নিয়মীয়া বাৰ্তা ২৬ মেঃ সংযোগী শিক্ষাকর্মীসকলৰ বাবে অচিৰেই বিশেষ টেট অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে অসম সংযোগী শিক্ষাকর্মী সন্থাই৷ উল্লেখ্য যে শিক্ষাকর্মীসকলৰ দীর্ঘদিনীয়া দাবীৰ প্রতি সঁহাৰি জনাই শিক্ষা বিভাগে যোৱা ২৮ ফেব্রুৱাৰীত বিশেষ টেট অনুষ্ঠি কৰিব বুলি জাননী জাৰি কৰাৰ লগতে পৰীক্ষাৰ বাবে এডমিট কার্ড প্রদান কৰিছিল৷ কিন্তু পৰীক্ষাৰ ১০ ঘণ্টাৰ পূর্বে নির্বাচনৰ অধিসূচনাৰ বাবে এই বিশেষ টেট সাময়িকভাৱে স্থগিত ৰাখে৷ বিগত দীর্ঘ সময় ধৰি শিক্ষাকর্মীসকলক নিয়মীয়া নিযুক্তিৰ বাবে আন্দোলন চলাই অহা শিক্ষাকর্মীসকলে এই টেটৰ জৰিয়তে এইবাৰ নিযুক্তি লাভ কৰিব বুলি আশা পালি আছিল যদিও টেট সাময়িকভাৱে স্থগিত ৰখাত এক অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে সমগ্র প্রক্রিয়া৷ আজি সংযোগী শিক্ষাকর্মী সন্থাই এই সন্দর্ভত উল্লেখ কৰে যে চৰকাৰে যিহেতু এক লাখ নিযুক্তিৰ ব্যৱস্থা কৰিব, সেয়েহে শিক্ষাকর্মীসকলৰ বিশেষ টেট অনুষ্ঠিত কৰি তেওঁলোকক শিক্ষক পদত পুনৰাই নিযুক্তি দিয়ক৷ কিয়নো, ৯০ শতাংশ শিক্ষাকর্মীৰ বয়সৰ সমস্যাই তেওঁলোকক চিন্তিত কৰি ৰাখিছে৷ এনে অৱস্থাত মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীয়ে সংযোগী শিক্ষাকর্মীসকলৰ সমস্যাক গুৰুত্বসহকাৰে ল’ব বুলি আশা প্রকাশ কৰিছে সন্থাৰ সাধাৰণ সম্পাদক চিৰাজুল হকে৷
Prev Post
Next Post