বৰ্ষীয়ান শিল্পী অনুপমা ভট্টাচাৰ্যক ১ লাখ টকাৰ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ
নিয়মীয়া বাৰ্তা, ২৫ মেঃ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী শিল্পী অনুপমা ভট্টাচাৰ্যক আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই শিল্পীগৰাকীক প্ৰদান কৰে ১ লাখ টকাৰ চেক।
মহানগৰীৰ লখিমীনগৰৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী বৰাই চেক প্ৰদান কৰে বৰ্ষীয়ান শিল্পীগৰাকীক।
সংবাদ মাধ্যমৰ আগত মন্ত্ৰী বিমল বৰাই কয়, “অসমৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ ‘নটৰাজ থিয়েটাৰ’ৰ প্ৰথমগৰাকী নায়িকা অনুপমা ভট্টাচাৰ্যৰ খবৰ ল’বলৈ আমি আজি তেখেতৰ বাসগৃহলৈ আহিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক বাইদেউৰ খবৰ লোৱাৰ বাবে নিৰ্দেশ দিছিল। আজি আমাৰ চৰকাৰে বাইদেউলৈ আগবঢ়োৱা কিছু আৰ্থিক সাহায্য তেওঁৰ হাতত প্ৰদান কৰা হ’ল।”
As per instruction of the hon’bl #AssamCM @himantabiswa handed over a Chq of Rs. 1L to doyen of #Assamese performing arts and the 1st actress of #Assamese Mobile #Theatre Smt Anupama Bhattacharya who starred in Fani Sharma’s #Bhogjara pic.twitter.com/6KvZPLpj8b
— Bimal Borah (@BimalBorahbjp) May 25, 2021