নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী আৰু পাছিঘাটৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৫মে’: কেন্দ্ৰৰ আঞ্চলিক সংযোগ আঁচনিৰ অংশ হিচাপে ফ্লাইবিগ এয়াৰলাইনছৰ দ্বাৰা গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ মাজত পোনপটীয়া বিমান সেৱা সোমবাৰে আৰম্ভ হয়।

ফ্লাইবিগৰ এক বিজ্ঞপ্তিত কোৱা হৈছে যে দেওবাৰে পূব চিয়াং জিলাৰ পাছিঘাট বিমানবন্দৰত ATR 72 বিমানখনে সুৰক্ষিতভাৱে অৱতৰণ কৰিছিল।

এই পোনপটীয়া বিমান সেৱাই পাচিঘাট, গুৱাহাটী আৰু কলকাতাক সংযোগ কৰিব।

পৰৱৰ্তী পৰ্যায়ত, পাচিঘাট আৰু মেঘালয়ৰ শ্বিলঙৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হ’ব। আনহাতে অৰুণাচল প্ৰদেশৰ তেজুক গুৱাহাটীৰ সৈতে সংযুক্ত কৰা হ’ব, যাৰ ফলত যাত্ৰীসকলৰ বাবে সুবিধাজনক হ’ব। বিজ্ঞপ্তিটোত এইদৰে কোৱা হৈছে।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে দেওবাৰে কয় যে উড়ান আঁচনিৰ অধীনত পোনপটীয়া বিমানে অঞ্চলটোত অৰ্থনৈতিক সুযোগ যথেষ্ট বৃদ্ধি কৰিব।

You might also like