নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচল সীমান্তৰ ৰোকচিনত ১০ কুইণ্টল ৰাজহুৱা বিতৰণৰ চাউল জব্দ

জোনাইত বহিঃৰাজ্য অৰুণাচললৈ সৰবৰাহ সুলভ মূল্যৰ চাউল

নিয়মীয়া বাৰ্তা, ২৫মে’: অতিমাৰী কৰোনা এই জটিল সংকটৰ সময়ত খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সাধাৰণ লোকৰ বাবে সুলভ মূল্যত দিয়া ৰাজহুৱা বিতৰণ বিধিৰ চাউল এতিয়া জোনাইত ক’লা বজাৰত বিক্রী হৈ থকাৰ লগতে গোপনে সৰবৰাহ হৈ আছে চুবুৰীয়া ৰাজ্য অৰুণাচললৈ। তাৰেই এক জলন্ত উদাহৰণ ফাদিল হ’ল সোমবাৰে জোনাইত। ১৫ নং ৰাষ্ট্রীয় ঘাইপথেৰে আজি ৰাতিপুৱা AS-15C-8985 নম্বৰৰ বলেৰ পিকআপৰ জৰিয়তে বহিঃৰাজ্য অৰুণাচল লৈ যোৱা অৱস্থাত অসম অৰুণাচল সীমান্ত ৰোকচিনত স্থানীয় লোকে পত্যক্ষ কৰে আৰু জোনাই মহকুমা প্ৰশাসনক খবৰ দিয়ে৷ লগে লগে জোনাই মহকুমা প্ৰশাসন ফালৰ পৰা দণ্ডাধিক প্ৰিতম কুমাৰ দাস, অসামৰিক যোগান বিভাগৰ  পৰিদৰ্শক শুভ লাহন আৰু কইলাশ বৰুৱা  উপস্থিত হৈ প্ৰায় ১০ কুইন্টল ৰাজহুৱা বিতৰণ বিধিৰ চাউল  জব্দ কৰে ৷

জব্দকৃত চাউল জোনাই বজাৰৰ  অজয় কুমাৰ আগৰৱালা ওৰফে মুন্না বাজাজ নামৰ ব্যসায়ীৰ জনৰ বুলি জানিব পৰা গৈছে ৷ বহু দিনৰ পৰাই এই অসাধু ব্যৱসায়ী জনে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চোৰাং বাবে বহি:ৰাজ্য অৰুণাচললৈ গোপনে যোগান ধৰি আহিছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে সমগ্র ৰাজ্যৰ লগতে জোনাই মহকুমাটো বিশেষ চক্রই ক’লা বজাৰত যোগান ধৰি আছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল৷ খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে যোগান ধৰা বিনামূলীয়াকৈ চাউল চৰকাৰী ৰেছনৰ দোকান আহি পোৱাৰ পূর্বেই অধিকাংশ চাউলৰ বস্তা গোপনে যায় ক’লা বজাৰলৈ৷ এই চাউলসমূহ ব্যৱসায়ীয়ে অধিক দামত গ্রাহকক বিক্রী কৰি আছে৷ এনেদৰেই এতিয়া চৰকাৰী সুলভ মূল্যৰ চাউলৰ নামত এক বৃহৎ চিণ্ডিকেট আৰু কেলেংকাৰী চলি আছে৷  কিন্তু ধৰা নপৰে এনে কার্যত জড়িত থকা দুষ্ট চক্র৷ বিশেষকৈ জোনাইত অব্যাহত থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰী আৰু চিণ্ডিকেট কার্যত জড়িত চক্রটোক সম্পূর্ণৰূপে উৎখাত কৰাত  খুদ মহকুমা দণ্ডাধিশে জব্দ কৰিবলৈ সক্ষম হোৱা চাউল আৰু কলা ব্যৱসায়ীৰ ওপৰত এতিয়া প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত স্পষ্ট হ’ব।

You might also like