ডাঃ গিৰিকান্ত বৰাৰ চকুলো মচিব কোনে?
দুর্ভগীয়া মানুহজনৰ নাম ডাঃ গিৰিকান্ত বৰা৷ এক স্বাভাৱিক পৰিস্থিতিত কর্মজীৱনৰ সামৰণি মৰাৰ সময়ত তেওঁ আছিল নগাঁও জিলাৰ ধিঙত অৱস্থিত ফার্ষ্ট ৰেফাৰেল ইউনিটৰ FRU) উপ–ধীক্ষক৷ বৃত্তিত তেওঁ আছিল এজন স্ত্রী–ৰোগ বিশেষজ্ঞ৷ এহাল পুত্র–কন্যা আৰু পৰিবাৰৰ সৈতে ডাঃ গিৰিকান্ত বৰাৰ এখন সুখৰ সংসাৰ আছিল৷ কিন্তু ২০১৮ খ্রীষ্টাব্দৰ ফেব্রুৱাৰী মাহত আকস্মিকভাৱে ডাঃ বৰাৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা৷ আগ মুহূর্ততলৈকে সুস্বাস্থ্যৰে কর্মৰত হৈ থকা মানুহজনৰ দেহত হঠাৎ একাধিক আচহুৱা লক্ষণে দেখা দিলে৷ তেওঁৰ সর্বশৰীৰ এক কথাত জঠৰ হৈ পৰিল৷ পাছত তেওঁ ভয়ংকৰ পার্কিনছন ৰোগত আক্রান্ত হোৱাৰ কথাটো চিকিৎসকসকলে নিশ্চিত কৰে৷ খুব কম সময়ৰ ভিতৰতে তেওঁ খোজ কঢ়া, কথা কোৱা আৰু হাতেৰে চহীটো কৰাৰ সামর্থ্যও হেৰুৱাই পেলায়৷ এনে এক ৰোগাক্রান্ত অৱস্থাৰ হেতু ডাঃ বৰা ২০১৮ চনৰ ফেব্রুৱাৰী মাহৰ পহিলা দিনটোৰ পৰা কর্তব্যত উপস্থিত থকাটো স্বাভাৱিকতে অসম্ভৱ হৈ পৰে৷ একেই কাৰণতে তেওঁ যথাবিধি আন এজনক বিভাগীয় দায়িত্ব হস্তান্তৰ কৰাটোও সম্ভৱ হৈ নুঠিল৷ ফলত ডাঃ বৰাৰ এনেদৰে কর্তব্যত অনুপস্থিত থকা কথাটো সংশ্লিষ্ট কর্তৃপক্ষৰ দৃষ্টিত হৈ উঠে ‘বিধি–বর্হিভূত’ Unauthorised)৷ কিন্তু যিজন মানুহে নিজৰ চহীটো কৰাৰ সামর্থ্যকণেই হেৰুৱাই পেলাইছে, তেওঁ বিভাগীয় নীতি–নিয়ম মানি দায়িত্ব হস্তান্তৰ কৰেইবা কিদৰে?
ইপিনে জটিল ৰোগত আক্রান্ত হৈ পৰা মানুহজনক কিবা প্রকাৰে সুস্থ কৰি তুলিব পৰা যায় নেকি, ডাঃ বৰাৰ পৰিয়ালবর্গ তাৰ বাবে অহোপুৰুষার্থ কৰাত লাগি যায়৷ গুৱাহাটী, বাংগালুৰু আদি বিভিন্ন স্থানৰ বহুতো বিশেষজ্ঞই তেওঁক চিকিৎসা কৰে যদিও মানুহজনৰ মূল ৰোগটো ধৰা পেলাওঁতেই দীঘলীয়া সময় পাৰ হৈ যায়৷ তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি যক্ষ্মা ৰোগেও তেওঁক আক্রমণ কৰে৷ ফলত প্রায় এবছৰ ধৰি ডাঃ বৰাক পার্কিনছন ৰোগৰ ঔষধ লোৱাৰ পৰা বিৰত ৰখা হৈছিল৷ সেই সময়ছোৱাত পার্কিনছনৰ তীব্রতা অনেক গুণে বাঢ়ি যোৱাত মানুহজনৰ দৈহিক অৱস্থাৰ অধিক অৱনতি ঘটে৷ দুটাকৈ মাৰাত্মক ৰোগৰ ব্যয়বহুল চিকিৎসা চলাই থাকোঁতে পৰিয়ালটোৰ আর্থিক অৱস্থাও শোচনীয় হৈ পৰে৷ দুটি ল’ৰা–ছোৱালীক ঘৰৰ বাহিৰত ৰাখি কলেজত পঢ়োৱাৰ লগতে ৰুগ্ণ স্বামীক যথাসম্ভৱ পৰিচর্যাৰ দায়িত্ব বিগত তিনি বছৰৰ অধিক কাল অকলে চম্ভালিব লগা হৈছে নগাঁৱৰ এখন মহাবিদ্যালয়ৰ অধ্যাপিকা বিজুমণি পাঠকে৷ এই সময়ছোৱাতে স্বামীৰ উপার্জনৰ সকলো পথেই স্তব্ধ হৈ পৰিছে৷ মাহেকীয়া বেতনৰ কথাতো বাদেই, ডাঃ বৰাৰ প্রাপ্য পেন্সনৰ দুৱাৰখনেই এইপর্যন্ত খোল খোৱা নাই৷ অথচ ২০১৮ চনৰ আগষ্ট মাহতে তেওঁ স্বাস্থ্যজনিত কাৰণত স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন জনায়৷ কিন্তু এই আবেদন মঞ্জুৰ হ’বলৈ সময় লাগিল প্রায় দুবছৰ সাত মাহ৷ পিছে স্বেচ্ছামূলক অৱসৰৰ আবেদন বহু পলমকৈ গৃহীত হ’ল যদিও তাৰ সুফল লাভ কৰাটো ডাঃ গিৰিকান্ত বৰাৰ পক্ষে আজিও সম্ভৱ হৈ উঠা নাই৷ তাৰ প্রধান কাৰণ হৈছে, ০১–০২–২০১৮ তাৰিখৰ পৰা দুমাহৰ বাবে ডাঃ বৰাই জনোৱা সঞ্চিত ছুটীৰ Commuted leave) আবেদন এইপর্যন্ত গৃহীত নোহোৱাটো৷ কোৱা বাহুল্য যে সঞ্চিত ছুটী গৃহীত নোহোৱালৈকে স্বেচ্ছামূলক অৱসৰ মঞ্জুৰ হোৱাৰ সুফল লাভৰ আশা কৰা অর্থহীন৷
এইখিনিতে পাঠকসকলক এটা কথা জনাই থ’ব খোজোঁ যে ডাঃ গিৰিকান্ত বৰাদেৱৰ লগত আজিলৈকে প্রায় দেখা–সাক্ষাৎ হোৱা নাই৷ তেওঁৰ লগত মোৰ সম্বন্ধ ইমানেই যে আমি দুয়ো একে চামৰে ছাত্র আছিলোঁ৷ অর্থাৎ আমি দুয়োbatchmate মাথোন৷ আজিৰ পৰা তিনি মাহ আগলৈকে ডাঃ বৰাদেৱৰ এই দুর্দশাৰ মই ভুকে পোৱা নাছিলোঁ৷ উল্লেখযোগ্য যে আমাৰ দুয়োৰে এজন উমৈহতীয়া বন্ধু ডাঃ জয়ন্ত চৌধুৰী মার্কিন যুক্তৰাষ্ট্রৰ নিউয়র্ক ৰাজ্যৰ বাসিন্দা৷ যোৱা ২৫ ফেব্রুৱাৰীৰ দিনা মই ডাঃ জয়ন্তৰ পৰা এটা হোৱাটছএপ বার্তা লাভ কৰোঁ৷ বার্তাটো আছিল এনেকুৱা –I am grateful to you. She is a cancer survivor herself with a total mastectomy. Youngest sister of one of my classmates and wife of my another classmate. She is a teacher and has two childern studying in college. Her husband Girikanta was one of those pure simple absolutely honest boy from a semi-rural background. His spinal TB could not be diagnosed for two years and by the time somebody found it the TB bacteria had destroyed his spinal chord and he is semi-paralyzed and mute and can hardly swallow for the last 6 years and his file has been blocked at Janata Bhawan and he is payless for the last 3 years in spite of being a Govt Doctor who refused to do private practice. I just know his fate today and I begged her to talk to you. Please help her as much as you can…
ডাঃ জয়ন্ত চৌধুৰীৰ পৰা পৰা উক্ত বার্তাটো পোৱাৰ পাছত এজন অচিনাকি মানুহৰ কাৰণে মোৰ প্রাণে কান্দি উঠিল৷ নানাপ্রকাৰে যত্ন কৰি যোৱা ৮ মার্চৰ দিনা অসম সচিবালয়ৰ স্বাস্থ্য বিভাগত সোমাবৰ বাবে এখন প্রৱেশ–পত্র সংগ্রহ কৰোঁ আৰু সেইদিনাই স্বাস্থ্য (ক) শাখাৰ অৱৰ সচিব বৰভূঞাক দেখা কৰি ডাঃ গিৰিকান্ত বৰাৰ কামটোৰ অগ্রগতি সম্বন্ধে বুজ লওঁ৷ মোৰ অনুসন্ধানৰ উত্তৰত অৱৰ সচিবজনে জনালে যে ডাঃ বৰাৰ স্বেচ্ছামূলক অৱসৰৰ আবেদন ইতিমধ্যে গৃহীত হৈছে৷ সেই সম্বন্ধীয় চৰকাৰী নির্দেশসম্বলিত এখন কাকতৰ প্রতিলিপিও তেওঁ মোক দিলে৷ সেই কাকতখন লৈ মই উৎফুল্লিত মনেৰে ঘৰলৈ উলটি আহিলোঁ৷ কিন্তু স্বেচ্ছামূলক অৱসৰ গৃহীত হোৱাৰ খবৰটো শ্রীমতী বিজুমণি পাঠকক দিব খোজোঁতেহে আচল কথাটো জানিব পাৰিলোঁ৷ কথাটো হ’ল, ছমাহৰ সঞ্চিত ছুটী চৰকাৰে মঞ্জুৰ নকৰিলে স্বেচ্ছামূলক অৱসৰ গৃহীত হোৱাৰ অর্থ নাই৷ পাছৰ সপ্তাহত আকৌ জনতা ভৱনলৈ গৈ অৱৰ সচিব বৰভূঞাক লগ ধৰি কথাখিনি জনালোঁ৷ সেইদিনা তেওঁ মোক ক’লে যে সঞ্চিত ছুটীৰ কামটোও দুই–তিনি দিনৰ ভিতৰত হৈ যাব, চিন্তাৰ কাৰণ নাই৷ পিছে তেওঁক শেষবাৰ দেখা কৰাৰ পাছতো ইতিমধ্যে দুমাহ পাৰ হৈ গৈছে৷ অৱশ্যে এই দুটা মাহত বহুকেইটা ঘটনাই ঘটি গৈছে৷ ইয়াৰ মাজতে নির্বাচনো অনুষ্ঠিত হ’ল আৰু নতুন চৰকাৰো গঠন হ’ল৷ অৱশেষত আহিল ক’ভিড অতিমাৰীৰ দ্বিতীয় লহৰ৷ তৎসত্ত্বেও কিছুমান কাম অগ্রাধিকাৰৰ ভিত্তিত আৰু অতিশয় জৰুৰীভাৱে কৰাৰ প্রয়োজন নুই কৰিব পাৰি জানো? ইংৰাজীত এষাৰ কথাৰ প্রচলন আছে –Justice delayed is justice denied, অর্থাৎ বিলম্বিত ন্যায় হৈছে অন্যায়ৰ তুল্য৷ সম্প্রতি ডাঃ গিৰিকান্ত বৰাৰ পৰিয়ালটোৰ বেলিকা সেয়ে হ’বলৈ ওলোৱা যেন বোধ হৈছে৷ কিয়নো সংশ্লিষ্ট কর্তৃপক্ষসমূহে যদি ডাঃ গিৰিকান্ত বৰাৰ শেহতীয়া অৱস্থাটোৰ বুজ লৈ কিঞ্চিৎ সহানুভূতিৰে তেওঁৰ প্রাপ্যখিনি আদায়ৰ ব্যৱস্থা নকৰে, তেনেহ’লে সেয়া হ’ব এজন নিষ্ঠাৱান প্রাক্তন চৰকাৰী চিকিৎসকৰ প্রতি আমাৰ প্রশাসনিক যন্ত্রটোৱে কৰিবলৈ ওলোৱা চৰম অন্যায়৷ এই বিষয়ত মই ব্যক্তি হিচাপে কাকো দায়ী কৰিবলৈ বিচৰা নাই৷ কিন্তু সমষ্টি হিচাপে এইক্ষেত্রত আমাৰ সমাজখনৰ অনেকেই জগৰীয়া৷ যি প্রশাসন ব্যৱস্থাত আর্ত, অসহায়জনৰ প্রতি কিঞ্চিৎ সহানুভূতিৰ অভাৱ ঘটে – সেই প্রশাসন যন্ত্রৱৎ নিষ্প্রাণ৷ কিন্তু একে সময়তে আমি এই কথাও পাহৰি যাব নালাগিব যে প্রশাসন নামৰ ব্যৱস্থাটোও কিছুমান ব্যক্তিক লৈয়ে গঠিত৷ তদুপৰি তেনে যিকোনো এজন ব্যক্তিৰ জীৱনলৈকে ডাঃ গিৰিকান্ত বৰাৰ দৰে দুর্যোগ নামি অহাটো অসম্ভৱ নহয়৷ সেয়ে যিসকল ব্যক্তিক ভগৱানে ক্ষমতা দিছে, সেইসকলে আর্তজনৰ প্রতি অলপ সহমর্মিতা প্রদর্শন কৰা একান্ত বাঞ্ছনীয়৷
এইখিনিতে সমগ্র বিষয়টো অন্য এক দৃষ্টিকোণৰ পৰা অৱলোকন কৰাৰ আৱশ্যক হৈছে৷ জনসাধাৰণৰ দুখ–দুর্দশা লাঘৱ কৰিবলৈ আমাৰ চৰকাৰখন বিশেষভাৱে দায়বদ্ধ৷ এই উদ্দেশ্য আগত ৰাখিয়েই চৰকাৰে মুকলি কৰিছে পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগটো৷ প্রায় এবছৰমান আগলৈকে এই বিভাগটোৰ আয়ুক্ত–সচিব আছিল মোৰ এজন বিশিষ্ট বন্ধু ললিত গগৈ ডাঙৰীয়া৷ বর্তমান এই পদটোত কোন ব্যক্তি কর্মৰত হৈ আছে, সেই বিষয়ে মই অৱগত নহওঁ৷ সি যি নহওক, ৰাজহুৱা অভিযোগ বিভাগৰ বর্তমানৰ আয়ুক্তগৰাকীলৈ এয়া এক ৰাজহুৱা আহ্বান – তেওঁ একান্ত মানৱীয়তাৰ খাতিৰত ডাঃ গিৰিকান্ত বৰাৰ পেন্সন আৰু অন্যান্য অৱসৰকালীন ভাট্টাসমূহ যথাসম্ভৱ শীঘ্রে মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্রহণ কৰে যেন৷
দ্বিতীয়বাৰ লগ পাওঁতে সচিবালয়ৰ স্বাস্থ্য (ক) বিভাগৰ অৱৰ সচিব বৰভূঞাই মোক কৈছিল যে তেওঁৰ ঊর্ধ্বতন বিষয়া এজনে চহী এটা কৰিলেই ডাঃ গিৰিকান্ত বৰাৰ কামটো হৈ যাব৷ যদি সেয়ে হয়, মই ৰাজ্যৰ নৱনিযুক্ত স্বাস্থ্যমন্ত্রী বন্ধুবৰ কেশৱ মহন্ত ডাঙৰীয়াক মুকলি আহ্বান জনাওঁ – তেওঁৰ ক’ভিডজনিত পৰিস্থিতি মোকাবিলা কৰাৰ নিশ্ছিদ্র ব্যস্ততাৰ মাজতে দুই মিনিট সময় উলিয়াই স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট বৰমূৰীয়া বিষয়াজনক এই নির্দেশ দিবলৈ – যাতে তেওঁ ডাঃ গিৰিকান্ত বৰাক ন্যায় প্রদান কৰাত আৰু এটা দিনো বিলম্ব নকৰে৷
যিখন দেশত আমাৰ ৰাজ্যৰে এটি কণমানি শিশুৰ জীৱন ৰক্ষা কৰিবলৈ দিল্লী হেন ৰাজধানী চহৰত স্বয়ং প্রধানমন্ত্রীয়ে ‘গ্রীন কৰিড’ৰ’ৰ ব্যৱস্থা কৰি দিছিল, সেই একেখন দেশতে এটা বিপর্যস্ত পৰিয়ালক ধ্বংসমুখৰ পৰা বচাবলৈ এজন আয়ুক্ত–সচিব পর্যায়ৰ বিষয়াই দুই মিনিট সময়ো উলিয়াব নোৱাৰিবনে?
আগেই কৈছোঁ যে ডাঃ গিৰিকান্ত বৰাক মই আজিলৈকে মুখামুখিকৈ লগ পোৱা নাই৷ তথাপি তেওঁৰ দুর্দশাৰ কাহিনী শুনি মোৰ মনত গভীৰ সহানুভূতি জাগি উঠিছে৷ তাৰেই তাড়নাত তেওঁৰ যন্ত্রণা লাঘৱ কৰিবলৈ এয়া এক নিঃকিন প্রয়াস কৰিছোঁ৷ আশা কৰোঁ, আমাৰ সমাজৰ পৰা মানৱতাবোধ, সহমর্মিতা ইত্যাদি বস্তুবোৰ এতিয়াও একেবাৰে লোপ পোৱা নাই৷ শেষত সুধাকণ্ঠৰ গীতৰ ভাষাৰেই কওঁ – দুর্বল মানুহে যদি, জীৱনৰ কোবাল নদী, পাৰ হয় তোমাৰ সাহত, তুমি হেৰুৱাবানো কি?