নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড পৰিস্থিতিঃ শিশুৰ সমস্যা আৰু সমাজৰ দায়িত্ব

ড০ নৱনীতা ভট্টাচার্য্য

ক’ভিড–১৯ৰ প্রথম আৰু দ্বিতীয় ঢৌৱে সমগ্র বিশ্বৰ লগতে আমাৰ ভাৰতবর্ষ আৰু অসমকো বাৰুকৈয়ে বিধ্বস্ত কৰিছে৷ ১১ জুন ২০২১ পর্যন্ত বিশ্বত ১৭,৫৬,২৩,৩৩৯জন এই ৰোগত আক্রান্ত হৈছে আৰু ৩৭,৮৮,৮৩১জন লোক মৃত্যুমুখত পৰিছে৷ এই পৰিসংখ্যা ভাৰতবর্ষৰ ক্ষেত্রত যথাক্রমে ২,৯২,৭৪,৮২৩ আৰু ৩,৬৩,০৭৯জন৷ অসমত মুঠ আক্রান্ত হৈছে ৪,৫০,২০১জন আৰু মৃত্যু হৈছে ৩,৮৪৪জনৰ৷
আক্রান্ত আৰু মৃতকৰ বিভীষিকাময় পৰিসংখ্যাৰ উপৰি এই মহামাৰীয়ে সভ্য সমাজৰ ভেটিস্বৰূপ শিক্ষা, বাণিজ্য, কর্মসংস্থাপনকে ধৰি প্রায় আটাইবোৰ ক্ষেত্রৰে বিস্তৰ ক্ষতি কৰিছে আৰু মানৱ সমাজৰ আর্থ–সামাজিক কাঠামো সোলোক–ঢ়োলোক হৈ পৰাৰ উপক্রম হৈছে৷ অৱশ্যে পৰিসংখ্যালৈ চালে মুঠ আক্রান্তৰ দহ শতাংশতকৈও কমসংখ্যক শিশুহে ক’ভিড–১৯ত আক্রান্ত হৈছে আৰু মৃত্যুৰ হাৰো শিশুৰ ক্ষেত্রত তেনেই নগণ্য৷ গতিকে ওপৰে ওপৰে চালে শিশুৰ ওপৰত এই মহামাৰীৰ প্রত্যক্ষ হাতোৰা পৰা নাই যেন লাগে৷ কিন্তু মহামাৰীসৃষ্ট প্রতিকূল পৰিস্থিতিৰ বলি হোৱা শিশুৰ সংখ্যালৈ মন কৰিলে এক ভয়ানক দৃশ্য সমুখলৈ আহে৷
ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ National Commission for Protection of Child Right) চমুকৈNCPCR-এ দেশৰ উচ্চতম ন্যায়ালয়ক জনোৱা মতে, যোৱা ৫ জুন ২০২১ পর্যন্ত ক’ভিড–১৯ত পিতৃ–মাতৃৰ মৃত্যু হোৱা অথবা ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ বাবে পৰিত্যক্ত হোৱা মুঠ অনাথ শিশুৰ সংখ্যা কেৱল ভাৰতবর্ষতে ৩০,০৭১জন৷ পৰিসংখ্যাৰ বাহিৰত ৰৈ যোৱা আৰু কিমানসংখ্যক শিশুক এই মহামাৰীৰ হাতোৰাই নিঠৰুৱা কৰিছে, সেয়া অনুমান কৰিব পৰা নাযায়৷ ইতিমধ্যেNCPCR-এ এই হতভাগ্য শিশুহঁত যাতে দুষ্টচক্রৰ কবলত পৰি নির্যাতন তথা অপহৰণৰ দৰে দুর্ভাগ্যৰ সন্মুখীন হ’ব লগা নহয়, তাৰ প্রতি গুৰুত্ব আৰোপ কৰি চৰকাৰ তথা ঊর্ধ্বতন কর্তৃপক্ষৰ প্রতি কিছুমান নির্দেশনাও আগবঢ়াইছে৷ এই শিশুহঁতৰ শিক্ষা, স্বাস্থ্য তথা নিৰাপত্তাজনিত দিশসমূহৰ ওপৰত বৌদ্ধিক মহলত সচেতন, সহানুভূতিশীল আৰু বিতং আলোচনাৰ অৱকাশ আছে৷
অনাথ হোৱা শিশুসকলৰ উপৰি সাধাৰণভাৱেও সমাজৰ ভৱিষ্যৎস্বৰূপ শিশুসকলে ক’ভিডসৃষ্ট একাধিক সমস্যাৰে ভাৰাক্রান্ত হ’ব লগা হৈছে৷ ২০২০ চনৰ মার্চ মাহত প্রায় ১৬০খন দেশৰ স্কুলসমূহ ক’ভিড–১৯ৰ বাবে বন্ধ হৈ যোৱাৰ পিছত প্রথম ঢ়ৌৰ শেষত আৰু এতিয়া দ্বিতীয় ঢ়ৌ শাম কাটিবলৈ আৰম্ভ কৰাৰ সময়ত স্কুল–কলেজসমূহ আকৌ খোলাৰ সিদ্ধান্ত ল’বলৈ যাওঁতেই দেশসমূহে থমকি ৰ’বলগীয়া হৈছে৷John Hopkins University, The World Bank আৰুUNICEFৰ এক যুটীয়া অধ্যয়নে প্রকাশ কৰা মতে এই বছৰৰ (২০২১ চনৰ ১ মার্চ মাহ) শেষলৈকে ক’ভিড–১৯–এ ১৬০ কোটি শিশুৰ শিক্ষাত বাধাগ্রস্ততাৰ সৃষ্টি কৰিছে৷ শিক্ষা এক মানৱীয় অধিকাৰ হোৱাৰ উপৰি উন্নয়নৰ বাবে এক চালিকাশক্তি তথা দৰিদ্রতা নির্মূল, লিংগবৈষম্য ৰোধ, স্বাস্থ্যৰ উন্নয়ন, শান্তি প্রতিষ্ঠা আৰু সামাজিক স্থিৰতা ৰক্ষাৰ এক শক্তিশালী আহিলা৷ এখন দেশৰ মানৱ সম্পদৰ বিকাশত শিক্ষা ক্ষেত্রত কৰা সু–পৰিকল্পিত বিনিয়োগে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ উন্নত দেশসমূহৰ বিনিয়োগ ব্যৱস্থা পর্যবেক্ষণ কৰিলেই আমি এই কথাৰ উমান পাওঁ৷ ক’ভিডসৃষ্ট অর্থনৈতিক মন্দাৱস্থাই শিক্ষাৰ উন্নয়নত ধার্য হ’বলগীয়া অর্থনৈতিক বিনিয়োগত ঋণাত্মক প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ শিক্ষানুষ্ঠান বন্ধৰ ফলত সৃষ্টি হোৱা শিক্ষা প্রদান আৰু গ্রহণৰ বাধাগ্রস্ততা তথা শিক্ষাৰ ক্ষেত্রত বিনিয়োগৰ হ্রাসে শিশুৰ মানসিক–শাৰীৰিক বিকাশত বাধা প্রদান কৰিব৷ শীঘ্রে দেশসমূহে বিশেষকৈ অনুন্নত আৰু উন্নয়নশীল দেশসমূহে বিজ্ঞানসন্মত তথা সর্বাত্মক ব্যৱস্থা গ্রহণ নকৰিলে এই পৰিস্থিতিয়ে অশিক্ষিতৰ হাৰ বৃদ্ধি আৰু বর্ধিত সামাজিক বৈষম্য তথা অস্থিৰতাৰ সৃষ্টি কৰিব৷
এনে প্রতিকূলতাৰ পৰা শিশুহঁতক ৰক্ষা কৰাৰ বাবে তথা সমাজৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে চৰকাৰী প্রচেষ্টাৰ উপৰি পৰিয়াল, চুবুৰি, গাঁও, চহৰৰ নাগৰিক সমাজৰ স্তৰতো সৰু সৰু প্রচেষ্টা হাতত ল’ব পৰা যায়৷ ওচৰ–পাঁজৰত অসুৰক্ষিত, অকলশৰীয়া শিশু থকাৰ উমান বা খবৰ পালে ১০৯৮ নম্বৰত ফোন কৰিChild lineত খবৰ দিয়া অথবা স্থানীয় থানাত খবৰ দিয়া আদি সৰু সৰু পদক্ষেপেই বহুতো শিশুক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব৷ তদুপৰি স্কুলৰ পৰিৱেশৰ পৰা বঞ্চিত শিশুহঁতক পৰিয়াল, ওচৰ–চুবুৰীয়াই বিভিন্ন মাধ্যমৰ জৰিয়তে সৃষ্টিশীল কার্যত ব্যস্ত থকাত সহায় কৰিব পাৰে৷ খাদ্য, বাসস্থান আৰু বংশবৃদ্ধিৰ উপৰি মানুহ হিচাপে জীয়াই থাকিবলৈ মানুহক মানসিক পুষ্টিৰ দৰকাৰ হয়৷ সেয়েহে মানুহক শৈক্ষিক আৰু সাংস্কৃতিক উপাদানসমূহৰ প্রয়োজন হয়৷ ক’ভিড নিয়ম পালন কৰি শিশুহঁতক কেনেকৈ এই উপাদানসমূহেৰে সমৃদ্ধ কৰি ৰাখিব পৰা যায় আৰু সিহঁতৰ মানসিক বিকাশৰ গতি ৰুদ্ধ নোহোৱাকৈ ৰাখিব পৰা যায়, তাৰ কাৰণে পৰিয়াল আৰু চুবুৰি স্তৰত চর্চা হোৱা দৰকাৰ৷ বিজ্ঞজনে এইক্ষেত্রত চিন্তা–চর্চা কৰি পৰামর্শ আগবঢ়ালে অন্ধকাৰতো পোহৰৰ সন্ধান পোৱাৰ অৱকাশ আছে৷

সহকাৰী অধ্যাপিকা, উদ্ভিদ বিজ্ঞান বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়, ফোন ঃ ৯৪৩৫৩–২৩২২০

You might also like