নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক যিদৰে গঢ়িলে হোমেন বৰগোহাঞি ছাৰে…

- নন্দন প্রতিম শর্মা বৰদলৈ

কোনো কোনো ব্যক্তি সূর্যৰ দৰে৷ আপুনি সদায়ে সান্নিধ্য লাভ কৰে, কিন্তু ৰহস্যৰ ওৰ নপৰে৷ হোমেন বৰগোহাঞি ছাৰো মোৰ বাবে আছিল তেনে এজন ব্যক্তি৷ ২০০২ চনৰ পৰা সুদীর্ঘ ১৯ বছৰ কাল মই ছাৰৰ আশে–পাশেই আছিলোঁ৷ এছোৱা সময় কর্মসূত্রে আৰু ২০১১ চনৰ পৰা শেষ দিনটো পর্যন্ত ছাৰে বাস কৰা কলনীটোৰ এজন বাসিন্দা হিচাপে৷ আনকি ২০১১ চনৰ পৰা হেঙেৰাবাৰী হাউছিং কলনীত মই থাকিবলৈ লওঁতেও ছাৰে মোক দিহা–পৰামর্শৰে যথেষ্ট অনুপ্রাণিত কৰিছিল৷ ছাৰে মোক সদায় পুত্রসম জ্ঞান কৰিছিল৷ সেই কথা মই জানিছিলোঁ৷ ছাৰে মোৰ পৰা বহুত কিবাকিবি আশাও কৰিছিল৷ ছাৰে ভাবিছিল মোৰ এটা লেখক প্রতিভাও আছে, তাক শুই থকাৰ পৰা সাৰ পোৱাবলৈ ছাৰে যথেষ্ট কষ্ট কৰিছিল৷ কিন্তু মই আছিলোঁ স্বভাৱতে অধৈর্য প্রকৃতিৰ মানুহ, এটা কামত নেৰানেপেৰাকৈ লাগি থাকিবলৈ মোৰ একাগ্রতাৰ অভাৱ৷ ছাৰে মোৰ ওপৰত আৰোপ কৰা অত্যধিক স্নেহপূর্ণ বিশ্বাসৰ মই যোগ্য মানুহ নাছিলোঁ৷ সেই কথা মর্মে মর্মে উপলব্ধি কৰি মই ছাৰৰ পৰা কাপুৰুষৰ দৰে পলাই ফুৰিছিলোঁ৷ ছাৰে বিচাৰিছিল মোৰ কলম দিনে দিনে চোকা হওক৷ মোৰ চিন্তাবোৰ পৰিপাটি হওক৷ কিন্তু তাৰ বিপৰীতে মই মাজসাগৰত ব’ঠাহীন নাৱৰ দৰে লক্ষ্যহীনভাৱে কেৱল উটি–ভাহি ঘূৰি–ফুৰিয়েই সময় নষ্ট কৰিলোঁ৷ আজি তাৰ বাবে মই ভীষণভাৱে অনুতপ্ত৷ পথভ্রষ্ট মোৰ সত্তাটোক আজি কোনে সেই আলোকৰ সন্ধান দিব৷ অনুতাপৰ এই জুইকুৰাত মই জীৱনৰ শেষদিন পর্যন্ত আত্মপ্রতাৰণাৰ গ্ণানিত জ্বলি–পুৰি থাকিব লাগিব৷
উভতি গৈছোঁ ২০০২ চনলৈ৷ সেই সময়ত সাংবাদিকতাৰ কণ্টকাকীর্ণ সংগ্রামসর্বস্ব জগতখনত মই ভৰি দিছোঁহে মাত্র৷ খৰস্রোতা নদীত এটা ক্ষুদ্র মাছৰ দৰে জীয়াই থকাৰ যুদ্ধ আছিল সেয়া৷ ইয়াৰ আগতে এখন আলোচনী আৰু দুখন বাতৰিকাকতত মই উপ–সম্পাদকৰ দায়িত্বত আছিলোঁ৷ ক’ব খুজিছেছা মনোজ কুমাৰ গোস্বামীৰ সম্পাদনাত নতুনকৈ প্রকাশ পোৱা ‘দৈনিক জনসাধাৰণ’ কাকতত কাম কৰি থকাৰ আৰম্ভণিৰ সময়ছোৱাৰ কথা৷ এদিন মোলৈ অফিচৰ টেলিফোনত ‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক শ্রদ্ধাৰ হীৰেন শইকীয়াৰ এটা ফোন আহিল৷ ফোনটো লৈ ‘হেল্লো’ বুলি কোৱাৰ লগে লগে হীৰেনদাই ক’লে– তোমাৰ লগত ছাৰে কথা পাতিব৷ মই কেইছেকেণ্ডমানৰ বাবে শিলৰ মূর্তিৰ দৰে থৰ লাগিলোঁ৷ আগতে হোমেন বৰগোহাঞি ছাৰৰ লগত কথা পতাৰ মোৰ কোনো অভিজ্ঞতা নাছিল৷ অভিজ্ঞতা নাছিল মানে বৰগোহাঞি ছাৰৰ লগত কথা পতাটো মোৰ বাবে দুঃসাহসৰ বাদে আন একো নাছিল৷ দুবাৰমান ছাৰক দূৰৰ পৰা দেখিছিলোঁ মাত্র৷ তেনেকৈ ছাৰক দেখোঁতে মানুহজনক চাবলৈ নিজকে লুকুৱাই লৈছিলোঁ৷ মোৰ মনত ভাব আছিল, মোৰ ওপৰত ছাৰৰ চকু পৰিলেই যেন মই থিতাতে সেই স্থানতে জ্বলি ছাই হৈ পৰিম৷ সেয়েহে লুকাই লুকাই ছাৰক দর্শন কৰাতেই মই ক্ষান্ত আছিলোঁ৷ নক’লেও হয়, সেই সময়ত ছাৰৰ লগত কথা পাতিবলৈ মনত আছিল উদগ্র আগ্রহ৷ কিন্তু ছাৰৰ দৰে এজন ব্যক্তিৰ লগত কথা পাতিম কেনেকৈ? টেলিফোনৰ ৰিচিভাৰ কাণত লৈ ৫ ছেকেণ্ডমান থৰ লাগি ৰৈ থকাৰ পিছত খুব স্পষ্ট আৰু ধীৰ কণ্ঠৰে ছাৰৰ কথা ভাহি আহিল৷ ছাৰে অত্যন্ত নিম্ন স্বৰত মোক ক’লে– ‘তোমাৰ কথা মোক হীৰেনে কৈছে৷ তুমি খুব কষ্ট কৰিব পৰা, অধ্যয়নশীল আৰু প্রতিভাৱান বুলি শুনিছোঁ৷ যদি মই শুনা কথাকেইটা সঁচা হয়, ‘আমাৰ অসম’ত তুমি কাম কৰিবলৈ বিচাৰিবা নেকি? যদি বিচৰা, তেনেহ’লে এসপ্তাহৰ ভিতৰত তুমি হীৰেনক যোগাযোগ কৰিবা৷ লগতে এইকেইদিনৰ ভিতৰতে তুমি কাম কৰি থকা কাকত প্রতিষ্ঠানৰ লগতো কামবোৰ চিজিল কৰি ল’বা৷ তোমাৰ সিদ্ধান্ত জনাবা৷ তোমাৰ হাতত আছে ১৫ দিন সময়৷ কথাকেইটা খুব শান্তভাৱে আৰু মৰমেৰে কৈ ছাৰে ফোনটো কাটি দিলে৷ প্রতিক্রিয়া জনাবৰ বাবে মোৰ সাহসো নহ’ল, সময়ো নাপালোঁ৷ কেৱল জ্বৰে ঘমাদি সমগ্র মানুহটো ঘামিবলৈ ধৰিলোঁ৷ হয়তো প্রথমবাৰ মেড্রিক পৰীক্ষাৰ ৰিজাল্টৰ খবৰ পোৱাৰ সময়তো মই সেইদৰে থৰ লগা নাছিলোঁ৷
কোৱা বাহুল্য মাথোন, সেই দিনা মই বেলেগ কামত একেবাৰে মন দিব নোৱাৰিলোঁ৷ যন্ত্রৱৎভাৱে কাম কৰি গ’লোঁ যদিও মনত এটাই ভাবে ক্রিয়া কৰি থাকিল– আজি মই হোমেন বৰগোহাঞিৰ লগত কথা পাতিলো৷ নিশা পলমকৈ অফিচৰ পৰা ঘৰলৈ আহিও বিছনাত সেই একেটা কথাকে ভাবি থাকিলোঁ৷ অৱধাৰিতভাৱে পিছৰ মাহত মই বৰগোহাঞি ছাৰৰ ‘আমাৰ অসম’ত উপ–সম্পাদক হিচাপে যোগদান কৰিলোঁ৷ প্রকৃতার্থত এইবাৰহে আৰম্ভ হ’ল মোৰ সাংবাদিকতাৰ আচল অনুশীলন৷ ছাৰৰ নির্দেশ আৰু অনুপ্রেৰণাত কেইবাটাও উচ্চমানৰ প্রবন্ধ লিখিলোঁ কাকতখনৰ পাতত৷ লাহে লাহে মানুহে মোৰ দুই–এটা লিখাৰ প্রশংসা কৰিবলৈ ল’লে৷ সেই সকলো প্রশংসাক গোপনে প্রণাম আৰু অন্তৰৰ পৰা ছাৰলৈ কৃতজ্ঞতা জনাই মই দুগুণ উৎসাহেৰে লিখি গ’লোঁ৷
দেশ–বিদেশৰ বাতৰি পৃষ্ঠাৰ লগতে বিজ্ঞান, স্বাস্থ্য আৰু দুটামান সাপ্তাহিক প্রবন্ধ পৃষ্ঠাৰ দায়িত্বও ছাৰে মোক দিলে৷ মোৰ মনত আছে জর্জ অৰৱেলৰ বিষয়ে এবাৰ মই এটা প্রবন্ধ লিখিছিলোঁ৷ এই প্রবন্ধটো লিখোঁতে মই কিতাপ–পত্র গোটাই পঢ়া–শুনা কৰি যথেষ্ট কষ্ট কৰি লিখিছিলোঁ৷ ছাৰে প্রবন্ধটো পঢ়ি উঠি মোক কৈছিল– অসমীয়া ভাষাত অৰৱেলক সামৰি এটা মাত্র লেখাত আজিলৈকে কোনেও ইমান উচ্চমানৰ প্রবন্ধ লিখিব পৰা নাই৷ আচলতে ছাৰে মোক উৎসাহ দিব বিচাৰিছিল৷ উপহাৰ হিচাপে মোৰ হাতত তুলি দিছিলHerb Cohen You Can Negotiate Anything, How to get what you want কিতাপখন৷ ‘আমাৰ অসম’, ‘দৈনিক বাতৰি’, ‘সাতসৰী’ শেষত আকৌ পুনৰ ঘূৰি আহি ‘আমাৰ অসম’ কাকতত উপ–সম্পাদক হিচাপে বৰগোহাঞি ছাৰৰ লগত মই কেইবাবছৰো কাম কৰিলোঁ৷
২০০৭ চনত মই যোগদান কৰিলোঁ ‘নিউজ লাইভ’ত৷ প্রথমবাৰৰ বাবে ছাৰৰ প্রত্যক্ষ অভিভাৱকত্বৰ পৰা মই আঁতৰি আহিলোঁ৷ কিন্তু আমাৰ ‘নিউজ লাইভ’ত ছাৰে ২০০৮ চনৰ পৰাই নিয়মীয়াকৈ আৰম্ভ কৰিলে ‘মুখামুখি’ নামৰ এটা সাপ্তাহিক কথোপকথন অনুষ্ঠান৷ পিছলৈ ছাৰে ‘মুখামুখি’ বন্ধ কৰি ‘কথা–বার্তা’ নামৰ সাপ্তাহিক অনুষ্ঠানটো নিৰৱচ্ছিন্নভাৱে পৰিচালনা কৰি গৈছিল৷ গতিকে এটা মুহূর্তৰ বাবেও ছাৰৰ ওচৰৰ পৰা আঁতৰি অহা যেন মোৰ অনুভৱ নহ’ল৷
ছাৰৰ অবর্তমানত এতিয়া কেৱল মোৰ স্বগতোক্তি কৰাৰ সময়– ছাৰৰ পৰা মই কি শিকিলোঁ? বহুতে ব্যক্তিগত পর্যায়ৰ কথা–বতৰাতো মোক এই প্রশ্ণটো কেতিয়াবা সুধিছিল৷ মাজে মাজে প্রশ্ণটো মই নিজকো কৰিছিলোঁ৷ আচলতে ছাৰৰ পৰা বহু কথা শিকাৰ সুযোগ আছিল৷ কেৱল ছাৰৰ কিতাপেই নহয়, ছাৰক ওচৰৰ পৰা পোৱা প্রতিজন লোকে মোৰ কথাত সম্পূর্ণ একমত হ’ব যে ছাৰৰ কথা–বতৰা, কাম–কাজ, সময়ানুৱর্তিতা, নীতিনিষ্ঠতা, শৃংখলাবদ্ধতা আদি সকলো লক্ষ্য কৰি থাকিলেই আত্মসংশোধনৰ জৰিয়তে অর্থপূর্ণ জীৱনৰ সন্ধান পোৱা যায়৷ জীৱনৰ প্রতিকূল সময়ত কিদৰে ধৈর্যৰ সাধনা কৰিব লাগে আৰু উদ্দীপনাময় চিন্তা–চর্চাক প্রমুখ্য কৰি আগবাঢ়ি যাব লাগে, তাক অসমত হোমেন বৰগোহাঞি ছাৰৰ বাহিৰে আন কোনেও প্রভাৱশালী ৰূপত শিকাব নোৱাৰে৷ অন্ততঃ মোৰ বিচাৰত৷
মই ছাৰৰ পৰা পোৱা আন দুটা অমূল্য শিক্ষা আছিল– সময়ক সঠিকভাৱে ব্যৱহাৰ কৰা বা প্রতিটো মিনিট কিবা উদ্দেশ্যত খৰচ কৰা৷ ছাৰৰ মন্ত্র আছিল যে হাতৰ আঙুলিৰ ফাঁকেৰে পানী হয়তো সৰকি পৰিব পাৰে, কিন্তু এটা মিনিটো যাতে তোমাৰ জীৱনৰ পৰা সৰি পৰিব নোৱাৰে৷ তেতিয়াহে জীৱনৰ বেছিভাগ সময় মহত্ত্বপূর্ণ উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰিবা৷ মোৰ বিচাৰত সময়ক জুখি জুখি ব্যৱহাৰ কৰাৰ ক্ষেত্রত অসমত দুজন ব্যক্তিয়ে সাধাৰণ মানুহৰ অন্তৰাত্মাত অভূতপূর্ব জাগৰণ আনিবলৈ সক্ষম হৈছিল৷ হোমেন বৰগোহাঞি আৰু ভবেন্দ্রনাথ শইকীয়া৷ বৰগোহাঞি ছাৰে মোক এবাৰ কৈছিল– কোনবোৰ কামক তুমি মুখ্য কৰিবা, কোনবোৰ কামক গৌণ কৰি ৰাখিবা সিয়েই তোমাৰ সমগ্র মানুহটোৰ ব্যক্তিত্ব নির্মাণ কৰিব৷ সেই বিষয়ত তোমাৰ যদি চিন্তা পোন আৰু স্পষ্ট হয়, তেন্তে অলসভাৱে চিন্তা কৰি থকা সময়খিনিও জীৱনৰ বাবে প্রয়োজনীয় হ’ব পাৰে৷
বৰগোহাঞি ছাৰৰ কথা কোৱাৰ শৈলীটোও একক আৰু অনন্য৷ নিজৰ মনৰ ভাবখিনিক কিদৰে স্পষ্টকৈ, যথাযোগ্য শব্দৰে কম কথাত প্রকাশ কৰিব পাৰি, তাক ছাৰৰ লগত কথা পাতিলেই শিকিব পাৰি৷ প্রথমে ক’ব খোজা কথাখিনি মনৰ ভিতৰতে ক্রম অনুসাৰে সজাই লৈ তাক সঠিক শব্দৰে স্পষ্ট ভাষাত প্রাঞ্জলভাৱে কৈ যাব লাগে, সেই ক্ষেত্রত বৰগোহাঞি ছাৰ আছিল অদ্বিতীয়৷ কেৱল ছাৰৰ ৰচনাৰাজিতে নহয়, ছাৰৰ লগত কথা পতাৰ সময়খিনিতো আমাৰ অসমীয়া ভাষাত যে মনৰ ভাব প্রকাশ কৰিব পৰা অজস্র সুন্দৰ শব্দৰ এটা বিশাল ভঁৰাল আছে, সেয়া উপলব্ধি কৰিব পাৰি৷ কিন্তু ছাৰৰ দৰে কথিত ভাষাত সেই শব্দবোৰ ব্যৱহাৰ কৰিব নোৱৰাৰ ফলত আমাৰ এই আপুৰুগীয়া শব্দবোৰ আমাৰ জীৱনৰ পৰা হেৰাই গৈছে৷ বহু লেখক–সাহিত্যিকে লেখাত যিদৰে অসমীয়া ভাষাটোক ব্যৱহাৰ কৰে, সেই একে বক্তব্যক মুখেৰে কৈ যাওঁতে হুবহু ৰূপত প্রকাশ কৰিব নোৱাৰে৷ বৰগোহাঞি ছাৰ এইক্ষেত্রত ব্যতিক্রম আছিল৷ ছাৰৰ লেখাসমূহত যিদৰে বাক্যৰ সঠিক স্থানত সঠিক শব্দৰ ব্যৱহাৰ হ’বই লাগিব, ঠিক সেইদৰে ছাৰৰ কথন শৈলীটোও আছিল সদায় স্পষ্ট আৰু পোন৷
ছাৰে কৰা আৰু এটা মহত্ত্বপূর্ণ কাম আছিল– আনে কৰা সৰু সৰু একোটা কামকো ছাৰে পুৰস্কৃত কৰিবলৈ চেষ্টা কৰিছিল৷ ছাৰৰ কাকত, আলোচনীত কাম কৰাৰ সময়ত যেতিয়াই আমি ছাৰৰ মনঃপুতভাৱে কাম কৰাত সফল হৈছিলোঁ তেতিয়াই একোখন চমু চিঠি লিখি ছাৰে আমাক উদ্বুদ্ধ কৰিছিল৷ কেতিয়াবা হয়তো উপহাৰ হিচাপে দিছিল ভাল কিতাপ বা কলম বা তেনে কোনো সাঁচি থ’ব পৰা সামগ্রী৷
এটা কথা এইখিনিতে মনলৈ আহিছে– ছাৰে সততে লিখা–মেলা কৰিছিল চিয়াঁহী কলমেৰে৷ বলপেন ছাৰে পৰিহাৰ কৰি চলিবলৈ চেষ্টা কৰিছিল (ভাল হাতৰ আখৰ লিখিবলৈ চেষ্টা কৰা প্রতিজন লোকে এই কথাটো মনত ৰখা উচিত বুলি ভাবোঁ)৷ এই কথা মই কোৱাৰ প্রয়োজন নাই যে ছাৰৰ হাতৰ আখৰ সদায়ে অত্যন্ত সুন্দৰ আৰু পৰিষ্কাৰ৷ এদিন আমাজন অনলাইন শ্বপিঙৰ পৰা মই ছাৰৰ বাবে এটা ভাল কলম মগাই আনিছিলোঁ৷ কলমটো হাতত পৰাৰ পিছদিনা কার্যালয়ত ছাৰক ভয়ে ভয়ে সেই কলমটো দিবলৈ গ’লোঁ৷ কোঠালৈ সোমাই যোৱাৰ লগে লগে লিখি থকাৰ পৰা ছাৰে মূৰ তুলি মোলৈ প্রশ্ণবোধক দৃষ্টিৰে চাই ৰ’ল৷ মই কলমটো সন্মুখৰ টেবুলত থৈ ছাৰলৈ অনা বুলি ক’বলৈহে পালোঁ কৃত্রিম খং দেখুৱাই ছাৰে গৰগৰাই উঠিল– ‘তুমি টকাৰ বাহাদুৰি দেখুৱাইছা নেকি? কি দৰকাৰ আছিল মোৰ বাবে ইমান দামী কলম এডাল কিনি আনিবলৈ? দামী কলমেৰে লিখিলেহে মোৰ লিখা ভাল হ’ব বুলি তুমি ভাবা নেকি?’ মোৰ উত্তৰ দিব লগা একো নাই৷ মুখ টিপি হঁাহি হঁাহি ওলাই আহিলোঁ৷ কিন্তু প্রায় এবছৰমান পিছত ছাৰৰ এখন নতুন কিতাপ মোৰ নামত উছর্গা কৰি ছাৰে লিখিলে– ‘মৰমৰ নন্দন, তুমি দিয়া কলমডালেৰে মই কিতাপখন লিখি উলিয়ালোঁ৷ তোমাক বহুত মৰম জনালোঁ৷’
ছাৰৰ ওচৰত মই কৰা এটা অপৰাধৰ বাবে মই কেতিয়াও নিজকে মাফ কৰিব নোৱাৰিম৷ আৰু সেই ভুলৰ প্রায়শ্চিত্ত কৰাৰো মোৰ কোনো উপায় এতিয়া নাই৷ কথাটো আছিল এনেধৰণৰ– বছৰটো বোধহয় ২০১৭ চন৷ ‘নিউজ লাইভ’ত ‘কথা–বার্তা’ অনুষ্ঠানত ছাৰে এটা নতুন আৰু অভিনৱ পৰীক্ষা কৰিবলৈ বিচাৰিলে৷ অনুষ্ঠানটোৰ লাখ লাখ গুণগ্রাহী শ্রোতা–দর্শকে দেখিছে যে এই অনুষ্ঠানত ছাৰে বিভিন্ন ক্ষেত্রৰ একোজন বিশেষ ব্যক্তিক আমন্ত্রণ কৰি বছা বছা প্রশ্ণ কৰে৷ কিন্তু সেইবাৰ ছাৰে এটা নতুন কাম কৰিবলৈ ঠিক কৰিলে৷ ছাৰে মোক মাতি নি দিলে এটা নতুন দায়িত্ব৷ পৰৱর্তী কেইটামান খণ্ডৰ বাবে কথা–বার্তাৰ অতিথি হ’ব স্বয়ং বৰগোহাঞি ছাৰ নিজে আৰু অনুষ্ঠানটো পৰিচালনা কৰিব লাগিব মই৷ ছাৰক জীৱনৰ বিভিন্ন প্রশ্ণ কৰিব লাগিব মই৷ এই প্রবন্ধৰ আৰম্ভণিতে কৈছিলোঁ যে ছাৰে মোৰ প্রতি সততে এটা উচ্চ ধাৰণা পোষণ কৰি আহিছিল৷ ছাৰে ভাবিছিল ছাৰক প্রশ্ণ কৰিব পৰা ব্যক্তিজন হোৱাৰ যোগ্যতা মোৰ আছিল৷ ছাৰৰ প্রায় প্রতিখন কিতাপেই মই অৱশ্যে সৰুৰে পৰা পঢ়িছোঁ৷ কিন্তু ছাৰক প্রশ্ণ কৰাৰ সেই যোগ্যতা মোৰ আছেনে? কিবা প্রশ্ণত যদি মোৰ ভুল হৈ যায় বা যদি ছাৰক মই নুসুধিব লগা প্রশ্ণ সোধোঁ? ছাৰে মোক কথাখিনি কৈ থকাৰ সময়তে মই মনে মনে ঠিক কৰিলোঁ যে মই এই অনুষ্ঠানটোৰ পৰিচালক হ’ব নোৱাৰিম৷ মই ছাৰৰ পৰা পলাই থাকিম৷ দেখাত মই মন দি ছাৰৰ কথা শুনা যেন ভাও ধৰিলোঁ যদিও ছাৰৰ ওচৰৰ পৰা ওলাই অহাৰ মুহূর্ততে ইমান আগ্রহেৰে আৰু মৰমেৰে মোক কোৱা সকলো কথাক নেওচা দি পিছৰ কেইবাটাও সপ্তাহ মই ছাৰৰ চকুৰ পৰা পলাই থাকিলোঁ৷ ছাৰৰ আস্থা আৰু মোৰ প্রতি পোষণ কৰা বিশ্বাসক মই নির্বোধৰ দৰে একাষৰীয়া কৰি চৰম আত্মপ্রতাৰণা কৰিলোঁ৷ সেয়া আছিল মোৰ জীৱনৰ এক অক্ষমণীয় দুষ্কার্য৷ ছাৰক পূবত দেখিলে মই পশ্চিমলৈ পলাওঁ৷ ছাৰ বুধিয়ক মানুহ৷ মোৰ মতি–গতি দেখি ছাৰৰ বুজিবলৈ বেছিদিন নালাগিল৷ ছাৰে আৰু মোৰ দৰে মূর্খ এটাৰ পৰা সেই অনুষ্ঠানটো হোৱাৰ কোনো আশা নকৰিলে৷ মোৰ জীৱনৰ অন্যতম আক্ষেপ হিচাপে এই অপৰাধো থাকি গ’ল৷ যাৰ কোনো প্রায়শ্চিত্ত নাই৷ কিন্তু ইয়াৰ পিছত ২০১৮ চনত জীৱ–জন্তুৰ প্রতি মই কৰা ভাল কামৰ পুৰস্কাৰ হিচাপে ছাৰে মোক কথা–বার্তা অনুষ্ঠানত অতিথি হিচাপে আমন্ত্রণ কৰিলে৷ শেষলৈকে ছাৰে মোক পুৰস্কৃত কৰি গ’ল৷
আৰম্ভণিতে লিখিছিলোঁ যে ছাৰৰ জীৱনৰ পৰা আমি বহু কথা শিকিব পাৰোঁ৷ ছাৰ আজি আমাৰ মাজত নাই৷ শেষলৈকে বাস কৰা ছাৰৰ ঘৰটোও মোৰ ফ্লেটৰ পৰা মাত্র ৫০ খোজৰ দূৰত্বত৷ ছাৰ নোহোৱা হোৱা দিন ধৰি ছাৰৰ ঘৰলৈও মই যোৱা নাই৷ জীয়াই থাকোঁতে ছাৰে বিচৰা কামটো মই কৰিব নোৱাৰিলোঁ৷ কিন্তু ছাৰৰ চৰণত সেৱা জনাই অদৃষ্টক কথা দিছোঁ– ছাৰে কথাই–কামে শিকাই যোৱা প্রতিটো শিক্ষাকে এতিয়াৰে পৰা নিজৰ জীৱনত প্রয়োগ কৰিবলৈ চেষ্টা কৰিম৷ মোৰ অপৰাধ ক্ষমা কৰিব ছাৰ৷ আপুনি সদায় শান্তিত থাকক৷ আপোনাক হূদয়ত লৈ আমি আগবাঢ়ি যাম৷ আপুনি সদায় আশীর্বাদ কৰি থাকক৷

লেখক ‘নিউজ লাইভ’ৰ বার্তা সম্পাদক,

ফোন: ৯৮৬৪১–৫২৫৫৫

You might also like