নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰিছবেন অ’পেনত খেলিব ছাৰাপ’ভাইঃ নাম প্ৰত্যাহাৰ ভেনাছৰ

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ ব্রিছবেন অ’পেনত অংশগ্রহণ কৰি চলিত বর্ষটোত অভিযান আৰম্ভ কৰাৰ লক্ষ্য লৈছে বিশ্বৰ প্রাক্তন শীর্ষ বাছনিৰ মহিলা খেলুৱৈ ৰাছিয়াৰ সুন্দৰী মাৰিয়া ছাৰাপ’ভাই৷ যোৱা বছৰৰ আগষ্ট মাহত ইউ এছ অ’পেনৰ প্রথম ৰাউণ্ডত ছেৰেনাৰ হাতত পৰাস্ত হোৱাৰে পৰা ক’টৰ বাহিৰত থকা ছাৰাপ’ভাই ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ব্রিছবেন অ’পেনত অংশগ্রহণ কৰিব৷ এই প্রতিযোগিতাখনত অংশগ্রহণ কৰি আসন্ন অষ্ট্রেলিয়ান অ’পেনৰ বাবে নিজকে সাজু কৰি তোলাৰ লক্ষ্য লৈছে ৰাছিয়াৰ টেনিছ খেলুৱৈগৰাকীয়ে৷ বিগত বর্ষত মাত্র ১৪খন মেচত ভাগ লোৱা ছাৰাপ’ভাক ব্রিছবেন অ’পেনত খেলাৰ বাবে উদ্যোক্তাই ৱাইল্ড কার্ড প্রদান কৰিছে৷ উল্লেখ্য যে ২০২০ বর্ষৰ ব্রিছবেন অ’পেনেই হ’ল প্রথমখন মহিলা টেনিছ প্রতিযোগিতা৷ ইফালে, বছৰটোৰ প্রথমখন প্রতিযোগিতাৰ পৰাই নাম প্রত্যাহাৰ কৰিলে আমেৰিকাৰ প্রবীণ টেনিছ খেলুৱৈ ভেনাছ উইলিয়ামছে৷ প্রতিযোগিতাখনৰ বাবে প্রস্তুতি চলাই থকাৰ সময়তে আজি ভেনাছে আঘাতপ্রাপ্ত হয় আৰু এই আঘাতৰ বাবে ৩৯ বছৰীয়া ভেনাছে প্রতিযোগিতাখনৰ পৰা নাম প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত ল’বলগীয়া হয়৷ অৱশ্যে ১২ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এডিলেইড ইণ্টাৰনেচনেল টেনিছ প্রতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে আমেৰিকাৰ খেলুৱৈগৰাকীয়ে৷

You might also like