নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দলত অসমৰ শিৱ থাপা, লাভলিনা বৰগোহাঁহ

নিয়মীয়া বাৰ্তা ২০ মেঃ অসমৰ তাৰকা বক্সাৰ শিৱ থাপা আৰু লাভলিনা বৰগোহাঁয়ে আসন্ন এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিছে৷ উল্লেখ্য যে ক’ৰোনাৰ বাবে ভাৰতীয় নাগৰিকৰ বিদেশ যাত্রাত অহা প্রতিবন্ধকতাৰ মাজতে ভাৰতীয় বক্সিং সন্থাই সকলো সমস্যা সমাধান কৰি এতিয়া ডুবাইত হ’বলগা চেম্পিয়নশ্বিপখনলৈ ভাৰতৰ পুৰুষ–মহিলা দল প্রেৰণ কৰিবলৈ উদ্যোগ লৈছে৷ ভাৰতীয় বক্সিং সন্থা আৰু ইউ এ ই বক্সিং সন্থাৰ যুটীয়া উদ্যোগত ডুবাইত ২৪ মে’ৰ পৰা ১ জুনলৈ এছিয়ান বক্সিং প্রতিযোগিতাখন অনুষ্ঠিত হ’ব৷ ভাৰতীয় দলটোত আসন্ন টকি’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা আটাইকেইজন পুৰুষ–মহিলা বক্সাৰে স্থান লাভ কৰিছে৷ তদুপৰি অলিম্পিকত নথকা ওজন শাখাত দেশৰ শীর্ষস্থানপ্রাপ্ত বক্সাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ প্রতিযোগিতাখনৰ পুৰুষৰ ৪৯ কেজিত বিনোদ তনৱাৰ, ৫২ কেজিত অমিত পাংহাল, ৫৬ কেজিত মহম্মদ হুছামুদ্দিন, ৬০ কেজিত ৰবিন্দৰ সিং, ৬৪ কেজিত শিৱ থাপা, ৬৯ কেজিত বিকাশ কিষাণ, ৭৫ কেজিত আশিস কুমাৰ, ৮১ কেজিত সুমিত ছাংৱান, ৯১ কেজিত সঞ্জিৎ আৰু ৯১ কেজিৰ ঊর্ধ্বত নৰেন্দৰে অংশগ্রহণ কৰিব৷ ইফালে, মহিলা শাখাৰ ৪৮ কেজিত মণিকা, ৫১ কেজিত মেৰীকম, ৫৪ কেজিত সাক্ষী, ৫৭ কেজিত জেচমিন, ৬০ কেজিত ছিমৰনজিৎ কৌৰ, ৬৪ কেজিত লালবুৱাটচাইহি, ৬৯ কেজিত লাভলিনা বৰগোহাঁই, ৭৫ কেজিত পূজাৰাণী, ৮১ কেজিত স্বতি আৰু ৮১ কেজিৰ ঊর্ধ্বত অনুপমাই প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ উল্লেখ্য যে ভাৰতীয় দলটো ২২ মে’ত ডুবাইত উপস্থিত হ’ব৷

You might also like