নিয়মীয়া বাৰ্তা ১৯ মেঃ ক্রমশঃ জটিল ৰূপ ধাৰণ কৰা ক’ভিডে আতংকিত কৰি তুলিছে ৰাজ্যবাসীক৷ নিতৌ বৃদ্ধি পোৱা মৃত্যুৰ সংখ্যাই বুকু কঁপাই তুলিছে ৰাজ্যৰ প্রতিজন লোকৰ৷ ইয়াৰ মাজতে আশাৰ বতৰা কঢ়িয়াই আনিছে তিনিচুকীয়াৰ ৯১ বছৰীয়া এগৰাকী মহিলাই৷ প্রবল ইচ্ছাশক্তি আৰু চিকিৎসক–নার্ছৰ যত্নত ক’ভিডক যে পৰাস্ত কৰিব পাৰি তাৰ উদাহৰণ দাঙি ধৰিছে স্নেহলতা দত্তই৷ ক’ভিডৰ লক্ষণে দেখা দিয়াৰ পিছতে তেওঁক পৰীক্ষা কৰাত ক’ভিডত আক্রান্ত হোৱা বুলি ধৰা পৰে৷ পৰৱর্তী সময়ত তিনিচুকীয়াৰ ম’হখুলি মডেল হাস্পতালত ভর্তি কৰোৱা হৈছিল বৃদ্ধাগৰাকীক৷ কেইবাদিনো ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত আজি তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়৷ সম্প্রতি সুস্থ এইগৰাকী বর্ষীয়ান মহিলাৰ কাহিনী এতিয়া বহু ক’ৰোনা ৰোগীৰ বাবে হৈ পৰিছে অনুপ্রেৰণা৷
মঙলবাৰে হাস্পতালৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত সংশ্লিষ্ট চিকিৎসক–নার্ছসক তেওঁক এখন ফুলাম গমোচাৰে সম্বর্ধনা জনায়৷ সমান্তৰালভাৱে কোকৰাঝাৰৰ ৰূপনাথ ব্রহ্ম অসামৰিক চিকিৎসালয়ত এগৰাকী ক’ভিড পজিটিভ মাতৃয়ে জন্ম দিয়ে এটা সন্তান৷ বর্তমান নৱজাতকটি সম্পূর্ণ সুস্থ বুলি জানিব পৰা গৈছে৷
ইফালে, ৰাজ্যত কিছু পৰিমাণে হ্রাস পাইছে ক’ভিডৰ সংক্রমণ৷ মঙলবাৰে আক্রান্তৰ হাৰ হৈছে ৬.৪৭ শতাংশ৷ বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৫,৮৩৫জন লোক৷ মুঠ নমুনা পৰীক্ষা কৰা হৈছে ৯০,২৫১টা৷ আক্রান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৯২১জন৷ তদুপৰি নগাঁৱত ৪৫১জন, ডিব্রুগড়ত ৪৪৫জন আৰু কামৰূপ জিলাত ৪১০জন লোক ক’ভিডত আক্রান্ত হৈছে৷
সমান্তৰালভাৱে ক’ভিডত মৃত্যু হৈছে ৭৩জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ১৬জনেই কামৰূপ মহানগৰ জিলাৰ৷ সেইদৰে কামৰূপ জিলাত ৭জন, কাছাৰ–ডিব্রুগড়ত ৬জনকৈ, হোজাই–শোণিতপুৰত ৫জনকৈ, বৰপেটাত চাৰিজন, দৰং–নগাঁৱত তিনিজনকৈ, বাক্সা–বঙাইগাঁও–গোলা দুজনকৈ আৰু বিশ্বনাথ–গোৱালাপাৰ্ আংলং–মৰিগাঁও–তিনি এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷ আজি ক’ভিডৰ পৰা সুস্থ হোৱা ৰোগীৰ সংখ্যা ৪,৩১১জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৪৬,৩৯৩জন৷