নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতলৈ অক্সিজেন কনচেনট্রেটৰ প্রেৰণ ইউনিচেফৰ

ক’ভিড মহামাৰী প্রতিৰোধী যুঁজত ৰাষ্ট্রসংঘৰ সাহায্য অভিযান

নিয়মীয়া বাৰ্তা ২ মেঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰত ভয়াৱহভাৱে আক্রান্ত হোৱা ভাৰতক এই মুহূর্তত বিশ্বৰ বিভিন্ন দেশ তথা সংস্থাই চিকিৎসা সাহায্য প্রদানৰ বাবে আগবাঢ়ি আহিছে৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ শিশুৰ সংস্থা ইউনিচেফে ভাৰতলৈ প্রেৰণ কৰিছে ৩,০০০ অক্সিজেন কনচেনট্রেটৰ তথা ক’ভিড মহামাৰীৰ সৈতে যুঁজ দিবলৈ বিভিন্ন চিকিৎসা সঁজুলি আৰু সামগ্রী৷ স্মর্তব্য যে উত্তৰ–পূব ভাৰত আৰু মহাৰাষ্ট্রত অক্সিজেন যোগানৰ বাবে ইতিমধ্যে ইউনিচেফে ২৫টাকৈ অক্সিজেন প্লেণ্ট স্থাপনত বিভিন্ন ধৰণে সহায় আগবঢ়াইছে৷ ইয়াৰ উপৰি দেশজুৰি থার্মেল স্ক্রেনাৰ স্থাপনৰ ক্ষেত্রতো সাহায্য আগবঢ়াইছে সংস্থাটোৱে৷

ক’ভিড মহামাৰীৰ এই দ্বিতীয় জোৱাৰৰ মোকাবিলা কৰাৰ ক্ষেত্রত আন্তর্জাতিক সংস্থাটোৱে ভাৰতক আগবঢ়োৱা সাহায্যৰ বিষয়টোক বিভিন্ন মহলে প্রশংসা কৰিছে৷ ইফালে ইউনিচেফৰ তৰফৰ পৰা ভাৰতে প্রস্তুত কৰা ভেকচিন যাতে দেশৰ সকলো বয়সৰ লোকে শীঘ্রে লাভ কৰিব পাৰে, এইক্ষেত্রতো সহায় আগবঢ়োৱাৰ প্রতিশ্রুতি দিছে৷ ৰাষ্ট্রসংঘৰ মুৰব্বী এণ্টনি’ গুটেৰেছৰ উপ–মুখপাত্র ফাৰহান হকে ছ’চিয়েল মিডিয়া টুইটাৰযোগে ঘোষণা কৰিছে যে ভাৰতত ক’ভিড মহামাৰীৰ এই ভয়াৱহ সংক্রমণক লৈ বিশ্বৰ সর্বোচ্চ সংস্থাটো উদ্বিগ্ণ৷ এই সময়ত ভাৰতৰ জনসাধাৰণৰ প্রতি একতা প্রদর্শন কৰি এণ্টনি’ গুটেৰেছে বিশ্বৰ দ্বিতীয় জনবহুল ৰাষ্ট্রখনক ক’ভিড মহামাৰীৰ মহাসংহাৰৰ পৰা পৰিত্রাণ পাবলৈ বিভিন্ন ধৰণে সহায় কৰাৰ প্রয়োজন আছে বুলি উল্লেখ কৰিছে৷

You might also like