নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: ব্যৱসায়ত নতুন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বেয়া নহয়৷ প্রাপ্য ধন লাভৰ সম্ভাৱনা৷ শুভ ৰং পাতল হালধীয়া বা ক্রীম ৰং৷ যাত্রাৰ সময়ত এই ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ১৷
বৃষ: কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ দাম্পত্যত ভালেই দেখা যায়৷ আজি আপুনি বিষ্ণু মন্দিৰত পূজা কৰিব আৰু নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰং নীলা৷ নীলা ৰঙৰ কাপোৰ পিন্ধি যাত্রা কৰিব৷ শুভ সংখ্যা ৪৷
মিথুন: হঠাৎ ধন প্রাপ্তিৰ যোগ আছে৷ ব্যৱসায়ত মধ্যম৷ আকস্মিক সংযোগত সুখ৷ যাত্রা কৰিলে পুৱা ভাগত কৰিব আৰু প্রথম যাত্রাটো পূব দিশত কৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷
কর্কট: ব্যৱসায়ত লাভৰ সংযোগ৷ প্রাপ্য ধন পোৱাৰ সম্ভাৱনা৷ যাত্রা দিনৰ দহ বজাৰ পিছত কৰিব৷ সন্ধ্যা শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ২৷
সিংহ: অনুকূল দিন৷ বিদ্যার্থীসকলে ৰঙা ফুলেৰে পূজা কৰি হাতত ৰঙা সূতাৰে তিনি পাকদি বান্ধি ল’ব৷ আজি ৰঙা আপোনাৰ শুভ ৰং৷ যাত্রাদি কৰিব পাৰে৷ শুভ সংখ্যা ৩৷
কন্যা: ঘৰুৱা সমৃদ্ধি বৃদ্ধি পাব৷ কর্মক্ষেত্রত মর্যাদা হানি হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ শুভ ৰং গুলপীয়া৷ শুভ কর্মত আগবাঢ়িব পাৰে৷ যাত্রা শুভ৷ শুভ সংখ্যা ৯৷
তুলা: শৰীৰ ভালেৰে যোৱা টান৷ আর্থিকত বেয়া নহয়৷ কর্মক্ষেত্রত যোগ্যতা থাকিব৷ আজি আপুনি আকাশীৰং ব্যৱহাৰ কৰিব৷ এই ৰঙৰ ব্যৱহাৰে আপোনাৰ সফলতা অটুট ৰাখিব৷ শুভ সংখ্যা ৬৷
বৃশ্চিক: শুভ সংকট৷ বুদ্ধিৰ প্রসাৰ বৃদ্ধি পাব৷ পুৱা–গধূলি শিৱৰ মন্ত্র জঁপ কৰিব৷ ৰাতি নিৰামিষ আহাৰ খাব৷ কমলা আপোনাৰ শুভ ৰং৷ লগত এখন বগা ৰুমাল ৰাখিব৷ শুভ সংখ্যা ৭৷
ধনু: আর্থিক প্রাপ্তি থাকিলেও খৰচ নকমিব৷ ৰাজহুৱা কামত যোগাযোগ৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ ৰং মেৰুণ৷ মেৰুণ ৰং ব্যৱহাৰ কৰক৷ পৰাপক্ষত যাত্রা নকৰিব৷ শুভ সংখ্যা ২৷
মকৰ: ব্যৱসায়িক যোগাযোগত ভাল যদিও আর্থিক দিশত উন্নত নহ’ব৷ সন্তানৰ চিন্তা থাকিব৷ আজি আপুনি ক’লা ৰঙৰ কাপোৰ পিন্ধিব৷ ক’লা আপোনাৰ শুভ ৰং৷ যাত্রাদিত ভালেই৷ শুভ সংখ্যা ৩৷
কুম্ভ: ঘৰুৱা পৰিৱেশ মজলীয়া৷ আর্থিক লেনদেনত সাৱধান হওক৷ দূৰ ভ্রমণৰ যোগ আছে৷ শুভ কর্ম কৰিব পাৰে৷ শুভ বর্ণ ক্রীম ৰং৷ ভ্রমণৰ সময়ত এই ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৫৷
মীন: ব্যৱহাৰিক দিশত শান্তি থাকিব৷ পঢ়া–শুনাত শুভ৷ কর্মক্ষেত্রত খ্যাতি লভিব৷ আপোনাৰ শুভ ৰং হালধীয়া৷ আজি হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ শুভ সংখ্যা ১৷

You might also like