ইছলামবিৰোধী মন্তব্যৰ বাবেই ক’ৰোনাত মৃত্যু হৈছে সাংবাদিকৰ
ফেচবুকত তীব্র সাম্প্রদায়িক মন্তব্য বিধায়ক আমিনুলৰ
নিয়মীয়া বাৰ্তা ২ মেঃ এগৰাকী জনপ্রতিনিধি৷ যিগৰাকী জনপ্রতিনিধিয়ে সকলো সময়তে দখল কৰি আহিছে সংবাদ শিৰোনাম৷ কিন্তু জনপ্রতিনিধিজনৰ ভাল গুণ বা ভাল কামৰ বাবে কেতিয়াও দখল কৰা নাই সংবাদ শিৰোনাম৷ তেওঁ একমাত্র সংবাদ শিৰোনাম দখল কৰিছে বিতর্কিত আৰু সাম্প্রদায়িক মন্তব্য আৰু দুর্নীতি–কেলেংকাৰিৰে৷ জনপ্রতিনিধিজনৰ লক্ষ্য উন্নয়ন নহয়, তেওঁৰ লক্ষ্য একমাত্র বিভাজন আৰু সমাজবিদ্বেষী৷ এইজন নির্লজ্জ, অকর্মণ্য তথা নিকৃষ্ট জনপ্রতিনিধি হ’ল ধিঙৰ বিধায়ক আমিনুল ইছলাম৷ ক’ৰোনা মহামাৰীয়ে সমগ্র দেশৰ লগতে সমগ্র বিশ্বত সংহাৰ মূর্তি ধাৰণ কৰাৰ পাছত লক্ষজনে নিজৰ প্রাণ আহুতি দিবলগীয়া হৈছে৷ তাৰ পৰা পৰিত্রাণ পোৱা নাই সংবাদ মাধ্যমৰ কর্মী তথা সাংবাদিকেও৷ কিন্তু গণতন্ত্রৰ চতুর্থ স্তম্ভ ৰক্ষাকৱচ এই সাংবাদিকসকলক লৈও মৃত্যুৰ পাছতো নিকৃষ্ট সাম্প্রদায়িক মন্তব্য কৰিবলৈ এৰা নাই ধিঙৰ নির্লজ্জ বিধায়ক আমিনুল ইছলামে৷
ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ মাধ্যম ‘আজ টক’ৰ বিশিষ্ট সাংবাদিক তথা জনপ্রিয় এংকৰ ৰোহিত ছার্ডানাকে আদি কৰি অসমৰো তিনিগৰাকীকৈ সাংবাদিকে ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে৷ আৰু ইয়াৰ পাছতেই কালি ছ’চিয়েল মিডিয়াযোগে বিধায়ক আমিনুল ইছলামে প্রকাশ কৰিছে যে সর্বশক্তিমান আল্লাই মানুহক নিজৰ ভুল শুধৰাবলৈ পর্যাপ্ত সময় দিয়ে৷ পাপ কর্ম কৰাৰ লগে লগেই কঠোৰ শাস্তি নিদিয়ে৷ গতিকে কোনেও চৰম অহংকাৰী, জালিম বা অত্যাচাৰীৰ ৰূপত নিজৰ ক্ষমতা প্রদর্শনৰ প্রতিযোগিতাত অৱতীর্ণ হ’ব নালাগে৷ সময়ৰ কোবাল সোঁতত প্রতিটো কৃতকর্মৰ ফলাফল লাভ কৰাটো নিশ্চিত৷ এইখিনিলৈকে ঠিকেই লিখিছিল৷ কিন্তু ইয়াৰ পাছত লিখিছে যে তীব্র মুছলিমবিদ্বেষী, পৰশ্রীকাতৰ, হিংসুক প্রকৃতিৰ একাংশ নেতা, সাংবাদিক, এংকৰে যোৱা বছৰটোত ক’ৰোনা বাহকৰ মিছা অভিযোগেৰে তবলিগ জামাতী, আলিম, উলেমা, মুছলমান, ইছলাম ধর্ম, ইছলামী দেশ আনকি স্বয়ং সৃষ্টিকর্তা আল্লাহ তালাক কিমান অকথ্য গালি–গালাজ পাৰিলে যে ভদ্র মানুহে শুনিব পৰা শক্তি নাছিল৷
আজীৱন অন্তৰত পুহি ৰখা ইছলাম বিদ্বেষৰ উদ্গীৰণ ঘটাই তেওঁলোকে আত্মহাৰা হৈছিল যদিও এই বছৰ সেই মিথ্যাচাৰীসকল এজন এজনকৈ ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰা দেখা গৈছে৷ যিটো কথা সমগ্র ভাৰতবর্ষত ব্যাপকভাৱে চর্চিত হৈছে ইত্যাদি ইত্যাদি৷ এনে বিতর্কিত মন্তব্য প্রকাশ কৰিছে ধিঙৰ বিধায়িক আমিনুল ইছলামৰ নিজৰ ফেচবুক পেজত৷ ফেচবুকত এই পোষ্টটো দিয়াৰ পাছতেই বৰষুণ পৰাৰ দৰেই আমিনুলক তীব্র সমালোচনা আৰু গালি–গালাজেৰে থকা–সৰকা কৰিলে হাজাৰজনে৷ কিয়নো ইছলাম ধর্ম মতে মৃত্যুৰ পাছত কোনো ব্যক্তিক সমালোচনা কৰা বা হিংসামূলক বক্তব্য কৰাটো সম্পূর্ণ ইছলামবিৰোধী৷ তেনে ক্ষেত্রত এগৰাকী ধর্মগুৰুৰ পুত্র তথা হাজী আমিনুলে অকল মৃত সাংবাদিক, নেতাকে নহয়, তেওঁ ইছলাম ধর্মকো বিপথে পৰিচালনা কৰিছে বুলি ইছলাম ধর্মাৱলম্বী লোকৰ মাজত ব্যাপক চর্চা লাভ কৰিছে৷ এই মন্তব্য প্রকাশ পোৱাৰ লগে লগেই ইছলাম ধর্মৰ একাংশ লোকৰ লগতে সমাজৰ সচেতন ব্যক্তিসকলে তীব্র গৰিহণা দিয়াৰ লগতে আগন্তুক দিনত এনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিয়ে বিধায়ক আমিনুলক৷ ইয়াৰ পূর্বেও বিগত বর্ষতো এই মহামাৰী ক’ৰোনাক লৈ কৰা বিতর্কিত মন্তব্য বাবে জে’লৰ ভাত খাব লগা হৈছিল এইগৰাকী নিকৃষ্ট বিধায়কে৷ মুঠৰ ওপৰত এইগৰাকী বিতর্কিত তথা নিকৃষ্ট জনপ্রতিনিধিয়ে কেৱল বিতর্কিত আৰু সাম্প্রদায়িক মন্তব্যৰে পাৰ কৰিলে দহ বছৰীয়া বিধায়ক কার্যকাল৷