মৃণালজ্যোতি পুৰ্নবাস কেন্দ্ৰত কিদৰে কৰোনাৰ সংক্ৰমণ ঘটিল সেই সন্দৰ্ভত তদন্তৰ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ
নিয়মীয়া বাৰ্তা ১৫ জুনঃ দুলীয়াজান মৃণালজ্যোতি পুৰ্নবাস কেন্দ্ৰত ৪১ গৰাকী দিব্যাংগ ছাত্ৰ-ছাত্ৰীক ক’ভিড পৰীক্ষাৰ অন্ততঃ ১৪ গৰাকীৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হৈছিল । দিব্যাংগ পজিটিভ ছাত্ৰ-ছাত্ৰী সকলক উক্ত কেন্দ্ৰটোতে সম্প্ৰতি আইছ’লেশ্যন কৰি ৰখা হৈছে।
এই সন্দৰ্ভত প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে।
উক্ত স্মাৰক পত্ৰত উল্লেখ কৰা হৈছে যে জিলা প্ৰশাসনে ১৪ গৰাকী দিব্যাংগক ভালদৰে চিকিতসা কৰাৰ লগতে জিলা প্ৰশাসনক কিদৰে মৃণালজ্যোতি পুৰ্নবাস কেন্দ্ৰত কৰোনা ভাইৰাছৰ সংক্ৰমণ হবলৈ পালে সেই সন্দৰ্ভে এক তদন্ত কৰিবলৈ আহ্বান জনায় প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।
এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জানিবলৈ দিয়ে প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক নৃপেণ মালাকাৰে।