হোমেন বৰগোহাঞি ছাৰৰ লেখা আৰু গ্রন্থৰ প্রেমিক সেই কৈশোৰৰ দিনবোৰৰ পৰাই৷ লুকাই–চুৰকৈ পাঠ্যপুথিৰ মাজত সুমুৱাই লৈ, কোনেও দেখা নোপোৱাকৈ ‘সুবালা’ পঢ়া দিনবোৰৰ পৰা মুকলিকৈ পঢ়া ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘সাউদৰ পুতেকে নাও মেলি যায়’লৈকে– সৰু–বৰ কলেৱৰৰ অসংখ্য গ্রন্থই সাহিত্যিক ‘হোমেন বৰগোহাঞি’ক আমাৰ প্রিয় লেখকৰ আসনত বহুৱাইছিল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্রশ্ণকাকতৰ ‘মোৰ প্রিয় গ্রন্থ’ৰ বিষয়ে ৰচনা লিখিবলৈ প্রস্তুত হোৱাৰ সময়ত, সম্পূর্ণ নিজৰ ইচ্ছাত, হূদয়ৰ তাগিদাত প্রচলিত পৰম্পৰাৰ পৰা আঁতৰি গৈ বাছনি কৰি লৈছিলোঁ বৰগোহাঞি ছাৰৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ শীর্ষক উপন্যাসখন৷ ৰচনাখন লিখিবলৈ লোৱাৰ মুহূর্তত হোৱা কৈশোৰ মনৰ উত্তেজনা, উপন্যাসখনৰ কেন্দ্রীয় চৰিত্র ক্লান্ত, শ্রান্ত কৃষক ৰসেশ্বৰ আৰু দৰিদ্রতাই কোঙা কৰা ৰসেশ্বৰৰ পৰিয়ালটোৰ প্রতি উথলি উঠা দুখ, বেদনা আৰু আৱেগে জর্জৰিত কৰিছিল কৈশোৰৰ অবুজ হূদয়খন৷ ইয়াৰ বিপৰীতে শোষক শ্রেণীৰ প্রতিনিধি মহাজন সনাতন শর্মা নামৰ চৰিত্রটোৰ প্রতি নিক্ষেপিত হৈছিল তীব্র ক্ষোভ আৰু ঘৃণাৰ বিষবাষ্প৷ এজন লেখকৰ ‘কলম’ কিমান বেছি শক্তিশালী হ’লে কিতাপৰ পৃষ্ঠাত লিপিবদ্ধ কৰিব পাৰে ৰসেশ্বৰহঁতৰ দৰে কৃষকৰ জীৱনবোৰৰ জ্বলন্ত প্রতিচ্ছবি এজন লেখক কিমান বেছি সংবেদনশীল হ’লে লেখাৰ জৰিয়তে সাধাৰণ পাঠকৰ হূদয়ত জগাই তুলিব পাৰে আৱেগৰ জোৱাৰ আনকি আভিজাত্যবাদী সমাজৰ পাঠককো বিচৰণ কৰোৱাব পাৰে সেইসকলে নেদেখা, সেইসকলৰ পৰা বহু নিলগত অৱস্থান কৰা অন্য এখন সমাজত আৰু অনুভৱ কৰোৱাব পাৰে সেইখন সমাজৰ জীৱনবোৰৰ দুর্বিষহ জীৱনগাথা৷ সেইখন উপন্যাস ‘হালধীয়া চৰায়ে…’ চলচ্চিত্র ৰূপ দিবলৈ মৰসাহ কৰিছিল যশস্বী চলচ্চিত্র পৰিচালক জাহ্ণু বৰুৱাই৷ মৰসাহ বুলি এই কাৰণেই কৈছোঁ বৰগোহাঞি ছাৰৰ সৃষ্টিক অকণো ক্ষয়–ক্ষতি নকৰাকৈ, ইতিমধ্যে পাঠকৰ মনত বহা উপন্যাসখনৰ সাঁচৰ অকণো হীন–ডেঢ়ি নকৰাকৈ আৰু (আটাইতকৈ গুৰুত্বপূর্ণ কথা) ছাৰৰ অৱচেতন মনৰ ৰসেশ্বৰ আৰু অন্যান্য চৰিত্রবোৰত অকণো আঁচোৰ নলগাকৈ চলচ্চিত্রৰ মাধ্যমেৰে দর্শকৰ মাজলৈ লৈ যোৱা কামটো অকল জটিল আৰু অসম্ভৱেই নাছিল, একপ্রকাৰ দুৰূহো আছিল৷ তদুপৰি চলচ্চিত্রখন উপভোগ কৰি আন দর্শকৰ কথা বাদ, বৰগোহাঞি ছাৰে লভিব লাগিব আত্মসন্তুষ্টি– এনেবোৰ চিন্তায়ো নিশ্চয় হেঁচা মাৰি ধৰিছিল পৰিচালক জাহ্ণু বৰুৱাক৷ কাৰণ উপন্যাসখন লিখি মানসিক সন্তুষ্টি লাভ কৰা ছাৰক চলচ্চিত্রখন দেখুৱাই সেই সন্তুষ্টিত আঘাত কৰাটো নিশ্চয় কাম্য নাছিল৷ পৰোক্ষভাৱে এইবোৰ প্রত্যাহ্বান গ্রহণ কৰি জাহ্ণু বৰুৱাই নির্মাণ কৰিছিল ‘হালধীয়া চৰায়ে…’ উপন্যাসৰ আধাৰত একেই নামেৰে চলচ্চিত্র ‘হালধীয়া চৰায়ে বাওধান খায়’খন৷ জাহ্ণু বৰুৱাৰ সুদক্ষ পৰিচালনাত উপন্যাসখনৰ যেন জীৱন্ত প্রতিফলন হৈছিল চলচ্চিত্রখনত৷ অকণো যেন পার্থক্যই নাথাকিল উপন্যাস আৰু চলচ্চিত্রৰ মাজত৷ বিশিষ্ট অভিনেতা ইন্দ্র বণিয়াৰ দুর্দান্ত অভিনয়ত ‘ৰসেশ্বৰ’ যেন অধিক প্রাণৱন্ত হৈ উঠিল৷ পাঠকৰ কল্পনাৰ ৰসেশ্বৰজন, ছাৰৰ অৱচেতন মনৰ ৰসেশ্বৰজনৰ ঠাই যেন দখল কৰিবলৈ সক্ষম হৈছিল ইন্দ্র বণিয়াই৷ উল্লেখ্য যে পৰিচালক জাহ্ণু বৰুৱাই ইন্দ্র বণিয়াক ৰসেশ্বৰৰ ৰূপ দিবলৈ গৈ বহু মাহ প্রখৰ ৰ’দত পথাৰত কাম কৰোৱাইছিল হেনো৷ তাৰ সুবাদতে ইন্দ্র বণিয়া হৈ পৰিছিল সাইলাখ ৰসেশ্বৰজন৷ এয়াই আছিল জাহ্ণু বৰুৱা আৰু ইন্দ্র বণিয়াৰ কর্মৰ প্রতি সমর্পিত মনোভাব৷ হয়তো ইয়াৰ অন্তৰালত আছিল বৰগোহাঞি ছাৰৰ কল্পনাক বাস্তৱ ৰূপ দিয়াৰ তীব্র আকাংক্ষা৷ লগতে ৰসেশ্বৰৰ পত্নীৰ ভাওত অভিনয় কৰা পূর্ণিমা পাঠক শইকীয়া, পুত্র–কন্যাৰ ভাওত অভিনয় কৰা গৌৰৱ বণিয়া আৰু শোভনা গগৈক এনেভাৱে প্রস্তুত কৰাইছিল যেন চলচ্চিত্রখনত তেওঁলোক আটায়ে হৈ পৰিছিল পাঠকৰ কল্পনাৰ সেই জাপিসজীয়া গাঁৱৰ কৃষক ৰসেশ্বৰৰ পৰিয়ালটো৷ এইখন চলচ্চিত্রই প্রথমবাৰৰ বাবে শ্রেষ্ঠ ৰাষ্ট্রীয় চলচ্চিত্র বঁটা ‘স্বর্ণকমল’ অসমলৈ আঁজুৰি আনিবলৈ সক্ষম হৈছিল৷ অকল সেয়াইনে দেশ–বিদেশৰ পৰাও কঢ়িয়াই আনিছিল অজস্র সন্মান আৰু পুৰস্কাৰ৷ লোকার্ন চলচ্চিত্র মহোৎসৱত ‘ৰসেশ্বৰ’ ইন্দ্র বণিয়াই লাভ কৰিছিল শ্রেষ্ঠ অভিনেতাৰ বঁটা, যাৰ বাবে অসমীয়া চলচ্চিত্র জগত হৈ পৰিছিল গৌৰৱান্বিত৷ আটাইতকৈ আনন্দদায়ক কথাটো আছিল নিজৰ কাহিনীৰ আধাৰত নির্মিত এইখন চলচ্চিত্র উপভোগ কৰি বৰগোহাঞি ছাৰ অভিভূত হৈ পৰিছিল৷ ছাৰে মুকলিকৈ প্রশংসা কৰিছিল পৰিচালক জাহ্ণু বৰুৱা, অভিনেতা ইন্দ্র বণিয়াকে প্রমুখ্যে কৰি চলচ্চিত্রখনৰ লগত জডিত প্রত্যেকজন ব্যক্তিকেই৷ হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনৰ পৰৱর্তী সংস্কৰণবোৰত বেটুপাতৰ চিত্র সলনি হৈ গৈছিল ছাৰৰ একান্ত ইচ্ছাতেই৷ চলচ্চিত্রখনৰ এটা দৃশ্যৰ পৰা লোৱা ইন্দ্র বণিয়া আৰু গৌৰৱ বণিয়াৰ আলোকচিত্র বেটুপাতত সন্নিৱিষ্ট হৈছিল আৰু সেইখন বেটুপাতৰ সৈতেই এতিয়াও উপন্যাসখন প্রকাশ হৈ আছে৷ এয়া হয়তো ছাৰৰ চলচ্চিত্রখনৰ প্রতি অকৃত্রিম মৰম, ভালপোৱা আৰু জাহ্ণু বৰুৱা সমন্বিতে আটাইবোৰ কলা–কুশলীলৈ আন্তৰিক কৃতজ্ঞতা৷ চলচ্চিত্র ‘হালধীয়া চৰায়ে’ ঔপন্যাসিক হোমেন বৰগোহাঞিক দিছিল আন এটি পৰিচিতি ‘চলচ্চিত্রৰ কাহিনীকাৰ’৷ অসমীয়া সাহিত্যত ‘হালধীয়া চৰায়ে বাওধান খায়’ উপন্যাসখনৰ লেখীয়াকৈ অসমীয়া চলচ্চিত্রৰ ইতিহাসতো ‘হালধীয়া চৰায়ে..’ আজিও মাইলৰ খুঁটিস্বৰূপ৷
‘গদ্যশৈলী’ বৰগোহাঞি ছাৰৰ লেখাৰ আটাইতকৈ শক্তিশালী দিশ৷ সেইবাবেই হয়তো তেখেত অসমীয়া সাহিত্যৰ অন্যতম শ্রেষ্ঠ গদ্যশিল্পী৷ তেখেতৰ প্রায় প্রতিখন উপন্যাসেই জীৱনকেন্দ্রিক আৰু বাস্তৱতাৰ ওপৰত প্রতিষ্ঠিত, যিয়ে সকলো শ্রেণীৰ পাঠককে আকর্ষণ কৰিব পাৰে৷ ঠিক তেনেদৰে গল্প, প্রবন্ধবোৰো দুর্বোধ্য নহয়৷ বিশেষকৈ জীৱনভিত্তিক প্রবন্ধবোৰে দেশ–বিদেশৰ মহান দার্শনিক, লেখক আৰু বিখ্যাত গ্রন্থবোৰৰ সৈতে আমাক পৰিচয় কৰাই দিছিল৷ প্রচুৰ অধ্যয়ন কৰি লিখা একো একোটা প্রবন্ধ ইমান বেছি তথ্যসমৃদ্ধ যে কম কষ্টতেই পাঠকে লাভ কৰিব পাৰে একো একোখন বিখ্যাত গ্রন্থ পঢ়াৰ মাদকতা, জানিবলৈ সক্ষম হ’ব পাৰে একো একোজন বিখ্যাত ব্যক্তিৰ জীৱন পৰিক্রমা৷ ঘাইকৈ এইবোৰেই আছিল বৰগোহাঞি ছাৰৰ লেখাই আমাক আকর্ষণ কৰাৰ অন্যতম কাৰণ৷ শৈশৱ, কৈশোৰ আনকি যৌৱনতো তেখেতেই অধিকাৰ কৰি লৈছিল অন্যতম প্রিয় লেখকজনৰ স্থান৷ আনকি এতিয়াও তেখেতৰ সৃষ্টিৰ প্রতি আছে দুর্বাৰ হেঁপাহ৷
পৰৱর্তী সময়ত হোমেন বৰগোহাঞিক আৱিষ্কাৰ কৰিলোঁ অন্য এক ৰূপত–‘নিউজ লাইভ’ৰ ‘কথা–বার্তা’ অনুষ্ঠানটোৰ সাক্ষাৎগ্রহণকাৰী ৰূপে৷ ব্যতিক্রমী শৈলীৰে, সম্পূর্ণ নতুন চিন্তাধাৰাৰে তেখেতে জয় কৰিবলৈ সক্ষম হৈছিল শ্রোতা দর্শকৰ মন আৰু হূদয়৷ নতুন নতুন বিষয় লৈ সপ্তাহটোত ভিন ভিন ক্ষেত্রত প্রতিষ্ঠিত একো একোজন বিশিষ্ট ব্যক্তি ছাৰৰ অনুষ্ঠানৰ অতিথি হৈছিল৷ কেতিয়াবা কেতিয়াবা অতিথিজনতকৈও ছাৰৰ প্রশ্ণৰ চাতুর্য, অতিথিজনে প্রশ্ণৰ উত্তৰ দিয়াৰ পিছত ছাৰৰ মন্তব্য আৰু বক্তব্যবোৰ যেন আমাৰ বাবে অধিক আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিল৷ কোনটো বিষয়ৰ ওপৰত দখল নাই বৰগোহাঞি ছাৰৰ এয়া এক লাখটকীয়া প্রশ্ণ৷ তেখেতৰ জ্ঞানৰ গভীৰতাৰ লগত যেন সকলো নিষ্প্রভ– তেনেকুৱাই অনুভৱ হৈছিল অনুষ্ঠানটো উপভোগ কৰি থকাৰ সময়ত৷
বৰগোহাঞি ছাৰৰ মৃত্যুৰ পিছত প্রায় প্রতিটো দিনতেই ‘নিয়মীয়া বার্তা’ৰ পৃষ্ঠাত ছাৰৰ বিষয়ে লিখা অগণন লেখা প্রকাশ পাই আহিছে৷ প্রায় প্রতিটো লেখা, বিশেষকৈ ছাৰৰ সৈতে স্মৃতি বিজডিত লেখাবোৰ, ছাৰৰ সৈতে লাভ কৰা নিবিড সান্নিধ্যৰ সোঁৱৰণীবোৰ পঢ়ি অনুভৱ হৈছে ‘অন্য এজন হোমেন বৰগোহাঞি’ৰ যেন জন্ম হ’ল, অন্যথা সেইজন হোমেন বৰগোহাঞি আমাৰ দৰে গুণমুগ্ধ পাঠকৰ অজ্ঞাতেই থাকি গ’লহেঁতেন ‘নিয়মীয়া বার্তা’ পৰিয়ালৰ সম্পাদনা পক্ষৰ প্রতিজনৰে লেখাৰ পৰা উপলব্ধি কৰিব পাৰিছোঁ বৰগোহাঞি ছাৰৰ নিয়মানুৱর্তিতা, সময়ানুৱর্তিতা আৰু নিজৰ কর্তব্যৰ প্রতি থকা দায়িত্ববোধ৷ যিটো বয়সত, আচলতে এই বয়সতকৈ বহু আগতেই, এজন মানুহে জীৱনৰ সকলো কর্মৰ পৰা অব্যাহতি লৈ অন্য এক জীৱন অতিবাহিত কৰে, সেই বয়সত বৰগোহাঞি ছাৰে ক’ভিডত আক্রান্ত হৈ ঘৰলৈ উভতি আহি (মৃত্যুৰ আগদিনা সম্ভৱতঃ) সম্পাদক নৰেশ কলিতাদেৱক অৱগত কৰিছিল তেখেতৰ সন্দেহৰ বিষয়ে ‘আকৌ অফিচলৈ যাবলৈ সক্ষম হ’ব নে নহয়’ যিটো আমি প্রত্যক্ষ কৰিছিলোঁ কোনো এটা বৈদ্যুতিন মাধ্যমত ছাৰৰ মৃত্যুৰ পিছত সম্পাদকজনে ছাৰৰ বিষয়ে দিয়া এটা মন্তব্যত৷ সঁচাকৈয়ে কি যে এক অসাধাৰণ মানসিক উদ্যম আছিল বৰগোহাঞি ছাৰৰ এজন মানুহ কিমান বেছি দায়িত্বশীল, নিজৰ কর্তব্যৰ প্রতি কিমান বেছি শ্রদ্ধাশীল হ’লে নিজৰ শাৰীৰিক সংকটৰ সময়তো কৰিব পাৰে এনেধৰণৰ ইতিবাচক চিন্তা আজিৰ প্রজন্মৰ বাবে এয়া অত্যন্ত গুৰুত্বপূর্ণ আৰু অনুকৰণীয়৷
লেখক কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ নিয়ন্ত্রক, ফোন: ৯৮৫৯৯–৭৮৯১১