গঢ় দিছিল৷ তদুপৰি নলবাৰী জিলাৰ লগতে অসমৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাক জীৱিকাৰ পথ দেখুৱাবলৈ সক্ষম হোৱা প্রয়াত আলম আছিল নিজ গাঁওখনৰ লগতে গৰিব জনসাধাৰণৰ অন্নদাতা৷ উল্লেখ্য যে জাতীয়তাবাদী শ্রমিক নেতাগৰাকীয়ে ২০১৬ চনৰ বিধানসভা নির্বাচনত নির্দলীয় প্রার্থী হিচাপে অৱতীর্ণ হৈছিল৷ প্রয়াত আলমে সামাজিক–সাংস্কৃতিক আৰু শৈক্ষিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰি নিজ গাঁৱতে অর্থাৎ সোণকুৰিহা চ’কত ২০২০ বর্ষত ‘এক্সেল পাব্লিক একাডেমী’ নামৰ এটা শৈক্ষিক প্রতিষ্ঠান গঢ় দিছিল৷ শ্রমিক নেতাগৰাকীৰ গৃহত আজি ৰাজ্যিক পৰিবহণ কর্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰসহ সন্থাৰ আন আন বিষয়ববীয়াসকল উপস্থিত হয়৷ সাধাৰণ সম্পাদক লহকৰে কয় যে খুৰছিদ আলম এগৰাকী সুদক্ষ শ্রমিক নেতা আছিল৷
আনহাতে, সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় কার্যনির্বাহক ৰিয়াজউদ্দিন আহমেদে প্রয়াত আলমৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ আনহাতে, নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, উপ–সভাপতি কল্প ৰাজবংশী, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি শর্মা, সহকাৰী সম্পাদক তথা সাংবাদিক শ্বাহ আলম আহমেদ, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পার্থপ্রতিম শর্মা, হাইস্কুল শিক্ষক সন্থা নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক উমেশ দাস, নলবাৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকা, অসম প্রদেশ কংগ্রেছ সমিতিৰ সাধাৰণ সম্পাদক প্রদ্যুৎ ভূঞা, সমাজকর্মী বাবুল বসুমতাৰী, বৰাজোল আঞ্চলিক ছাত্র সন্থা, আল্লিয়া আঞ্চলিক ছাত্র সন্থা, অসম জাতীয় পৰিষদৰ কেন্দ্রীয় সমিতি আৰু নলবাৰী জিলা সমিতিৰ হৈ অমল ডেকা, শৰৎ কলিতা, নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্র ডেকা, তেওঁ প্রতিষ্ঠা কৰা এক্সেল পাব্লিক স্কুলৰ পৰিচালনা সমিতি, বৰাজোল হাট বজাৰ পৰিচালনা সমিতি, দুর্গা মন্দিৰ উন্নয়ন সমিতি, সোণকুৰিহা শ্রমিক সন্থা, বজাৰ পৰিচালনা সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ নেতৃবৃন্দই প্রয়াত আলমলৈ শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত প্রয়াত আলমে পত্নী, এজন পুত্র, দুগৰাকী কন্যাসহ বহু আত্মীয়–স্বজন আৰু গুণমুগ্ধক এৰি থৈ যায়৷ আবেলি ৪.৪৫ বজাত মৌলানা শ্বেখ জিয়াউৰ ৰহমানে তেওঁৰ জনাজা সম্পন্ন কৰে৷