নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ যুঁজত ভাৰতক উল্লেখযোগ্য সহায় আগবঢ়োৱা হৈছে

নিয়মীয়া বাৰ্তা ৬ মেঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ বিৰুদ্ধে ভাৰতৰ যুঁজত আমেৰিকা যুক্তৰাষ্ট্রই উল্লেখযোগ্য সহায় আগবঢ়াইছে৷ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে যোৱানিশা ক’ভিড–১৯ যুঁজত ভাৰতৰ লগতে আন ৰাষ্ট্রকো সহায় কৰা বুলি উল্লেখ কৰি কয়– আমি ব্রাজিলক সহায় কৰি আছোঁ৷ ভাৰতকো উল্লেখযোগ্য সহায় আগবঢ়াই আছোঁ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে বার্তালাপ কৰিছোঁ৷ বার্তালাপৰ সময়ত তেওঁলোকে ভেকচিন প্রস্তুত কৰাৰ বাবে অতি আৱশ্যকীয় সামগ্রী আৰু বিভিন্ন বিষয়ে কৈছে৷ আমি এইবোৰ প্রেৰণ কৰি আছোঁ৷

হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত ৰাষ্ট্রপতি গৰাকীয়ে পুনৰ কয়– আমি তেওঁলোকলৈ অক্সিজেন পঠিয়াইছোঁ৷ বিভিন্ন সামগ্রী পঠিয়াই আছোঁ৷ গতিকে ভাৰতৰ বাবে আমি বহু কৰি আছোঁ৷ ইউনাইটেড ষ্টেট এজেণ্ট ফৰ ইণ্টাৰনেচনেল ডেভেলপমেণ্ট (ইউএছএআইডি)ৰ দ্বাৰা ছখন সামগ্রী কঢ়িওৱা বিমান ইতিমধ্যে আমেৰিকাৰ পৰা ভাৰতলৈ ৰাওনা হৈছে৷ ইয়াত স্বাস্থ্য সেৱাৰ বাবে সামগ্রী, অক্সিজেন চিলিণ্ডাৰ, এন–৯৫ মাস্ক আৰু ঔষধ আছে৷উল্লেখ্য যে ভাৰতৰ বন্ধু দেশহৈও আমেৰিকা যুক্তৰাষ্ট্রই ক’ভিড–১৯ যুঁজৰ সময়ত ভেকচিন প্রস্তুত কৰা কেঁচা সামগ্রীকে ধৰি বিভিন্ন সম্পদ ভাৰতক দিবলৈ আগ্রহ নেদেখুওৱা বিষয়টোক লৈ হোৱাইট হাউছ বিশ্বজুৰি নিন্দিত হৈছে৷ ইয়াৰ পাছতেই মার্কিন প্রশাসনে ভাৰতক ক’ভিড–১৯ যুঁজত সহায়ৰ বাবে আগবাঢ়ি আহিছে৷

You might also like