ৰাজ্যত ক’ভিড–১৯ত নতুনকৈ আক্রান্ত ৩,২৪৫ঃ মৃত ৫৫জন
নিয়মীয়া বাৰ্তা ৩১ মেঃ দেওবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত নতুনকৈ ৩,২৪৫জন লোক আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৪২২জন কামৰূপ মহানগৰ জিলাৰ৷ সমান্তৰালভাৱে তিনিচুকীয়াৰ ৩৭৭জন, ডিব্রুগড়ৰ ৩৫০জন আৰু কাছাৰৰ ২৩৮জন লোক ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ৭১,৫৯৮টা নমুনাৰ পৰীক্ষা সম্পূর্ণ কৰা হৈছিল৷ আক্রান্তৰ হাৰ হৈছে ৪.৫৩ শতাংশ৷
ইপিনে, দেওবাৰে দিনটোত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৫৫জন লোকৰ৷ ইয়াৰে ৭জন কামৰূপ মহানগৰ জিলাৰ৷ সেইদৰে নগাঁও আৰু কাছাৰৰ ৬জনকৈ লোক ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লৈছে৷ তদুপৰি তিনিচুকীয়াৰ ৫জন, কামৰূপৰ ৪জন, বৰপেটা–বঙাইগাঁও–ড্ ৩জনকৈ, ধুবুৰী–হাইলাকান্দি–কো ২জনকৈ আৰু বিশ্বনাথ–চৰাইদেউ–ডিমা হাচাও–গোৱালপাৰা–গে এজনকৈ লোকৰ প্রাণহানি হৈছে ক’ৰোনাত৷ ইয়াৰ লগে লগে ক’ভিডত আক্রান্ত হৈ বর্তমানলৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৩০০জনলৈ বৃদ্ধি পালে৷ আজি সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ৫,৬৯০জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগী হৈছে ৫২,৪৪৮জন৷
সৰুপথাৰত ক’ভিড আক্রান্তৰ আত্মহত্যা
গোলাঘাট জিলাৰ সৰুপথাৰৰ কর্দৈগুৰি নিৱাসী পুনিৰাম কুর্মী নামৰ এজন ক’ভিড আক্রান্ত ব্যক্তিয়ে আত্মহত্যা কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ক’ভিডত আক্রান্ত হোৱাৰ পাছত মানসিকভাৱে ভাগি পৰা ৪০ বছৰীয়া কুর্মীয়ে নিজ বাসগৃহতে আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে৷ ইপিনে, গোলাঘাট ফৰকাটিঙৰ হৰি দে’ নামৰ ৫২ বছৰীয়া এজন লোকৰ আজি পুৱতিনিশা গোলাঘাট ক’ভিড হাস্পতালত মৃত্যু ঘটে৷ জিলাখনত আজি নতুনকৈ ১২২জন লোক ক’ভিডত আক্রান্ত হৈছে৷
বেবেজীয়াৰ ক’ভিড যোদ্ধাৰ মৃত্যু
বাৰপূজীয়া খণ্ড স্বাস্থ্যকেন্দ্রৰ অন্তর্গত মহাদেও শাল পৰিপূৰক স্বাস্থ্য কেন্দ্রৰ লেব’ৰেটৰী টেকনিচিয়ান প্রদীপ নাথৰ আজি ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে৷ যোৱা ২৪ মে’ত ক’ভিডত আক্রান্ত হোৱাৰ পাছত নাথক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল যদিও আজি দিনৰ ১.৫০ বজাত তেওঁৰ মৃত্যু হয়৷ বেবেজীয়া চমুৱা গাঁৱৰ নাথে নগাঁও ক’ভিড চিকিৎসালয়তো দায়িত্ব পালন কৰিছিল৷ ২০০৮ চনৰ ১০ মার্চত এন এইচ এমৰ অধীনত চাকৰিত যোগদান কৰা নাথে মৃত্যুৰ সময়ত দুই সন্তান আৰু পত্নীক এৰি থৈ যায়৷ ক’ভিড যোদ্ধাজনৰ মৃত্যুত সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পৰিছে৷ লগতে পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে পৰিপূৰক স্বাস্থ্য কেন্দ্রটোৰ কর্মচাৰীসকলে৷