নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদালিত চিকিৎসকক প্রহাৰক লৈ হাইক’ৰ্টৰ নিজাববীয়া গোচৰ

দুসপ্তাহৰ ভিতৰত আৰক্ষীয়ে দাখিল কৰিব লাগিব তদন্তৰ খতিয়ান

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ হোজাই জিলাৰ উদালিৰ ফুলতলী মডেল হাস্পতালত এগৰাকী চিকিৎসকক নির্মমভাৱে প্রহাৰ কৰা ঘটনা সন্দর্ভত নিজাববীয়া গোচৰ ৰুজু কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ক’ভিড কেয়াৰ চেণ্টাৰত কর্তব্যৰত চিকিৎসকজনক প্রহাৰ কৰা ঘটনা সন্দর্ভত ৰুজু কৰা ৪/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি মঙলবাৰে ন্যায়ালয়ে ঘটনা সন্দর্ভত তদন্তৰ খতিয়ান দাখিল কৰিবলৈ নির্দেশ দিছে৷

দুসপ্তাহৰ ভিতৰত উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব এই প্রতিবেদন৷ তদুপৰি মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে এনে ঘটনা ভৱিষ্যতে ৰোধ কৰাৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিছে, সেই সন্দর্ভতো সবিশেষ প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে৷ দুসপ্তাহৰ ভিতৰতে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ত এই প্রতিবেদন দাখিল কৰিব লাগিব৷

ইপিনে, মাৰণাস্ত্র লৈ যাতে কোনো লোক হাস্পতালৰ ভিতৰত প্রৱেশ কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈ নির্দেশ দিছে৷ একেদৰে এই সন্দর্ভত প্রতিখন মেডিকেল কলেজ হাস্পতালৰ বাহিৰত সঠিক সতর্কবাণীৰ জাননী আঁৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

উল্লেখ্য যে অহা ১৪ জুলাইত গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন ধার্য কৰা হৈছে৷ উল্লেখ্য যে কিছুদিন পূর্বে সেউজ কুমাৰ সেনাপতি নামৰ এগৰাকী চিকিৎসকক বর্বৰভাৱে প্রহাৰ কৰিছিল একাংশ উন্মত্ত লোকে৷ এজন ৰোগীক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতে উত্তেজিত লোকসকলে চিকিৎসকগৰাকীৰ লগতে কর্তব্যৰত নার্ছ আৰু স্বাস্থ্যকর্মীক প্রহাৰ কৰিছিল৷ এই সমগ্র ঘটনাই দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে ৰাজ্যজুৰি চিকিৎসকসকলে প্রতিবাদ সাব্যস্ত কৰে৷ চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্যবাসীয়ে একমুখে দাবী উত্থাপন কৰিছিল৷

ক’ভিড মহামাৰীয়ে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে চিকিৎসকক প্রহাৰৰ ঘটনাক সমাজৰ সকলো স্তৰৰ লোকে গৰিহণা দিছিল৷ অৱশ্যে তাৎক্ষণিকভাৱে আৰক্ষীয়ে ঘটনাত জড়িত লোকসকলক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷

You might also like