নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক বহৰি সত্রৰ ৮০ বিঘা ভূমিত সন্দেহজনক নাগৰিকৰ বেদখল

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ সন্দেহজনক লোকৰ বেদখল আৰু গৰাখহনীয়াই সংকট মাতিছে ৰাজ্যৰ ঐতিহাসিক সত্রসমূহৰ অন্যতম বহিৰ সত্রলৈ৷ মহাপুৰুষ শ্রীশ্রীহৰিদেৱে ১৪৫৩ খ্রীষ্টাব্দতে প্রতিষ্ঠা কৰা বহৰি সত্রখনৰ বৃহৎ পৰিমাণৰ ভূমি বেদখল কৰিছে সন্দেহজনক লোকে৷ সত্রখনৰ মুঠ ১৮৪ বিঘা ভূমিৰ ৮০ বিঘা ভূমিয়েই সন্দেহজনক লোকে বেদখল কৰি আছে৷ এই তথ্য সদৰী কৰিছে অসম সত্র মহাসভাই৷

এক বিবৃতিত সত্র মহাসভাৰ প্রধান সম্পাদক কুসুম মহন্তই প্রকাশ কৰা অনুসৰি বহৰি সত্রৰ স্থাৱৰ সম্পত্তি বৃহত্তৰ অঞ্চলটোত কেইবাঠাইতো বিস্তৃত হৈ আছে৷ সেই অনুসৰি শ্রীশ্রীহৰিদেৱ ক্ষেত্রত ৩ বিঘা ৪ কঠা, মথাউৰিৰ দক্ষিণত পাৰাণ বিলত ৮২ বিঘা, মথাউৰিৰ উত্তৰ গো ৰিজার্ভত ২৭ বিঘা ১৫ লেচা, বজাৰৰ ৰাম মন্দিৰৰ ওচৰত ১ বিঘা ১৫ লেচা, সত্রৰ অতিথিশালাত ৩ কঠা ১৪ লেচা, বহৰি বাছ আস্থানৰ ওচৰত ১ কঠা ১ লেচা, নতুন নামঘৰত ৩ বিঘা ৮ লেচা, পুৰণি নামঘৰৰ ৪ বিঘা, গো ৰিজার্ভৰ পশ্চিমত ১০ বিঘাৰ পুখুৰী, বহৰি এম ভি স্কুলৰ ওচৰত ১ কঠা, ছোৱালী হাইস্কুলৰ হোষ্টেলৰ ওচৰত গো ৰিজার্ভত ৪ বিঘা, সত্রৰ নিচপেখেৰাজ ভূমি ৩৮ বিঘা ৩ কঠা ৪ লেচা, শ্মশান ঘাটত ২ বিঘা ২০ লেচা আৰু ৰণ পুখুৰীত ৮ বিঘা ভূমি আছে বহৰি সত্রৰ৷ ইয়াৰে মথাউৰিৰ উত্তৰ দিশত থকা গো ৰিজার্ভত ৭৮নং দাগৰ ৮০ বিঘা ভূমি সন্দেহজনক লোকে বেদখল কৰি আছে বুলি প্রকাশ কৰিছে সত্র মহাসভাৰ প্রধান সম্পাদকজনে৷

উক্ত বেদখলকৃত ভূমি উদ্ধাৰ কৰি পুনৰ বহৰি সত্র কর্তৃপক্ষক ওভতাই দিবলৈ চৰকাৰক আহ্বান জনাইছে তেওঁ৷ তদুপৰি গৰাখহনীয়াই সত্রখনলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি তেওঁ কয়– ‘কিছু বছৰ পূর্বে শ্রীশ্রীবহৰি সত্র পৰিয়ালৰ ১,২০০ বিঘা ভূমি ব্রহ্মপুত্রত সম্পূর্ণৰূপে জাহ গ’ল৷ বর্তমান ব্রহ্মপুত্রৰ খহনীয়াই তীব্র ৰূপ ধাৰণ কৰিছে৷ ভোগেপাৰা, বাৰাদিৰ ডক্রেশ্বৰ দেৱালয় বর্তমান খহনীয়াৰ কবলত৷ গৰাখহনীয়াই সত্রৰ চাৰিওফালে বসবাস কৰা ১,১০০টা পৰিয়ালৰ প্রতিও বিপদ কঢ়িয়াই আনিছে৷ শীঘ্রে স্থায়ীভাৱে মথাউৰি নির্মাণ নকৰিলে ১,১০০ ঘৰ স্থায়ী বাসিন্দা ব্রহ্মপুত্রৰ বুকুত নিঃশেষ হৈ যাব৷’

You might also like