নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপ সন্দর্ভত ২৯ মে’ত বিচিচিআইৰ বিশেষ বৈঠক

আই পি এলৰ পৰৱর্তী মেচসমূহ আয়োজন সন্দর্ভতো চলিব আলোচনা

নিয়মীয়া বাৰ্তা ২০ মেঃ মাৰাত্মক ক’ভিড–১৯ৰ ভয়াৱহতাৰ বাবে ভাৰতত হ’বলগীয়া আগন্তুক আই চি চি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখন আয়োজনক লৈ অনিশ্চয়তা আহি পৰিছে৷ ক’ৰোনাৰ দ্বিতীয় জোৱাৰৰ বাবে আই পি এল আধাতে অনির্দিষ্টকাললৈ স্থগিত ৰখাৰ পিছত এইবাৰ টি–২০ বিশ্বকাপখনো ভাৰতত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে৷ দেশত ক’ৰোনা মহামাৰীৰ আতংক দিনকদিনে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত বিশ্বকাপখন আয়োজনক লৈ অনিশ্চয়তা আহি পৰাৰ মাজতে ভাৰতত অক্টোবৰ–নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপখন সন্দর্ভত আলোচনা কৰাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে অহা ১৯ মে’ত এখন বিশেষ সাধাৰণ বৈঠক আয়োজন কৰিছে৷ ভার্চুৱেলিভাৱে হ’বলগীয়া

এই বৈঠকখন সন্দর্ভত আটাইকেইখন ৰাজ্যিক ক্রিকেট এছ’চিয়েচনক পত্র প্রেৰণ কৰিছে বি চি চি আইৰ সম্পাদক জয় শ্বাহে৷ এই বৈঠকখনতে ভাৰতৰ নতুন ঘৰুৱা ক্রিকেট ছিজনৰ লগতে টি–২০ বিশ্বকাপ আৰু আধাতে অনির্দিষ্টকাললৈ স্থগিত ৰখা আই পি এলখন আয়োজন সন্দর্ভতো আলোচনা হ’ব৷ অৱশ্যে পত্রখনত জয় শ্বাহে টি–২০ বিশ্বকাপখন সন্দর্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই যদিও বৈঠকখনত আই চি চিৰ সন্মানীয় প্রতিযোগিতাখন আয়োজন সন্দর্ভত আলোচনা হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

যদি ক’ৰোনাৰ আতংক নকমে, তেতিয়াহ’লে বিশ্বকাপখন আয়োজনৰ বাবে প্রথম পছন্দৰ ঠাই হিচাপে বিবেচিত হ’ব পাৰে সংযুক্ত আৰব আমীৰ শ্বাহী৷ বিশ্বকাপখন যিকোনোপ্রকাৰে ভাৰতত আয়োজনৰ বাবে বি চি চি আয়ে চিন্তা–চর্চা কৰি আছে৷ যদি সম্ভৱ হয়, তেতিয়াহ’লে ভাৰতৰ মাত্র দুখন চহৰত টি–২০ বিশ্বকাপৰ মেচসমূহ আয়োজন হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ইপিনে, ১৯ মে’ত হ’বলগীয়া বি চি চি আইৰ বিশেষ সাধাৰণ বৈঠকখনত আই পি এলৰ পৰৱর্তী মেচসমূহ আয়োজনৰ ক্ষেত্রতো গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হ’ব৷ ভাৰতত সম্ভৱ নহ’লে ইংলেণ্ডত আই পি এলৰ বাকী থকা ৩১খন মেচ অনুষ্ঠিত কৰাৰ চিন্তা–চর্চা চলাইছে ব’র্ডে৷

You might also like