আলোচনাৰ আহ্বানক প্রশংসা পৰেশ বৰুৱাৰঃ এয়া মুখ্যমন্ত্রীৰ ইতিবাচক চিন্তা বুলি আমি বিবেচনা কৰিছোঁ
নিয়মীয়া বাৰ্তা, ১৬ মে’: ৰাজ্যৰ মুখ্যমন্ত্রী ৰূপে কার্যভাৰ লৈয়ে ড০ হিমন্ত বিশ্ব শর্মাই আলফা (স্বাধীন)ক আলোচনাৰ প্রতি আহ্বান জনাব বিচৰাটো অতিকে ধনাত্মক পদক্ষেপ বুলি অভিহিত কৰিছে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷
শনিবাৰে ‘নিয়মীয়া বার্তা’ৰে হোৱা টেলিফোনিক বার্তালাপত আলফা (স্বাঃ)ৰ মুখ সেনাধ্যক্ষজনে কয় যে অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে শপত লৈয়েই আলফা (স্বাঃ)ক আলোচনাৰ প্রতি আহ্বান জনাম বুলি কোৱাটো আমি মুখ্যমন্ত্রীজনৰ ইতিবাচক চিন্তা ৰূপে বিবেচনা কৰিছোঁ৷ বিগত ৪০ বছৰীয়া সংগ্রামৰ ইতিহাসত ৰাজ্যৰ মুখ্যমন্ত্রী এজনে শপত লৈয়েই এনেদৰে আলোচনালৈ আহ্বান জনাব বিচৰাটো এয়ে প্রথম৷ সেই বাবে নৱনির্বাচিত মুখ্যমন্ত্রীগৰাকীৰ এনে চিন্তাক আমি সন্মান জনাইছোঁ আৰু তেওঁৰ এনে কার্যৰ প্রশংসা কৰিছোঁ৷
ৰাজ্যৰ নৱনির্বাচিত মুখ্যমন্ত্রীজনে এই সমস্যাটো উপলব্ধি কৰা বাবেই পোনপ্রথমৰ পৰাই ধনাত্মক দৃষ্টিভংগীৰে আগবাঢ়িব বিচৰাটো শুভ লক্ষণ৷ নৱনির্বাচিত মুখ্যমন্ত্রীজনে ৰাজ্যৰ এই জ্বলন্ত সমস্যাটো বুজি উঠাটো অতিকে ইতিবাচক দিশ৷ সেই বাবেই তেওঁ শপত লৈয়েই আলোচনাৰ প্রতি আমাক আহ্বান জনাব বিচৰা কার্যৰ আমি প্রশংসা কৰিছোঁ৷
উল্লেখ্য যে অসমৰ নতুন মুখ্যমন্ত্রী ৰূপে ড০ হিমন্ত বিশ্ব শর্মাই শপতগ্রহণ কৰাৰ পাছতেই কেবিনেট সতীর্থসকলৰ সৈতে মিলিত হোৱাৰ পাছত অনুষ্ঠিত সংবাদ মেলত আলফা (স্বাঃ)কে ধৰি উগ্রপন্থী সংগঠনসমূহক আলোচনাৰ জৰিয়তে সমাধান সূত্রত উপনীত হোৱাৰ বাবে আহ্বান জনাব বুলি মন্তব্য প্রকাশ কৰিছিল৷
বিগত কেইমাহমান ধৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ আদি জিলাত আলফা (স্বাঃ)–এ অপহৰণৰ জৰিয়তে ব্যাপক তৎপৰতা অব্যাহত ৰখাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্রীজনৰ এনে আহ্বান যথেষ্ট তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছিল৷ মুখ্যমন্ত্রীৰ এই মন্তব্যৰ পাছত উগ্রপন্থী সংগঠনটোৰ তৰফৰ পৰা এই সন্দর্ভত কোনো আনুষ্ঠানিক বক্তব্য প্রকাশ পোৱা নাছিল যদিও সংগঠনটোৰ মুখ্য সেনাধ্যক্ষজনৰ শনিবাৰৰ এই বক্তব্য যথেষ্ট গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷ বিশেষকৈ শনিবাৰে সংগঠনটোৱে তিনি মাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতে মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বক্তব্য সন্দর্ভত কৰা মন্তব্য অতিকে তাৎপর্যপূর্ণ৷