নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদখল উচ্ছেদৰ বিৰুদ্ধে ৰাজনীতি কিয়?

- অপৰূপা বৰঠাকুৰ

অসমত যেতিয়াই চৰকাৰী মাটি, চৰ অঞ্চল আদি বেদখল উচ্ছেদ কৰা হয়, তেতিয়াই সততে শুনিবলৈ পোৱা যায় কিছুমান দল–সংগঠনে বিভিন্ন মিডিয়া, ফেচবুক আদিত আন এক ৰূপ দিয়াৰ চেষ্টা কৰে৷ এই চক্রটোৱে কেৱল ৰাষ্ট্রীয় পর্যায়তে নহয় আন্তঃৰাষ্ট্রীয় পর্যায়তো অসমৰ ছবিখন নৃশংস ৰূপত প্রতিষ্ঠা কৰাৰ বাবে উঠিপৰি লাগে৷ উচ্ছেদিত ঘৰ–দুৱাৰ, সৰু সৰু ল’ৰা–ছোৱালীবোৰৰ দুখলগা ছবিয়ে নিঃসন্দেহে সকলোকে মর্মাহত কৰে৷ কিন্তু কথাবোৰ যদি অলপ আমি ঐতিহাসিক পটভূমিত ফঁহিয়াই চাওঁ বিভিন্ন চৰকাৰী মাটি, সত্রৰ মাটি, মন্দিৰৰ মাটি, জলাশয়, পাহাৰৰ মাটি বেদখল কৰাৰ যিটো প্রক্রিয়া চলাই থকা হৈছে বর্তমানেও সেই প্রক্রিয়াটো অসমৰ খিলঞ্জীয়া মানুহক ঘৰতে গৃহহীন কৰাৰ এটা ডাঙৰ ষডযন্ত্রৰ অংশ বিশেষ যেনহে লাগে৷ যিসময়ত খিলঞ্জীয়া লোকসকলে অকণমান মাটিৰ বাবে হাহাকাৰ কৰিব লগা হৈ আছে, সেই সময়ত বিভিন্ন চৰকাৰী মাটি, মন্দিৰ, সত্র আদিত অবৈধভাৱে তেওঁলোকক চৰকাৰে কেনেকৈ আশ্রয় দিব? আটাইতকৈ আশ্চর্যজনক কথাটো হ’ল এইসকল লোকৰ ওপৰত কোনো এক অদৃশ্য শক্তিৰ আশীর্বাদ আছে নেকি, যাৰ সহায়ত তেওঁলোকে অসমৰ পৰিত্যক্ত অঞ্চলসমূহ বিচাৰি উলিয়াই নিগাজি হোৱাৰ চেষ্টা কৰে৷
১৯৪৭ চনত ভাৰতৰ স্বাধীনতাক কালিমা সানি সম্পূর্ণ ধর্মৰ ভিত্তিত ভাৰত বিভাজন হ’ল৷ স্বাধীন ভাৰতৰ ৰাজ্যসমূহ মূলতঃ ভাষাৰ ভিত্তিত গঠন কৰা হ’ল৷ দেশ বিভাজন যদিও ধর্মৰ ভিত্তিত হ’ল, কিন্তু দুয়োখন দেশতে দুয়োটা ধর্মৰ মানুহ সিঁচৰতি হ’ল৷ সেই সূত্রে পাকিস্তানত হিন্দু সংখ্যালঘু হ’ল আৰু ভাৰতত মুছলমান সংখ্যালঘু হ’ল৷ ইতিমধ্যে ভাৰতবর্ষৰ সংবিধান প্রণয়ন হ’ল আৰু সংখ্যালঘুৰ বাবে সংবিধানৰ বিভিন্ন অনুচ্ছেদত বিভিন্ন সা–সুবিধাৰ লগতে অধিকাৰ সন্নিৱিষ্ট কৰা হ’ল৷
এই ভাৰতভূমিৰ এখন ৰাজ্য হ’ল অসম৷ আমি সকলোৱে জানো যে কাশ্মীৰৰ দৰে অসমতো ইছলামীকৰণৰ প্রচেষ্টা বহু বছৰৰ পৰাই চলি আছে আৰু মুছলিম আগ্রাসন ভয়ানকভাৱে বৃদ্ধি পাই গৈ আছে প্রতিবছৰেই৷ যি সপোন মহম্মদ আলি জিন্নাই বহু বছৰৰ আগতেই দেখিছিল অসমক লৈ, সেই সপোন আজিও কিমান প্রবলভাৱে দেখি আছে, সেই কথা ‘কা’ প্রতিবাদী আন্দোলনৰ সময়ত শ্বার্জিল ইমামৰ মুখেৰে অসম–ভাৰতৰ সংযোগ স্থানক ‘চিকেন নেক’ কাটি অসমক ভাৰতৰ পৰা পৃথক কৰি পেলোৱাৰ কথা কোৱাটোৱে প্রমাণ কৰিলে৷
অর্থাৎ মুছলিম লীগ গঠন কৰি দেশ বিভাজনৰ উদ্দেশ্য লওঁতেই কাশ্মীৰৰ দৰে অসমকো ইছলামিক ৰাষ্ট্রৰ অধীন কৰাৰ লক্ষ্য ৰাখিছিল মুছলিম লীগৰ সদস্যসকলে৷ সেই উদ্দেশ্যৰে তেওঁলোকৰ কামবোৰ সুসংহতভাৱে চলাই নিছিল৷ ১৯০৫ চনত বংগ ভংগৰ পিছতে বর্তমান বাংলাদেশৰ ঢ়াকা চহৰত ১৯০৬ চনত মুছলিম লীগৰ জন্ম দিয়ে জিন্না আৰু তেওঁৰ অনুগামীসকলে৷ আৰু জন্ম হৈয়ে বংগত অসুবিধা পোৱা মুছলমান লোকসকলক পৰামর্শ দিয়ে অসমলৈ আহি সুৰক্ষিত হ’বলৈ৷
শ বছৰীয়া পৰিকল্পিত ষডযন্ত্রৰ বলি হ’ল অসম৷ বর্তমান অসমৰ চৈধ্যখন জিলাত মুছলমানৰ জনসংখ্যা অধিক হোৱাৰ ফলত সিহঁতৰ হাতলৈ গুচি গ’ল সেই জিলাকেইখন ইতিমধ্যে৷ দুর্ভাগ্যজনক কথাটো হ’ল ২০১১ চনৰ লোকপিয়ল অনুসৰি ৩৪.২ শতাংশ মুছলমান জনসংখ্যা এই হাৰত বাঢ়ি গৈ থাকিলে অনুমান কৰা গৈছে ২০২১ চনত নির্ঘাট ৪০ শতাংশৰ আশে–পাশেই হ’ব আৰু বিশ–ত্রিশ বছৰৰ ভিতৰত মুছলমান জনসংখ্যা অধিক হিচাপে অসম স্বীকৃত হ’ব৷ তেতিয়া হয়তো অসম এখন ইছলামিক ৰাজ্য হ’ব নহ’লে বাংলাদেশৰ লগত চামিল হ’ব৷
১৯৩৮ চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনে এই ভয়াৱহতাই ভৱিষ্যৎ দিনবোৰত অসমত হ’ব পৰা ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে তেতিয়াই অনুভৱ কৰি অবৈধ অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে কিছু ব্যৱস্থা গ্রহণ কৰে৷ কিন্তু সময়ে যেন অসমৰ হিন্দুৰ বিপক্ষে থিয় দি ভাল পোৱা হ’ল৷ মুছলিম লীগৰ আদর্শৰে অনুপ্রাণিত ছাদুল্লা মুখ্যমন্ত্রী হৈয়ে অসমখন সুজলা–সুফলা শস্য–শ্যামলা কৰিম বুলি পৰিকল্পনা কৰি খেতি কৰিবলৈ মন মেলিলে আৰু সেই খেতিত কাম কৰিবলৈ তেতিয়াৰ পূব পাকিস্তান বর্তমানৰ বাংলাদেশৰ বহু শ্রমিক অসমলৈ আহিবলৈ অনুমতি দিলে৷ পৰিকল্পিতভাৱেই ছাদুল্লাই চৰকাৰী বিস্তীর্ণ ভূমিত সেই শ্রমিকসকলক স্থায়ীভাৱে থাকিবলৈ সুবিধা কৰি দিয়ে৷ অসমত অন্ধকাৰ যুগৰ পূর্ণতা দিলে ছাদুল্লা চৰকাৰে৷
যিহেতু নেহৰু আৰু জিন্নাৰ মাজত সুসম্পর্ক আছিল, গতিকে ভাৰত স্বাধীন হোৱাৰ পিছত মুছলিম লীগৰ সদস্য ছাদুল্লা সংবিধান প্রণয়ন কমিটীৰ সদস্য হোৱাৰো সুযোগ পাইছিল আৰু নেহৰুৰ লগত থকা ঘনিষ্ঠতাৰ বাবেই অসমৰ মুখ্যমন্ত্রী হৈছিল৷ ছাদুল্লা মন্ত্রীসভাৰ বিশেষত্ব আছিল এয়ে যে সেই মন্ত্রীসভাত শীর্ষ পর্যায়ত কোনো খিলঞ্জীয়াৰ স্থান নাছিল৷ ছাদুল্লা চৰকাৰৰ নীতিবোৰ দেখি তেতিয়াৰ ৰাষ্ট্রপতি ৰাজেন্দ্র প্রসাদ, মহাত্মা গান্ধীয়েও শংকিত হৈছিল অসমৰ ভৱিষ্যতৰ কথা ভাবি৷
অসমত আৰম্ভ হ’ল অন্ধকাৰ ক’লা যুগৰ৷ ইতিমধ্যে ১৯২৯–৩০ চনত অসমৰ বৰপেটাত খিলঞ্জীয়া লোকসকলে খেতি কৰিম বুলি হাবি–জংঘল কাটি মুকলি কৰি লোৱা চাপৰি অঞ্চলৰ মাটি বিঘাইপতি ২০০ টকা দি প্রায় ৪০–৫০ হাজাৰ পমুৱা আহি থিতাপি ল’লে৷ ছাদুল্লা চৰকাৰৰ দিনতে ১৯৩৫ চনত ‘ভাৰত শাসন আইন’ৰ অধীনৰ ৯১ আৰু ৯২ ধাৰা মতে জনজাতিসকলৰ বাবে সংৰক্ষিত বা অর্ধসংৰক্ষিত যিসমূহ স্থান ৰখা প্রয়োজন সেয়া সম্পূর্ণ অমান্য কৰিছিল ছাদুল্লা চৰকাৰে৷ এই কথা সেই সময়ৰ আই চি এছ বিষয়া এছ পি দেশায়ে লিখি থৈ গৈছিল৷ অসমৰ ভূমি আৰু ৰাজহ সংক্রান্ত বিষয়সমূহ বহিৰাগতসকলৰ কবলত পৰি এটা সময়ত যে এক ভয়াৱহ প্রত্যাহ্বানৰ সৃষ্টি হ’ব, সেই কথাও তেখেতে লিখি থৈ গৈছে৷ ১৯৩৮ চনত বিশ বিঘা পর্যন্ত মাটি বহিৰাগতক আবণ্টন দি ছাদুল্লাই ঘোষণা কৰিলে যে যিসকল বহিৰাগতই তিনি বছৰ ধৰি গো–ৰিজার্ভসমূহ অধিগ্রহণ কৰি আছে তেওঁলোকৰ অধিকাৰ যাতে অক্ষুণ্ণ থাকে৷
এনেধৰণেই অসমৰ মাটি অবৈধ অনুপ্রৱেশকাৰীসকল চৰণীয়া পথাৰত পৰিণত হ’ল৷ এফালে মুছলমান সংখ্যাগৰিষ্ঠতাৰ দৌৰত আৰু আনহাতে কমসংখ্যক অমুছলমান অজনজাতীয়৷ অস্তিত্ব ৰক্ষাৰ যুঁজখন জনজাতীয় আৰু অজনজাতীয়ই তেতিয়াৰ পৰাই দিব লগা হৈছিল৷ স্বাধীনতাৰ পিছতো চৰকাৰসমূহৰ নির্লিপ্ততাই প্রকাৰান্তৰে ভোটবেংকৰ ৰাজনীতিৰ বাবে অসমত অবৈধ অনুপ্রৱেশকাৰীক ৰঙা দলিচা পাৰি দিলে৷ দেৱকান্ত বৰুৱা, মুকুট শর্মা আদি অসমীয়ায়ো নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে অবৈধসকলক মনে–প্রাণে বৈধতা দিলে৷ ৰাজনৈতিক অভীপ্সা পূৰণৰ বাবে কংগ্রেছৰ অবৈধ অনুপ্রৱেশকাৰীৰ প্রসংগত সোলোক–ঢ়োলোক নীতিয়ে সময়ে সময়ে অসমৰ মানচিত্রখনৰ ৰং সলাই পেলালে৷ ছাদুল্লাৰ বাকী থকা কামখিনি আনোৱাৰা টাইমুৰে আগবঢ়াই নি উজনি অসম পোৱালেগৈ৷ ৰংঘৰ–কাৰেংঘৰৰ কাষৰীয়া অঞ্চলবোৰত বানপানীত পীডিত হোৱা লোক বুলি অবৈধ নাগৰিকক সংস্থাপিত কৰিলে আনোৱাৰা টাইমুৰে৷
শেহতীয়াকৈ তৰুণ গগৈদেৱৰ শাসনকালত ৰাজ্যিক গৃহমন্ত্রীৰ দায়িত্ব লৈ ৰকিবুল হুছেইনে পূর্বপৰিকল্পিতভাৱে অসমক ইছলামীকৰণৰ দিশে আগবঢ়াই নিয়াৰ খোজবোৰ খৰ হ’ল৷ তেখেতে বন বিভাগৰ দায়িত্ব লৈ অসমৰ বনাঞ্চলসমূহতো বাংলাদেশীৰ মুক্ত বিচৰণথলী হোৱাৰ বাবে সুবিধা কৰি দিলে৷ সংকুচিত হৈ আহিল খিলঞ্জীয়াৰ অধিকাৰ৷
২০০১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যাৰ ৩০.৯ শতাংশ মুছলমান আৰু অসমৰ এঘাৰখন জিলাৰ তথ্য এনেধৰণৰ আছিল– ধুবুৰী জিলাত ৭৪.২৯ শতাংশ, কাছাৰত ৬৩.১৩ শতাংশ, বৰপেটাত ৫৯.৩৭ শতাংশ, হাইলাকান্দিত ৫৭.৬৩ শতাংশ, গোৱালপাৰাত ৫৩.৭১ শতাংশ, কৰিমগঞ্জত ৫২.৩০ শতাংশ, নগাঁৱত ৫০.৯৯ শতাংশ, মৰিগাঁৱত ৪৭.৫৯ শতাংশ, বঙাইগাঁও ৩৮.৫২ শতাংশ, দৰঙত ৩৫.৫৪ শতাংশ, কোকৰাঝাৰত ২০.৩৬ শতাংশ৷
চৰকাৰী মাটি, বনাঞ্চল গ্রাস কৰি অনাৰ পিছত মন্দিৰ আৰু সত্রসমূহৰ মাটি দখল কৰাত লাগে এই অবৈধ নাগৰিকসকল৷ জনসংখ্যাৰ বিস্ফোৰণ ৰাজ্যত ভয়ানক হাৰত বৃদ্ধি পালে৷ বিভিন্ন সময়ত ৰাজনৈতিক পৃষ্ঠপোষকতাত তেওঁলোকক সুৰক্ষা দিয়াৰ আশীৰ দশকত মৌলানা আর্শ্বাদ মাদানীৰ নেতৃত্বত ইউ এম এফ গঠন কৰিলে৷ আই এম ডি টি আইন বাতিল হোৱাৰ প্রতিবাদত এআইইউডিএফ গঠন কৰিলে বদৰুদ্দিন আজমলে ২০০৫ চনৰ ২ অক্টোবৰত৷
কংগ্রেছ দলৰ অবৈধ নাগৰিকৰ প্রতি প্রেম অতীজৰ পৰা বর্তমানলৈকে অপৰিৱর্তিত থাকিল৷ উদাহৰণস্বৰূপে ২০১৮ চনত ম্যানমাৰৰ পৰা খেদা খোৱা ৰহিংগীয়াসকলক অসমত সংস্থাপিত নকৰাৰ প্রতিবাদত অসম বিধানসভাৰ সন্মুখত ধর্ণা দিয়া, বিধানসভাৰ ভিতৰত আত্মহত্যাৰ ভাবুকি দিয়া কংগ্রেছৰ বিধায়ক ওলাল৷
ভয়ানকভাৱে বাঢ়ি অহা অবৈধ অনুপ্রৱেশকাৰীৰ কবলত অসমৰ বামুণগাঁও, লালুংগাঁও, আহোমগাঁৱৰ নামবোৰহে থাকিল৷ কিন্তু সেই অঞ্চলবোৰত বামুণ, লালুং, আহোম দৰবত দিবলৈও নাইকিয়া হৈ গ’ল৷ ক্রমে ৰাজ্যত বাঢ়ি অহা অপৰাধ যেনে– হত্যা, হিংসা, ধর্ষণে এক অশান্তিময়, বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিলে৷ শিক্ষা সংস্কৃতিয়ে মানুহৰ বৌদ্ধিক চেতনা জাগ্রত কৰে৷ কিন্তু এই মানুহখিনিৰ ওপৰত সামাজিকভাৱে জীয়াই থাকিবলৈ প্রয়োজনীয় শিক্ষাতকৈ ধর্মীয় শিক্ষাৰ প্রভাৱ বেছি পৰা পৰিলক্ষিত হৈ আহিছে৷
এইসকলৰ বিভিন্ন অপৰাধে জুৰুলা কৰা সাধাৰণ খিলঞ্জীয়া মানুহখিনিৰ মনৰ বেদনা কোনেও বুজিবলৈ চেষ্টা নকৰিলে৷ বিগত চৰকাৰখনে সত্রসমূহৰ মাটি কিছু পৰিমাণে তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ যাওঁতে তথাকথিত প্রগতিশীল উদাৰমনাসকলৰ দৃষ্টিৰে মানৱ অধিকাৰৰ প্রশ্ণ তুলিলে৷ ঠিক একে ধৰণে এইবাৰো মন্দিৰসমূহ বেদখলমুক্ত কৰাৰ প্রতিবাদত এচাম মানৱৰ মানৱীয় প্রমূল্যবোধে সাৰ পাই মানৱ অধিকাৰৰ প্রশ্ণ তুলিছে৷ আমাৰ দুর্ভাগ্য যে খিলঞ্জীয়াৰ সকলো অধিকাৰ কাঢ়ি নিবলৈ বিচৰাৰ পিছতো মুখেৰে মাতিলে বা চৰকাৰে ব্যৱস্থা গ্রহণ কৰিলে কিছুমান ৰাজনৈতিক দল–সংগঠনৰ অবৈধ অনুপ্রৱেশকাৰীৰ প্রতি দৰদ উপচি পৰে আৰু সিহঁতেও এইসকলৰ পৰাই সাহ পাই দুগুণ উদ্যমেৰে আকৌ কোনো এখন খিলঞ্জীয়া গাঁৱত নানা মানসিক–শাৰীৰিক অত্যাচাৰ কৰি খিলঞ্জীয়াক খেদি নিজে বহি লয়৷ ‘কা’ প্রতিবাদৰ নামত যিমানবোৰ ৰাজনৈতিক দল–সংগঠন ৰাস্তালৈ ওলাই মাহ মাহজুৰি প্রতিবাদ কৰিলে অবৈধ অনুপ্রৱেশকাৰীৰ বিপক্ষে কোনে কিমান প্রতিবাদ কৰিলে? আচলতে পাকিস্তান, আফগানিস্তান, বাংলাদেশ আদিৰ পৰা আহি থকা অবৈধ নাগৰিকসকলক ভেটা দিবলৈ Thus far and no further’ নীতিৰ বাবেই ‘কা’ আইনখন আমাক লাগে৷ জাতীয়তাবাদীয়ে চাৰি হাজাৰ হিন্দু বাঙালী শৰণার্থীক নাগৰিকত্ব দিয়াৰ আশংকাত হুলস্থূল কৰাৰ পৰিৱর্তে অবৈধ অনুপ্রৱেশকাৰীৰ আগ্রাসনত নিমাত, যেন ‘বেজীৰ জলঙা মনে৷ কুঠাৰৰ জলঙা নমনে’ তেওঁলোকে৷
এতিয়া কথা হ’ল সংবিধান মতে চৰকাৰী মাটি বেদখল কৰাটো এটা অপৰাধ৷ মানৱ অধিকাৰৰ দোহাই দি এই অপৰাধ নস্যাৎ কৰিব পাৰি জানো অসমত বিভিন্ন জাতি–জনগোষ্ঠীসমূহে যুগ যুগান্তৰৰ পৰা একেলগে মিলি বসবাস কৰি আছে৷ কিন্তু আজি সংকুচিত হৈ অহা ভূমিৰ বাবেই হয়তো তেওঁলোক এটা দিনত গৃহহাৰা হ’ব৷ কাৰণ অবৈধ অনুপ্রৱেশকাৰীসকল জনসংখ্যা বৃদ্ধিৰ হাৰ, বিভিন্ন সময়ৰ অপৰাধ প্রৱণতাৰ বাবেই বহু সময়ত শান্তিপ্রিয় খিলঞ্জীয়াই গাঁও এৰি আঁতৰি যাবলৈও বাধ্য হৈছে৷ আজি কেইবছৰমানৰ আগতে দৰঙত এখন গাঁৱৰ প্রায় দুশ ঘৰ গাঁওবাসীয়ে নিশাটোৰ ভিতৰতে গাঁও এৰিব লগা পৰিস্থিতি হৈছিল৷ বৰপেটা–বৰদোৱাৰ খিলঞ্জীয়া লোকসকলৰ মনৰ বেদনা মৰিগাঁও–নগাঁও হৈ উজনি অসম, উত্তৰ অসমৰ বহু ঠাইলৈও সংক্রমিত হৈছে৷
চৰকাৰে বিভিন্ন পদক্ষেপেৰে এই অনুপ্রৱেশ ৰোধ কৰিব লাগে৷ তাৰ অংশ বিশেষ হিচাপে হয়তো চৰকাৰে উচ্ছেদকৰণৰ সিদ্ধান্ত লৈছে৷ কিন্তু এই অবৈধ নাগৰিকসকলৰ চৰকাৰী চাকৰি বা চৰকাৰী আঁচনিসমূহৰ সা–সুবিধা উপভোগৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপ কৰাটোও বাঞ্ছনীয়৷ অজগৰে গিলি টেঁটুৰ ওচৰ পালেহি৷ এতিয়াও কিছুমানে মানৱ অধিকাৰৰ গইনা লৈ জোঁৱায়ে ডিঙিত হাড পিন্ধাইছে বুলি কোৱাসকলে অনুভৱ কৰক অজগৰৰ মুখৰ পৰা তেওঁ সাৰি নাযায়…

You might also like