তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ১৫ মে’: আজি তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
চিকিৎসালয়ত উপস্থিত হৈ বুজ ল’লে জিলাখনৰ ক’ভিড পৰিস্থিতি।
উল্লেখ্য যে শুকুৰবাৰে এক সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই কয়– ৰাজ্যত বর্তমান লকডাউনৰ কোনো সম্ভাৱনা নাই৷ কিন্তু গুৱাহাটী, ডিব্রুগড় আৰু তিনিচুকীয়াত ক’ৰোনাৰ সংক্রমণ অধিক বৃদ্ধি হৈ আছে৷ এনে পৰিপ্রেক্ষিতত অহা সাত দিনৰ ভিতৰত যদি পৰিস্থিতি উন্নত নহয়, তেন্তে বর্তমান চলি থকা নিষেধাজ্ঞাৰ বিপৰীতে বলৱৎ কৰা হ’ব অধিক কঠোৰ বাধা–নিষেধাজ্ঞা৷