নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ লাখ নিযুক্তিৰ বাবে প্রয়োজন ৩,৬০০ কোটি

মহামৃত্যুঞ্জয় মন্দিৰক আকর্ষণীয় পর্যটনস্থলী ৰূপে গঢ়িমঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ২৭ মেঃ ৰাজ্য চৰকাৰে এটা বছৰত এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ যি লক্ষ্য স্থিৰ কৰিছে, তাৰ বাবে চৰকাৰৰ দৰমহা দিয়াত বছৰি ব্যয় হ’ব ৩,৬০০ কোটি টকা৷ নগাঁও জিলাৰ মহামৃত্যুঞ্জয় মন্দিৰ দর্শন কৰি বুধবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে এক লাখ নিবনুৱাক চাকৰি দিয়াৰ যি সিদ্ধান্ত লৈছে, সেয়া কার্যকৰী কৰাৰ বাবে এবছৰৰ সময় লোৱা হৈছে৷ নিযুক্তিসমূহ কেনেদৰে সোনকালে দিব পৰা যায়, নিযুক্তি হৈ যোৱাৰ পাছত কেনেদৰে কোন স্থানত নিয়োগ কৰা হ’ব, আৰক্ষী বিভাগত কিমান পদ আছে, শিক্ষা বিভাগত কিমান পদ আছে, আন বিভাগত কিমান পদ আছে, সেইবোৰ নির্ধাৰণ কৰাৰ লগতে অদৰকাৰী পদ বিলুপ্ত কৰি দৰকাৰী স্থানত পদ স্থানান্তৰ কৰা আদি বহু কাম আছে৷ তাৰ বাবেই চৰকাৰে এটা বছৰৰ সময় লৈছে৷ একেলগে এক লাখক চাকৰি দিয়াটো সহজ কাম নহয়৷ চৰকাৰখনে কঠিন কাম এটা হাতত লৈছে৷ তদুপৰি সকলো বিভাগকে নিযুক্তিৰ বাবে পৰীক্ষা পাতিবলৈ দিলে কেতিয়াও নিযুক্তি সম্ভৱ নহ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই সকলো নিযুক্তি মেধাৰ ভিত্তিতহে হ’ব বুলি প্রকাশ কৰে৷

ইপিনে মুখ্যমন্ত্রী ড০ শর্মাই নগাঁও জিলাৰ মহামৃত্যুঞ্জয় মন্দিৰ দর্শন কৰি মন্দিৰটোক জিলাখনৰ এক আকর্ষণীয় পর্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবে জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বন আৰু লোকনির্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই মন্দিৰ চৌহদ আটকধুনীয়াকৈ সজাই–পৰাই তোলাৰ লগতে বৃক্ষৰোপণ কার্যসূচী গ্রহণ কৰিবলৈ সামাজিক বনানীকৰণ বিভাগক নির্দেশ দিয়ে৷ সেইদৰে ৰাষ্ট্রীয় ঘাইপথৰ পৰা মন্দিৰলৈ যোৱা পথটো দুইলেনযুক্ত পথলৈ ৰূপান্তৰিতকৰণৰ আঁচনিখন খৰতকীয়া ৰূপায়ণৰ বাবে লোকনির্মাণ বিভাগক নির্দেশ দিয়ে৷

মন্দিৰ চৌহদত যান–বাহনৰ বাবে পর্যাপ্ত পার্কিং ব্যৱস্থা গঢ়ি তোলাৰ লগতে মন্দিৰমুখী পথছোৱাত উপযুক্ত যান–বাহন ব্যৱস্থাপনাৰ দিহা কৰিবলৈও মুখ্যমন্ত্রী ড০ শর্মাই জিলা প্রশাসনক নির্দেশ দিয়ে৷ আনহাতে নগাঁও জিলাৰ বামুণী পাহাৰত কিছুদিন পূর্বে কেইবাটাই হাতীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা পর্যালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই উক্ত পাহাৰত ব্যাপক বৃক্ষৰোপণ অভিযান হাতত ল’বলৈ বন বিভাগক নির্দেশ দিয়ে৷ বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্রত স্থানীয় ৰাইজে এক গুৰুত্বপূর্ণ অংশীদাৰ হিচাপে গঢ়ি তোলাৰ স্বার্থত তেওঁলোকৰ কর্মসংস্থাপন তথা আত্মনিয়োজন সৃষ্টিৰ বাবে প্রয়োজনীয় কার্যসূচী গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷

মুখ্যমন্ত্রীৰ সৈতে আলোচনা কালত মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব বিধায়ক জয়ন্ত মল্ল বৰুৱা, নগাঁৱৰ বিধায়ক ৰূপক শর্মা আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীও উপস্থিত থাকে৷ ইফালে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ দর্শনৰ পাছত মুখ্যমন্ত্রী ড০ শর্মা কাজিৰঙাত উপস্থিত হয়৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ চোৰাং চিকাৰ ৰোধ, বন্যপ্রাণী সুৰক্ষা, নিৰাপত্তা, বানপানী আদি সম্পর্কত আলোচনা কৰাৰ বাবেই মুখ্যমন্ত্রীৰ এই কাজিৰঙা যাত্রা৷

বুধবাৰে নিশাটো কাজিৰঙাত কটাই কাইলৈ বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰা, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, বিত্তমন্ত্রী অজন্তা নেওগ, বনমন্ত্রী পৰিমল শুক্লবৈদ্য, পর্যটন মন্ত্রী বিমল বৰাৰ উপৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক, বন বিভাগৰ উচ্চপদস্থ বিষয়া, গোলাঘাট–কার্বি আংলং–নগাঁও–বিশ্বনা জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আদিৰে আলোচনাত মিলিত হ’ব৷

ইফালে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই আজি কৃষিমন্ত্রী অতুল বৰা আৰু সাংসদ প্রদান বৰুৱাৰ লগত কাজিৰঙাৰ ডিফলু পথাৰ আৰু মৰিয়াহুলা ছিগা মথাউৰি পৰিদর্শন কৰি মেৰামতিৰ বাবে ৫.৫ কোটি টকা মোকলাই দিয়ে৷ অহা ১৫ দিনৰ ভিতৰত মথাউৰিটোৰ কাম সম্পূর্ণ কৰিবলৈ মন্ত্রী হাজৰিকাই নির্দেশ দিয়ে৷ মথাউৰিটো নির্মাণ কৰাত মাটিৰ প্রয়োজন হ’লে কার্বি আংলং জিলাৰ পৰা অনাৰ পৰামর্শ দি মন্ত্রী হাজৰিকাই কয় যে এই সন্দর্ভত ইতিমধ্যে কার্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে তেওঁ আলোচনা কৰিছে৷
এক লাখ যুৱক–যুৱতীৰ নিযুক্তিক লৈ ৰাজ্য চৰকাৰৰ বিশেষ তৎপৰতা
বিত্তমন্ত্রী অজন্তা নেওগৰ অধ্যক্ষতাত উচ্চ পর্যায়ৰ কমিটীৰ অনুষ্ঠিত প্রথমখন বৈঠকত
নির্বাচনী প্রতিশ্রুতি অনুসৰিয়েই ৰাজ্যৰ ১ লাখ যুৱক–যুৱতীৰ নিযুক্তিৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম বিধানসভাত স্পষ্টকৈ ঘোষণা কৰিছে যে প্রতিশ্রুতি অনুসৰিয়েই চলিত বর্ষতে গণি গণি ১ লাখ যুৱক–যুৱতীক দিয়া হ’ব নিযুক্তি৷ এই তৎপৰতা অনুসৰি বিত্তমন্ত্রী অজন্তা নেওগৰ অধ্যক্ষতাত কালি অনুষ্ঠিত হৈ যায় উচ্চ পর্যায়ৰ কমিটীৰ প্রথমখন বৈঠক৷ এই বৈঠকত বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহত বিতং তথ্য এক সপ্তাহৰ ভিতৰতে কমিটীৰ ওচৰত দাখিল কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়া হয়৷ খালী হৈ থকা বিতং তালিকা দাখিলৰ পাছতেই অহা মঙলবাৰে পুনৰ অনুষ্ঠিত হ’ব নিযুক্তি সম্পর্কীয় দ্বিতীয়খন বৈঠক৷ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন বিভাগত কিমান পদ খালী হৈ আছে আৰু সেই পদসমূহ কিদৰে পূৰণ কৰা হ’ব অথবা পদসমূহ পূৰণৰ ক্ষেত্রত পুঁজিৰ নাটনি কিদৰে জোৰা মৰা হ’ব, এই সম্পর্কীয় বিস্তৃত বিশ্লেষণৰ বাবে বিত্তমন্ত্রী অজন্তা নেওগৰ অধ্যক্ষতাত এখন উচ্চ পর্যায়ৰ কমিটী গঠন কৰি দিয়া হৈছে৷ কালি প্রথমখন বৈঠকৰ পাছতেই আজি অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত বিত্তমন্ত্রী অজন্তা নেওগে এই সম্পর্কীয় এক বিস্তৃত প্রতিবেদন দাখিল কৰে৷ উল্লেখ্য যে ১ লাখ নিযুক্তিৰ প্রক্রিয়া তথা নীতি কিধৰণৰ হ’ব, সেয়া কেবিনেট বৈঠকত চূড়ান্ত কৰিব৷

You might also like