দুলীয়াজানত ডি এন পি এল লিমিটেডৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস পালন
২০২০--২১ বিত্তীয় বৰ্ষত কোম্পানীৰ ৪৫ কোটি টকা লাভ
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ দুলীয়াজান মধুবনস্হিত দুলীয়াজান-নুমলীগড় পাইপ লাইন লিমিটেড চমুকৈ ডি এন পি এলৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজত আনুষ্ঠানিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
মঙলবাৰে কাৰ্যক্ৰমণিকা অনুসৰি পুৱা ৮.৩০ বজাত ডি এন পি এলৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে পতাকা উত্তোলনেৰে দিনযোৰা কাৰ্যসূচী শুভাৰম্ভ কৰে। এই কাৰ্যসূচীতে অধ্যক্ষ ৰূপম গোস্বামী আৰু মুখ্য কাৰ্যবাহী বিষয়া তথা অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে কৰ্মচাৰীক উদ্দেশ্যি প্ৰদান কৰা বক্তব্যত ডি এন পি এলৰ লাভজনক ব্যৱসায়ীৰস্থিতিৰ সন্দৰ্ভত কয় যে বিগত বিত্তীয় বৰ্ষত অৰ্থাৎ ২০২০-২১ চনত প্ৰতিষ্ঠানটোৱে ১০০ কোটি টকাৰ অধিক ব্যৱসায়ত ৪৫ কোটি টকা লাভ কৰিবলৈ সক্ষম হয়। ক’ভিড সংকটৰ কালতো প্ৰতিষ্ঠানটোৰ প্ৰতি বিষয়া-কৰ্মচাৰীৰ কৰ্মস্পৃহা আৰু আনুগত্যৰ বাবে অসম চৰকাৰৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম ডি এন পি এলে ঈৰ্ষণীয় সফলতা লাভ কৰিছে। ইয়াৰ বাবে সমূহ বিষয়া-কৰ্মচাৰী সমন্বিতে প্ৰতিষ্ঠানটোৰ সৈতে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত সকলোকে প্ৰশংসা আৰু কৃতজ্ঞতা জনাই বিষয়াদ্বয়ে।
আনহাতে পৰৱৰ্তী সময়ত আয়োজিত এক অনুষ্টুপিয়া সভাত বকুলনীস্থিত অসম গেছ ভিত্তিক শক্তি প্ৰকল্প নীপক’ৰ মুখ্য মহাপ্ৰৱন্ধক আৰু প্ৰকল্পৰ প্ৰমুখ হৰিকৃষ্ণ চাংমাইক অৱসৰৰ প্ৰাকমূহুৰ্তত বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ডি এন পি এলৰ তৰফৰ পৰা। এই কাৰ্যসূচীত উপস্থিত থাকে ডি এন পি এলৰ মুখ্য কাৰ্যবাহী বিষয়া গকুলচন্দ্ৰ স্বৰ্গীয়াৰী, উপাধ্যক্ষ অশ্বিনী কুমাৰ পাইট, ডি এন পি এলৰ সঞ্চালক সুশান্ত কুমাৰ শৰ্মা আৰু অসম গেছ কোম্পানীৰ সঞ্চালক মলয় কুমাৰ দাস ।