নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ জুনৰ ভিতৰত ৰাজ্যৰ ক’ভিড পৰিস্থিতি অধিক উন্নত হোৱাৰ আশা মুখ্যমন্ত্রীৰ

জিএমচিএইচ পৰিদর্শন–ক’ভিড চিকিৎসা ব্যৱস্থাপনাৰ পর্যালোচনা

নিয়মীয়া বাৰ্তা ৩১ মেঃ অহা ৭ জুনৰ ভিতৰত ৰাজ্যৰ ক’ভিড পৰিস্থিতি অধিক উন্নত হোৱাৰ আশা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সময়ছোৱাৰ ভিতৰত গুৱাহাটীৰ পৰিস্থিতি বহু ভাল হ’ব বুলি তেওঁ আশাবাদী৷ আজি জি এম চি এইচত ক’ভিড–১৯ৰ চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনি তথা ইয়াৰ লগত জড়িত আনুষংগিক বিষয়সমূহ পর্যালোচনা কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই এই আশা ব্যক্ত কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ৮ জুন আৰু ১২ জুনৰ ভিতৰত দুখনকৈ ডাঙৰ হাস্পতালৰ কাম আৰম্ভ হ’ব৷

সৰুসজাইত ডি আৰ ডি অ’ৰ দ্বাৰা নির্মিত ৩০০ বিছনাযুক্ত আৰু জি এম চি এইচত ২০০ আই চি ইউ বিছনাৰ হাস্পতাল আৰম্ভ হ’ব৷ এই ৫০০ বিছনাযুক্ত হাস্পতালৰ বাবে পর্যাপ্ত চিকিৎসক লাগিব৷ এই সংক্রান্তত দেওবাকে তেওঁ জি এম চি এইচৰ অধ্যক্ষকে ধৰি অন্যান্য জ্যেষ্ঠ চিকিৎসকৰ সৈতে আলোচনা কৰিছে৷ গুৱাহাটীৰ এই অতিৰিক্ত ৫০০খন বিছনাই ক’ভিড চিকিৎসা ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰি তুলিব৷ এই ব্যৱস্থাপনাত চিকিৎসক নিয়োজিত কৰাত অগ্রাধিকাৰ প্রদান কৰা হৈছে, যাতে মানসম্পন্ন চিকিৎসা সেৱা নিশ্চিত কৰিব পৰা যায়৷ অহা জুনৰ দ্বিতীয় সপ্তাহত নতুন হাস্পতাল দুখন আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ সেইদৰে জি এম চি এইচত চিকিৎসাধীন হৈ থকা প্রদেশ কংগ্রেছৰ সভাপতি, ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা আৰু আমগুৰিৰ অগপ বিধায়ক প্রদীপ হাজৰিকাৰ অৱস্থাৰ বিষয়ে জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰিপুণ বৰাৰ স্বাস্থ্য সম্পর্কত জি এম চি এইচৰ অধ্যক্ষৰ পৰা বুজ লোৱাৰ লগতে তেওঁ নিজে ৰিপুণ বৰাৰ সৈতে টেলিফোনযোগে কথা পাতিছে৷ বৰা বর্তমান সুস্থ হৈ আছে৷ সেইদৰে বিধায়ক প্রদীপ হাজৰিকাক ‘এণ্টিব’ডী ককটেইল’ দিয়াৰ পাছত তেওঁৰ অৱস্থা ভাললৈ আহিছে বুলি জানিবলৈ দিয়ে৷ একেদৰে বিধায়ক পৃথ্বিৰাজ ৰাভাৰ পত্নীকো একেই দৰব দিয়া বুলি উল্লেখ কৰি ড০ শর্মাই কয় যে কর্কট ৰোগত আক্রান্ত ৰাভাৰ পত্নীও বর্তমান ভালে আছে

তদুপৰি দেওবাৰৰ পৰা জি এম চি এইচত ডি আৰ ডি অ’ৰ ২ডিজি এণ্টি ক’ভিড দৰব উপলব্ধ হোৱাৰ বিষয়ে জানিবলৈ দি কয় যে সেই দৰব অন্ততঃ ১৩গৰাকী ৰোগীক দিব পৰা যাব৷ জি এম চি এইচ কর্তৃপক্ষই উক্ত দৰব দিবলগীয়া ৰোগীৰ তালিকা যুগুতাই আছে৷ একেদৰে ‘বাৰিচিটানক’ নামৰ নতুন দৰব এবিধ পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ পৰা যথেষ্ট সুফল লাভ কৰা গৈছে৷ এই দৰববিধে ৰোগীক হাস্পতালত থাকিবলগীয়া সময় কমাই আনে৷ বিভাগে এতিয়াৰে পৰা এই দৰববিধৰ ব্যৱহাৰ বঢ়াই দিব৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান অসমত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে অক্সিজেন, ৰেমডেছিভিৰ ইনজেকচনক লৈ চিন্তা কৰাৰ কোনো প্রয়োজন নাই৷ অক্সিজেন, ৰেমডেছিভিৰ

পর্যাপ্ত পৰিমাণে আছে৷ অক্সিজেন কঢ়িয়াই অনা তৃতীয়খন ৰে’লো ইতিমধ্যে অসম পাইছে৷ সপ্তাহত দুখনকৈ ৰে’লযোগে অসমলৈ অক্সিজেন আহি আছে৷ কালি কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেলে অসমক যদি প্রয়োজন হয়, প্রতিদিনে ৰে’লযোগে অক্সিজেন যোগান ধৰাৰ কথা কৈছে৷ সেইদৰে ৰাজ্যখনত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাও কিছুদিনৰ ভিতৰতে যথেষ্ট হ্রাস পাব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীত হোম আইছ’লেচনত থকা লোকৰ সংখ্যা কমি আহিছে৷ বাকী জিলাতো ৫০ শতাংশলৈ কমি গৈছে৷ ইপিনে অসম আৰোগ্য নিধি আৰু মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ এইকেইদিনৰ ভিতৰতে ৪৩ কোটি টকাৰ বৰঙণি সংগ্রহ হৈছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷

You might also like