নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড নিয়ন্ত্রণত কুশলতা দেখুৱাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

বৰপেটাত ক’ৰোনা পৰিস্থিতিৰ পর্যালোচনা সাংসদ আব্দুল খালেকৰ

নিয়মীয়া বাৰ্তা ২০ মেঃ ৰাজ্যত ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে কুশলতা দেখুৱাইছে বুলি মন্তব্য কৰিছে বৰপেটা লোকসভা সমষ্টিৰ কংগ্রেছী সাংসদ আব্দুল খালেকে৷ বুধবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত সাংসদ আব্দুল খালেকে বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদক লগত লৈ ক’ভিড পৰিস্থিতি পর্যালোচনা কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে৷

সাংসদগৰাকীয়ে বুধবাৰে দুপৰীয়া বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ সৈতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ আৰু বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীর্থনাথ শর্মাৰ সৈতে পর্যালোচনা বৈঠকখনত অংশগ্রহণ কৰে৷ বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি সাংসদ আৰু বিধায়কগৰাকীয়ে কয় যে আজিপর্যন্ত অবিভক্ত বৰপেটা জিলাত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ২,০৬৬ হৈ থকাটো উদ্বেগজনক৷

অৱশ্যে জিলাখনত এটাও কনটেইনমেণ্ট জ’ন নথকাটো শুভ লক্ষণ বুলি অভিহিত কৰে সাংসদগৰাকীয়৷ বৰপেটা জিলাৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণৰ ক্ষেত্রতো সকলো ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ চৰকাৰলৈ আহ্বান জনায়৷ তেওঁ লগতে কলগাছিয়াত থকা বৰপেটা অসামৰিক চিকিৎসালয়ৰ লগতে জিলাখনৰ বিভিন্ন স্থানৰ চিকিৎসালয়সমূহত অক্সিজেন প্রকল্প স্থাপন কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ এতিয়া ৰাজনীতি কৰাৰ সময় নহয় বুলি উল্লেখ কৰি শাসক–বিৰোধী উভয়ে ক’ভিডৰ সৈতে যুঁজিবলৈ মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা, বাৰে বাৰে হাতখন ধুই থকাৰ লগতে ক’ভিড প্রট’কল মানি কাম কৰি যাবলৈ সাংসদ আব্দুল খালেকে সকলোকে আহ্বান জনায়৷

You might also like