নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লাভ ইউ জিন্দেগী’ৰ যুৱতীৰ মৃত্যুত শোক ছনুৰ

বলীউডৰ অভিনেতা তথা মানৱহিতৈষী হিচাপে চিহ্ণিত হৈ অহা ছনু ছুডে ক’ভিড–১৯ ইমাৰজেঞ্চী ৱার্ডত চিকিৎসাধীন যুৱতী এগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷ ডাঃ মণিকা লাংগেহে এই যুৱতীগৰাকীক লৈ ‘লাভ ইউ জিন্দেগী’ শীর্ষক এক ভিডি’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল৷ ছ’চিয়েল মিডিয়া প্লেটফর্মত এই ভিডি’ই জ্বৰ তুলিছিল৷ কালি লাভ ইউ জিন্দেগী ভিডি’ৰ যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি ডাঃ মণিকা লেংগেহে টুইটাৰযোগে ঘোষণা কৰিছে৷

অভিনেতা ছুডে আজি গভীৰ শোক প্রকাশ কৰি কৈছে যে এয়া অতি দুখজনক ঘটনা৷ যুৱতীগৰাকীয়ে কল্পনা কৰা ধৰণে পুনৰ পৰিয়ালক লগ নাপায়৷ সুন্দৰ জীৱন এতিয়া ভয়াৱহ হৈ পৰিছে বুলি আক্ষেপ প্রকাশ কৰে ছুডে৷ অভিনেতাগৰাকীৰ এই শোকবার্তায়ো এতিয়া ছ’চিয়েল মিডিয়াত আলোড়ন সৃষ্টি কৰিছে৷

You might also like