প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিংৰ মৃত্যু
নিয়মীয়া বাৰ্তা ৬ মেঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ মৃত্যু ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকী কভিড আক্ৰান্ত হৈ আছিল। বৃহস্পতিবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷
উল্লেখ্য যে ১৯৯২ চনত অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা মাতংগ সিঙে ১৯৯৪ চনৰ পৰা ১৯৯৮ চনলৈ ৰাজ্যিক সংসদীয় পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰিছিল ৷
আনহাতে মন্ত্ৰী গৰাকীয়ে সাৰদা চিটফাণ্ড কেলেংকাৰীত যোৱা ৩১ জানুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। যদিও সিং দুৰ্নীতি অভিযোগত গ্ৰেপ্তাৰ হৈছিল তথাপিও তেওঁ অসমৰ প্ৰথমটো ছেটেলাইট চেনেলৰ আৰম্ভণি কৰিছিল।