নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ কাঠমিল–দোকান ক্রেছাৰৰ ছিণ্ডিকেটৰ বাবে বিপুল বন ৰাজহ লোকচান

দক্ষিণ কামৰূপ বন সংমণ্ডলত অনিয়মেই নিয়ম

নিয়মীয়া বাৰ্তা ২৭ মেঃ বন বিভাগৰ বাবে অবৈধ বুলি বিবেচিত সকলো কার্যকলাপেই এতিয়া বৈধ হয় দক্ষিণ কামৰূপ বন সংমণ্ডলত৷  উক্ত সংমণ্ডলৰ শীর্ষ বিষয়াৰ ছত্রছায়াত অব্যাহত থকা অবৈধ কাঠ আৰু শিল–বালিৰ ছিণ্ডিকেটৰ বাবেই প্রতিমাহে বৃহৎ পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হৈছে বন বিভাগ৷ বাইহাটা–ৰঙিয়া–নলবাৰীৰ একাংশ অসাধু কাঠ ব্যৱসায়ীক লৈ গঠিত এই ছিণ্ডিকেট চক্রটোৱে এতিয়া দৰং–কামৰূপ–নলব্ আদি জিলাত অব্যাহত ৰাখিছে চোৰাং বার্মিজ আৰু অৰুণাচলী কাঠৰ অবৈধ বেহা৷ কোনো বৈধ নথি অবিহনে ছিণ্ডিকেট চক্রটোক    মাহিলি ভিত্তিত গুণ্ডাকৰ সংগ্রহ কৰি আহিছে ডিমাপুৰ–ৰুণাচলৰ পৰা অহা চোৰাং কাঠৰ ট্রাক–দোকান আৰু অবৈধ কাঠফলা মিলৰ পৰা৷ এই সমগ্র গুণ্ডাকৰ সংগ্রহ অভিযান সংমণ্ডলটোৰ শীর্ষ বন বিষয়াজনৰ পৃষ্ঠপোষকতাতে অব্যাহত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ অনুসৰি বৰপেটাত ১৮০টা, নলবাৰীত ১২৭টা, হাজোত ৩৪টা, চিলাত ২৫টা, মঙলদৈত ৪৩টা অবৈধ কাঠফলা মিল আছে৷ এই প্রতিটো মিলৰ পৰা মাহে ৪,০০০কৈ টকা গুণ্ডাকৰ হিচাপে ছিণ্ডিকেট চক্রটোৱে আদায় কৰে বুলি অভিযোগত প্রকাশ৷ আনহাতে সমগ্র বন সংমণ্ডলটোত প্রায় ৩০০খন কাঠৰ দোকান আছে৷ এই কাঠৰ দোকানসমূহৰ অধিকাংশ কাঠেই নথি–পত্রবিহীন চোৰাং কাঠ বুলি অভিযোগত প্রকাশ৷ অভিযোগ মতে এই দোকানসমূহৰ পৰা ছিণ্ডিকেট চক্রটোৱে মাহিলি ৩,০০০ টকাকৈ আদায় কৰি আহিছে৷

একেদৰে সংমণ্ডলটোৰ অধীনত থকা বৰপেটাত ২০টা, নলবাৰীত ৮টা, ৰঙিয়াত ৮টা, দৰঙত ১০টা আৰু চিলাত ২০টা অবৈধ শিল ভঙা ক্রেছাৰ মেচিন আছে৷ এই ক্রেছাৰ মেচিনসমূহৰ পৰা ছিণ্ডিকেট চক্রই মাহিলি ২০–৩০ হাজাৰ টকাকৈ আদায় কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বাইহাটাৰ জনৈক কাজি উপাধিৰ কাঠ মাফিয়াই এই ছিণ্ডিকেট চক্রটোৰ নেতৃত্ব দিয়াৰ লগতে সংমণ্ডলৰ শীর্ষ বন বিষয়াৰ হৈ ৰঙিয়াৰ কার্যালয়ৰ জনৈক আহমেদ উপাধিৰ এজন কর্মচাৰীয়ে গুণ্ডাকৰ সংগ্রহ কৰে বুলি প্রকাশ পাইছে৷

এই আহমেদ উপাধিৰ কর্মচাৰীজনে প্রতিজন বীট অফিচাৰৰ পৰাও পৃথকে শীর্ষ বন বিষয়াৰ নামত ধন আদায় কৰাৰ অভিযোগ আছে৷ এনে চোৰাং কাঠ আৰু ক্রেছাৰ মেচিনৰ বাবেই এতিয়া এই বৃহৎ বন সংমণ্ডলটোত প্রাপ্য ৰাজহ সংগ্রহত ব্যর্থ হোৱা বুলি অভিযোগত প্রকাশ৷ ইতিমধ্যে চৰকাৰ সলনি হোৱাৰ পাছত সংবাদ মাধ্যমক দেখুৱাবলৈ শীর্ষ বন বিষয়াৰ নেতৃত্বত একাংশ গুণ্ডাকৰ আদায় নিদিয়া কাঠ ব্যৱসায়ীৰ দোকানত তালাচী অভিযান চলিছে যদিও সেয়া বাহিৰত দেখুৱাবলৈ বুলিহে বিভাগতে চর্চিত হৈছে৷ এই ছিণ্ডিকেটৰ অবৈধ ধনেৰে বন বিভাগৰ শীর্ষ বিষয়াই নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ উত্থাপিত এই বিষয়াসকলৰ সম্পত্তিৰ সঠিক তদন্ত আৰম্ভ হ’লে প্রকৃত তথ্য পোহৰলৈ আহিব বুলি অভিযোগকাৰীয়ে মন্তব্য প্রকাশ কৰিছে৷ ইতিমধ্যে দক্ষিণ কামৰূপ বন সংমণ্ডলত অব্যাহত থকা অবৈধ ছিণ্ডিকেট আৰু মাফিয়াৰাজৰ ন ন তথ্য পোহৰলৈ আহিছে৷ এই তথ্যসমূহ প্রকাশ পালে ছিণ্ডিকেট চক্র আৰু শীর্ষ বন বিষয়াৰ গোপন লেনদেন উন্মোচিত হৈ পৰিব৷ সবাতোকৈ গুৰুত্বপূর্ণ বিষয়টো এই যে ৰাজ্যখনৰ অর্থনৈতিক দুৰৱস্থাৰ সময়ত এনে অবৈধ ছিণ্ডিকেটৰ বাবে এতিয়া বৃহৎ ৰাজহৰ পৰা ৰাজকোষ বঞ্চিত হোৱাটো এক অর্থনৈতিক অপৰাধ হিচাপে পৰিগণিত হৈছে৷

You might also like