নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুত দিন দুপৰতে ব্যৱসায়ীক গুলিয়াই হত্যা

নিয়মীয়া বাৰ্তা, ১৫ মে’:  ডিফু-ধনশিৰী পথৰ হাতীকেম্পত এজন যুৱকক গুলীয়াই হত্যা। দেৱজিৎ সিনহা নামৰ যুৱকজনক গুলীয়াই হত্যা অচিনাক্ত যুৱকৰ। শূণ্য দূৰত্বৰ পৰা পিষ্টলেৰে মূৰত গুলীয়াই হত্যা কৰে দেৱজিৎ সিনহাক।

উল্লেখ্য যে মোবাইল ব্যৱসায়ী দেৱজিৎ সিনহাৰ ঘৰ ডিফু চহৰৰ শিতলাবাৰীত। ডিফুৰ পৰা বাইকেৰে ধনশিৰীৰ মাহীয়েকৰ ঘৰলৈ গৈ আছিল যুৱকজন। যুৱকজনৰ সৈতে বাইকখনত গৈছিল এগৰাকী যুৱতীও।

 ঘটনা বিৱৰণী মতে, ডিফুৰ পৰা বাইকেৰে ধনশিৰীৰ মাহীয়েকৰ ঘৰলৈ গৈ থকা অৱস্থাতে  হাতীকেম্পত দুই অচিনাক্ত যুৱকে আগভেটি ধৰে যুৱকজনক। কিছু সময় তৰ্কাতৰ্কি লিপ্ত হোৱাৰ পাছতেই গুলীয়াই হত্যা কৰে। তাৰ পাছতেই দেৱজিতৰ বাইকখন লৈ পলাই যাই দুই হত্যাকাৰী।

বৰ্তমান ঘটনাস্থলীত আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই ঘটনাই এতিয়া সমগ্ৰ ডিফু চহৰত তীব্ৰ চাঞল্যৰ সৃষ্টি কৰিছে ।

You might also like