নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিংৰাইত গ্রেনেড বিস্ফোৰণত জড়িত দুজনক গ্রেপ্তাৰ

তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা

নিয়মীয়া বাৰ্তা ১৯ মেঃ ডিগবৈৰ সমীপৱর্তী টিংৰাই বজাৰ অঞ্চলত যোৱা ১৪ মে’ত সংঘটিত গ্রেনেড বিস্ফোৰণৰ ঘটনাত দুজন নিৰীহ লোক নিহত হৈছিল৷ দুজন গুৰুতৰভাৱে আহত হৈ আজিও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ সমগ্র ঘটনাটোৰ অভিযোগ দি উচিত তদন্ত কৰিবলৈ ডিগবৈ থানাত পুৰণমল আগৰৱালাই এজাহাৰ দাখিল কৰিছিল৷ এজাহাৰৰ ভিত্তিত ডিগবৈ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২৬ (বি)/১২১/১২১(এ)/১২২/৩২৬/৩০৭/৩০২ ধাৰাত ১৩৬/২০২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত ক্ষিপ্রতৰ কৰি তুলিছিল৷

ঘটনাৰ পিছদিনা ১৫ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডিগবৈত উপস্থিত হৈ সমগ্র ঘটনাটোৰ বুজ লৈ আৰক্ষীক খৰতকীয়াকৈ তদন্ত কৰিবলৈ নির্দেশ দিছিল৷ যোৱা পাঁচ দিনত আৰক্ষীয়ে তদন্ত চলাই নাজিৰাটিং তামুলী বনগাঁৱৰ পৰা দ্বীপেন শইকীয়া নামৰ যুৱকজনক আটক কৰে যদিও পিছত মুক্তি দিছিল৷ মঙলবাৰে পুৱতিনিশা প্রায় ৪ বজাত তদন্তকাৰী এটা আৰক্ষীৰ দলে ডিগবৈ লক্ষীপথাৰ দেওঘৰীয়া গাঁৱত উপস্থিত হৈ বিপুল গগৈৰ পুত্র হীৰেন গগৈ ওৰফে মুনু (৩০)ক আটক কৰি ডিগবৈ থানালৈ আনি গোটেই দিনটো সোধা–পোছা কৰে৷ ইপিনে, আজি পুৱা প্রায় ১০ বজাত ১৮নং গাৰোৱালৰ ডিগবৈস্থিত সেনা ছাউনীৰ সেনাই লক্ষীপথাৰ দেওঘৰীয়া গাঁৱৰ দিগন্ত চাংমাইৰ পুত্র ৰঞ্জিত চাংমাইক (১৯) ঘৰৰ পৰা আটক কৰি প্রথমে সেনাৰ ছাউনীলৈ নি মাৰাথন জেৰা কৰি বিয়লি ডিগবৈ থানাত আৰক্ষীক গতাই দিয়ে৷

ইয়াৰে ৰঞ্জিত চাংমায়ে পালছাৰখন চলাইছিল আৰু হীৰেন গগৈ ওৰফে মুনুৱে গ্রেনেডটো দলিয়াইছিল বুলি চালক ৰঞ্জিতে সেনাৰ আগত প্রকাশ কৰিছে বুলি জানিবলৈ দিয়ে৷ যোৱা ১৪ মে’ৰ বিস্ফোৰণৰ ঘটনাৰ পিছত উজনি অসমৰ আৰক্ষী আয়ুক্ত জিৎমল দলে, নৱনিযুক্ত জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, মার্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পোনা গগৈ, তিনিচুকীয়া জিলাৰ একাধিক উচ্চপদস্থ আৰক্ষী বিষয়া আৰু ডিগবৈ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া নিকুঞ্জ বর্মনৰ লগতে ডিগবৈস্থিত ১৮নং গাৰোৱাল সেনা ছাউনীৰ সেনাৰ বৃহৎ সাফল্য বুলি সর্বত্র চর্চিত হৈছে৷ গ্রেনেড বিস্ফোৰণৰ ঘটনাৰ সৈতে ব্যৱহূত নম্বৰবিহীন পালছাৰ মটৰচাইকেল উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ তিনিচুকীয়া জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে কয় যে লক্ষীপথাৰ দেওঘৰীয়া গাঁৱৰ পৰা ঘটনাৰ সৈতে জডিত থকা সম্পর্কত আৰক্ষীয়ে বিশেষ সূত্রৰ আধাৰত দুজন যুৱকক আটক কৰিছে৷ তেওঁলোকক কৰা মাৰাথন জেৰাৰ অন্তত ঘটনা সংঘটিত কৰা বুলি স্বীকাৰোক্তিও দিছে৷

উল্লেখ্য যে ডিগবৈ টিংৰাই বজাৰ অঞ্চলত গ্রেনেড বিস্ফোৰণত সঞ্জীৱ সিং আৰু সুৰক্ষিত তালুকদাৰ নিহত হোৱাৰ উপৰি ঘনশ্যাম আগৰৱালা আৰু মনজিত দাস আহত হৈছিল৷ ইয়াৰে ঘনশ্যাম আগৰৱালাৰ অৱস্থা অধিক সংকটজনক হোৱাত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ আনহাতে গুৰুতৰভাৱে আঘাতপ্রাপ্ত ঘনশ্যাম আগৰৱালাক কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক সুৰেন ফুকনে তেওঁলোকৰ বাসগৃহত গৈ পৰিয়ালক এককালীন সাহায্য হিচাপে ১ লাখ টকা আৰু আঘাতপ্রাপ্ত মনজিত দাসক ২০ হাজাৰ টকা প্রদান কৰে৷

You might also like