গুৱাহাটীক অতিক্রমি তিনিচুকীয়াত সর্বাধিক ৫১৭জন ক’ৰোনা আক্রান্ত
নিয়মীয়া বাৰ্তা, ২ জুনঃ ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংক্রমণ৷ মঙলবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৪,৬৮২জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ১,১৫,৫১৩টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷
মঙলবাৰে আক্রান্তৰ হাৰ হৈছে ৪.০৫ শতাংশ৷ ইপিনে, ক’ভিড আক্রান্তৰ সংখ্যাৰে মঙলবাৰে তিনিচুকীয়াই অতিক্রম কৰিলে গুৱাহাটীক৷ মঙলবাৰে তিনিচুকীয়াত ৰাজ্যৰ ভিতৰতে সর্বাধিক ৫১৭জন লোক আক্রান্ত হৈছে৷ ইয়াৰ বিপৰীতে কামৰূপ মহানগৰ জিলাত ক’ভিডত আক্রান্ত হৈছে ৪০৩জন লোক৷ সমান্তৰালভাৱে কাছাৰত ৩২৪জন আৰু নগাঁৱত ৩০৭জন লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈছে৷
ইপিনে, বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৫১জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৭জনেই কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি ডিব্রুগড়ত ৬জন, কামৰূপত ৫জন, কাছাৰ–হোজাই–নগাঁও– ৪জনকৈ, দৰং–যোৰহাটত ৩জনকৈ, গোৱালপাৰা–কোকৰাঝাৰ ২জনকৈ আৰু বাক্সা–বঙাইগাঁও–শোণিতপুৰ এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৪১৬জনলৈ বৃদ্ধি পালে৷
আনহাতে মঙলবাৰৰ দিনটোত ক’ভিডমুক্ত হৈছে ৪,৯৯২জন লোক৷ সম্প্রতি ৰাজ্যৰ বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৫১,৩৩৩জন৷