নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মসমালোচনালৈ ভয় কিয়

দুর্যোগে সংগ ত্যাগ কৰা নাই ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছক৷মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতা কৰি হ’লেও দিছপুৰৰ ক্ষমতা হস্তগত কৰাৰ সপোন থানবান হোৱাৰ পিছত আকৌ নেতৃত্বকেন্দ্রিক অন্তঃকন্দলত জর্জৰিত হৈছে কংগ্রেছ দল৷ ২০২১ৰ বিধানসভা নির্বাচনত সাফল্যৰ ধাৰাবাহিকতাৰে ৰাজ্যত পুনৰ ক্ষমতাত অধিষ্ঠিত হৈছে বিজেপি নেতৃত্বাধীন মিত্রজোঁট৷ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াকে লৈ শাসকীয় বিজেপি, অগপ আৰু ইউ পি পি এলৰ নেতা–কর্মীসকলৰ মাজতো ব্যাপক উৎসাহ আৰু তৎপৰতা বৃদ্ধি হৈছে৷ শাসকীয় পক্ষৰ এনে তৎপৰতাৰ বিপৰীতে বিৰোধী কংগ্রেছৰ নেতা–কর্মীসকলৰ মাজত বিৰাজ কৰিছে হতাশা৷ গণতন্ত্রক শক্তিশালী ৰূপত প্রতিষ্ঠিত কৰিবলৈ হ’লে বিৰোধী পক্ষ শক্তিশালী হ’বই লাগিব৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ সপক্ষে অসমবাসীয়ে জনাদেশ দিলেও সন্মুখত থকা পাঁচ বছৰত চৰকাৰখনক সঠিক বাট দেখুৱাব লাগিব কংগ্রেছ দলে৷ এইক্ষেত্রত বিৰোধীৰ ভূমিকা পালন কৰিবলৈ সাজু থকা বুলি কংগ্রেছৰ নেতাসকলে মুখেৰে আওৰাই থাকিলেই ৰাজ্যবাসীয়ে শক্তিশালী বিৰোধী দলৰ ভূমিকা কংগ্রেছৰ পৰা আশা কৰিব নোৱাৰে৷ ২০২১ৰ বিধানসভা নির্বাচনৰ ফলাফল ঘোষণাৰ ডেৰ মাহ হ’ল যদিও অসমবাসীয়ে কিয় আশা কৰা ধৰণে সমর্থন নকৰিলে, তাৰ কোনো পর্যালোচনা কৰা নাই প্রদেশ কংগ্রেছৰ নেতৃত্বই৷ ২০০১ৰ পৰা ধাৰাবাহিকভাৱে তিনিটা কার্যকাল ৰাজ্যৰ ক্ষমতাত থকা কংগ্রেছ দল ২০১৬ৰ বিধানসভা নির্বাচনত বিধ্বস্ত হৈছিল৷ ২০১১ৰ বিধানসভা নির্বাচনত ৭৯খন আসনত জয়লাভ কৰি দলটোৱে তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত দলটোৱে ২০১৬ৰ নির্বাচনত মাথোঁ ২৬খন আসনতহে জয়লাভ কৰিছিল৷ ২০১৬ৰ বিধানসভা নির্বাচনৰ দুর্যোগৰ পিছত ২০২১ৰ নির্বাচনতো বিপর্যয়ে কংগ্রেছৰ নিষ্ঠাৱান নেতা–কর্মীসকলক হতাশ কৰাটো অস্বাভাৱিক নহয়৷ কিন্তু কংগ্রেছ দলটোৰ নেতা–কর্মীসকলৰ মাজত দেখা দিয়া এনে হতাশা দূৰ কৰিবলৈ হ’লে কংগ্রেছৰ নেতা–কর্মীসকলে বিগত নির্বাচনৰ ভুল–ত্রুটিসমূহৰ সঠিক পর্যালোচনা কৰিব লাগিব৷ দলীয় নেতা–কর্মীসকলৰ আৱেগ–নুভূতিক যথোচিত সন্মান প্রদর্শন অবিহনে প্রধান বিৰোধী দলটোৱে অসমবাসীৰ আস্থা আৰু বিশ্বাস ঘূৰাই পাব বুলি আশা কৰিব নোৱাৰি৷
শেহতীয়া বিধানসভা নির্বাচনৰ দুর্যোগে কংগ্রেছৰ নিষ্ঠাৱান নেতা–কর্মীসকলক কিদৰে হতাশ আৰু ক্ষুণ্ণ কৰি তুলিছে, সেয়া ৯ মার্চৰ ‘নিয়মীয়া বার্তা’ত প্রকাশিত প্রদেশ কংগ্রেছৰ মুখপাত্র দিলীপ শর্মাৰ সাক্ষাৎকাৰত স্পষ্ট হৈছে৷ প্রদেশ কংগ্রেছৰ মুখপাত্রগৰাকীয়ে প্রকাশ কৰা অনুসৰি এআইইউডিএফৰ দৰে সাম্প্রদায়িক দলৰ স’তে কংগ্রেছে নির্বাচনী মিত্রতা কৰাটো ঐতিহাসিক ভুল সিদ্ধান্ত আছিল৷ এই মিত্রতাত কংগ্রেছৰ নিষ্ঠাৱান নেতা–কর্মীসকলে সমর্থন কৰা নাছিল৷ কিন্তু দলীয় অনুশাসন ভংগ নকৰাৰ স্বার্থতে অধিকাংশ নেতাই এইক্ষেত্রত মৌন হৈ আছিল৷ যিসময়ত বিজেপিৰ নেতা–কর্মীসকলে নির্বাচনী প্রচাৰ অভিযানত জঁপিয়াই পৰিছিল, সেই সময়তে দলটোৰ একাংশ শীর্ষ নেতা ব্যস্ত আছিল নেতৃত্বৰ খোৱা–কামোৰাত৷ প্রার্থী বাছনিৰ ক্ষেত্রতো ধনৰ লেনদেন অথবা বিজেপিৰ স’তে গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং বিৰোধী দলটোৰ মুখপাত্রগৰাকীয়ে৷ নির্বাচনী বিপর্যয়ৰ পর্যালোচনা কৰিবলৈ কংগ্রেছৰ নেতৃত্বই সাহস নকৰা কার্যত বিৰোধী দলটোৰ মুখপাত্রগৰাকীয়ে ক্ষোভ উজাৰিছে৷ কংগ্রেছৰ মুখপাত্রগৰাকীৰ এনে স্থিতিৰ পিছত দলটোৰ ১০জন জ্যেষ্ঠ নেতাই দলীয় নির্বাচনী দুর্যোগৰ পর্যালোচনা বৈঠক শীঘ্রে অনুষ্ঠিত কৰিবলৈ দেওবাৰে দাবী উত্থাপন কৰিছিল৷ অসমৰ সাংগঠনিক দায়িত্বত থকা নিখিল ভাৰত কংগ্রেছ সমিতিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙলৈ এই সন্দর্ভত দলটোৰ উপ–সভাপতি শৰৎ বৰকটকী, দ্বিজেন শর্মা, সাধাৰণ সম্পাদক শৈলেন বৰা, প্রাক্তন মন্ত্রী নীলমণি সেন ডেকা, পৃথিৱী মাঝি, প্রাক্তন সাংসদ মাধৱ ৰাজবংশী, আব্দুল হামিদ, বলীন কুলী আদিয়ে পর্যালোচনা বৈঠক আহ্বান কৰিবলৈ নেতৃত্বৰ ওচৰত দাবী উত্থাপন কৰাটো নিশ্চিতভাৱে গুৰুত্বপূর্ণ৷ জ্যেষ্ঠ নেতাসকলৰ আহ্বান অনুসৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা অথবা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে শীঘ্রে পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি দলীয় ভুল–ভ্রান্তি দূৰ কৰাৰ প্রয়োজন৷ দলৰ নিষ্ঠাৱান নেতা–কর্মীসকলক আস্থা আৰু বিশ্বাসত ল’ব নোৱাৰিলে কংগ্রেছ দলে আগন্তুক দিনত ৰাজ্যখনত ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰাটো সহজসাধ্য নহ’ব৷

You might also like