এছিয়ান বক্সিঙত ভাৰতৰ অংশগ্রহণ অনিশ্চিত
নিয়মীয়া বাৰ্তা, ১৮ মে’: ডুবাইত হ’বলগীয়া আগন্তুক এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ প্রতিযোগিতাখনত ১০গৰাকী মহিলা বক্সাৰসহ ২০জনীয়া ভাৰতীয় দল এটাই অংশগ্রহণ কৰাৰ কথা আছিল যদিও দলটোৰ খেলুৱৈসকলে এতিয়ালৈকে ভিছা লাভ নকৰাত প্রতিযোগিতাখনত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে ভাৰতীয় দলৰ৷
২১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনত ভাৰতীয় দলটোৰ খেলুৱৈসকলে ভিছা লাভ নকৰাত হতাশ হৈ পৰিছে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সম্পাদক হেমন্ত কলিতাই৷ উল্লেখ্য যে প্রতিযোগিতাখন প্রথমতে নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ভাৰতত ক’ৰোনাৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত প্রতিযোগিতাখন নতুন দিল্লীৰ পৰা স্থানান্তৰ কৰি ডুবাইত আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল৷