নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙল গ্রহৰ পৃষ্ঠৰ পৰা পৃথিৱীলৈ ছেলফি প্রেৰণ ঝুৰঙৰ

নিয়মীয়া বাৰ্তা, ১২ জুন: ৰঙা গ্রহ মঙলত অৱতৰণৰ পিছৰে পৰা চীনৰ ঝুৰং ৰ’ভাৰে বিভিন্ন আলোকচিত্র প্রেৰণ কৰি আহিছে৷ শেহতীয়াকৈ ৰ’ভাৰটোৱে মঙলৰ পৃষ্ঠত গ্রহণ কৰা এলানি ছেলফি প্রেৰণ কৰিছে পৃথিৱীলৈ৷ যোৱা মে’ মাহত মঙললৈ ৰ’ভাৰ প্রেৰণ কৰি এক অনন্য অভিলেখ গঢ়িছিল চীনৰ মহাকাশ গৱেষণা সংস্থাই৷ মঙললৈ ইয়াৰ পূর্বে ৰ’ভাৰ প্রেৰণ কৰা একমাত্র দেশখন হৈছে আমেৰিকা৷

ৰ’ভাৰটোৰ সৈতে সংলগ্ন হৈ থকা ৱায়াৰলেছ কেমেৰাৰ জৰিয়তে এই ছেলফিবোৰ গ্রহণ কৰা হৈছে৷ এখন ছেলফিত ৰ’ভাৰটোত দুখনকৈ চীনৰ ৰাষ্ট্রীয় পতাকা উৰুৱাই থকা দেখিবলৈ পোৱা গৈছে৷ স্মর্তব্য যে মঙলৰ অতি দুর্গম প্রান্তলৈ চীনে ঝুৰং ৰ’ভাৰ প্রেৰণ কৰিছে৷

ইতিমধ্যে মঙলত পূর্বে জীৱৰ অস্তিত্ব আছিল নে নাই, তাক লৈ পৰীক্ষা–নিৰীক্ষা চলোৱা হৈছে ৰ’ভাৰটোৰ জৰিয়তে৷ ইফালে, আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্রেৰণ কৰা পার্ছেভাৰেন্স আৰু কিউৰি’চিটী ৰ’ভাৰেও ৰক্তাভ গ্রহটোত বিভিন্ন গৱেষণা চলাই আছে৷

You might also like