নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰাঘৰৰ পৰাই চলি আছে ব্রিটিছে স্থাপন শিলঘাট আৰক্ষী চকী

নিয়মীয়া বাৰ্তা, ২৫মে’: ১৯৩৩ চনতে ব্রিটিছ শাসকে পৰিকল্পিত ৰাজহ টাউন হিচাপে স্বীকৃতি প্রদান কৰাৰ পূৰ্বেই অসমৰ মধ্যস্থল কলিয়াবৰৰ শিলঘাটৰ প্রয়োজনীয় আন্তঃগাঁথনি গঢ় দি লৈছিল৷ পৰৱর্তী সময়ত জলপথ, স্থলপথ আৰু ৰে’লপথেৰে সংযোজিত কলিয়াবৰ মহকুমাৰ অন্তর্গত শিলঘাটত ক্রমান্বয়ে ডাকঘৰ, চিকিৎসালয়, বিদ্যালয় আদিৰ লগতে শান্তি–শৃংখলা ৰক্ষাৰ বাবে ১৯৩০ চনতেই স্থাপন কৰা আৰক্ষী চকীটোৱে সম্প্রতি হত্তৰ অঞ্চলটোৰ স্বসাধাৰণ ৰাইজক নিৰাপত্তা দিয়াৰ নামত কেৱল সাক্ষীগোপাল হিচাপে থিয় হৈ থকাটোৱে অতিশয় দুর্ভাগ্যজনক লি তমান সময়ত বিেবচিত হৈছে৷ ক’বলৈ গ’লে ঢাল তৰোৱালবিহীন নিধিৰাম চর্দাৰৰ ৰূপত থকা আৰক্ষী চকীটো দীর্ঘদিন ধৰি ভাৰাঘৰতেই কার্য সম্পাদন কৰি আহিছিল যদিও পিছলৈ ঘৰৰ ভাৰা দিব নোৱৰাত আজি কেইবাবছৰো ধৰি শিলঘাটৰ ধৰমশালাতে আৰক্ষী চকীটোৰ কাম–কাজ চলাই থকাটো ইমান দিনে সকলোৱে প্রত্যক্ষ কৰি আহিছে৷

বিগত বছৰসমূহত কিমান চৰকাৰ আহিল আৰু গ’ল, কিমানজন মুখ্যমন্ত্রীয়ে শিলঘাট গৰকি গ’ল তাৰো লেখজোখ নাই৷ তাৰ পিছতো ৰাইজে আশা কৰা ধৰণে ফল নাপালে শিলঘাট্বাসী ৰাইজে৷ উল্লেখযোগ্য যে চৰকাৰী বিভিন্ন সা–সুবিধাৰ পৰা দীর্ঘদিন বঞ্চিত হৈ আহিলেও কিন্তু শিলঘাট আৰক্ষী চকীটোৱে হত্তৰ অঞ্চলবাসীৰ মাজত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ দুখনকৈ হৎ চাহ বাগিচা আৰু প্রায় ১৮খন হৎ গাঁৱৰ শান্তি–শৃংখলা ৰক্ষাৰ দায়িত্ব পালন কৰি অহা এই আৰক্ষী চকীৰ এলেকাৰ অন্তর্ভুক্ত অসম সম্বায় মৰাপাট কলটোও৷

আৰক্ষী চকীটোৰ উত্তৰ সীমাত আছে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ষষ্ঠ সংযোজনত অন্তর্ভুক্ত হোৱা মহাবাহু ব্ৰহ্মপুত্র৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে স্বাস কৰা এই অঞ্চলটোত সঘন চুৰি–ডকাইতিৰ ঘটনা ঘটে৷ লগতে ইতিপূৰ্বে কেইবাটাও হত্যাকাণ্ড সংঘটিত হৈছে৷ বন্দুক–বাৰুদ, পৰ্বিহণৰ ব্যৱস্থা অবিহনেই এজন আৰক্ষী উপ–পৰিদর্শক, দুজন কনিষ্ট্বল আৰু দুজন হোমগার্ডে চলাবলগীয়া হয় এই আৰক্ষী চকীটো৷

ৰাইজৰ নিৰাপত্তাত নিয়োজিত বিভাগীয় এইসকল বিষয়া–কর্মচাৰীয়ে সময়ে সময়ে নিজেই নিৰাপত্তাহীনতাত ভোগা পৰিলক্ষিত হয়৷ যোৱা ৯০ বছৰে চৰকাৰী নিজা ঘৰ নোহোৱাকৈ ভাৰাঘৰতেই চৰকাৰী কাম–কাজ চলাই থকাটোৰ সন্দর্ভত ২০০৩ চনৰ ২৪ জুলাইত উত্তৰ পূবথৰীয়া গাঁও পঞ্চায়তৰ সভাত পঞ্চায়তৰ অধীনত থকা চৰকাৰী এবিঘা পোন্ধৰ লেচা জোখৰ মাটি দাগ নম্বৰ ৭১ ডোখৰত আৰক্ষী চকীটো স্থানান্তৰ কৰাৰ এটা প্রস্তাৱ লোৱা হৈছিল৷ এই প্রস্তাৱ চৰকাৰৰ অনুমোদনৰ বাবে প্রেৰণ কৰা হৈছিল যদিও আজি পর্যন্ত তাৰ কোনো ফলাফল পোৱা নহ’ল৷ সেই সময়ত গৃহমন্ত্রীৰ দায়িত্বত থকা ৰকিবুল হুছেইনে শিলঘাটৰ এখন ৰাজহুৱা সভাত ইয়াক থানালৈ উন্নীতকৰণ কৰা হ’ব বুলি প্রতিশ্রুতি দিয়াৰ পিছতো আজি পর্যন্ত আৰক্ষী চকীটোৱে এনেদৰেই চৰম অৱহেলাৰ সাক্ষী হৈ থাকিব লগা কথাই আজিও প্রমাণ কৰে ৰাজ্য চৰকাৰৰ খোদ গৃহ বিভাগৰ বৰমূৰীয়াসকলৰ দায়িত্বৰ নমুনা৷ সেয়ে আগন্তুক দিনত আহিবলগীয়া নতুন চৰকাৰখনক এইক্ষেত্রত দৃঢ় পদক্ষেপ গ্রহণ কৰ্বিলৈ স্থানীয় ৰাইজে সজোৰে দাবী তুলিছে৷

You might also like