ZOMATOত খাদ্যৰ নামত গ্ৰাহকক লুণ্ঠন… Tadka Nationৰ
নিয়মীয়া বাৰ্তা ১৭ জুনঃ বৰ্তমান লকডাউনৰ সময়ত খাদ্য অৰ্ডাৰ কৰি খোৱা চাহিদা ব্যাপক ভাৱে বৃদ্ধি পাইছে। বিশেষকৈ বিভিন্ন অনলাইনৰ এপচৰ যোগেদি খাদ্য অৰ্ডাৰ কৰি নিজৰ ৰুচি পূৰণ কৰে। গুৱাহাটী মহানগৰীতো ব্যাপক ভাৱে বৃদ্ধি পাইছে অনলাইন খাদ্যৰ চাহিদা। কিন্তু সাৱধান হব লাগে এই অনলাইন অৰ্ডাৰৰ ক্ষেত্ৰত।
খাদ্যৰ পৰিমাণ কম হোৱাৰ লগতে নিম্নমানৰ হোৱাটো অভিযোগ উত্থাপিত হৈছে। মহানগীৰৰ যুৱক ইউটিউৱাৰ তথা ব্লগাৰ শ্বাহনাৱাজ আমিৰে আজি অনলাইন ZOMATO যোগেদি উজানবজাৰৰ Tadka Nationত , ৰুটি পনীৰ আৰু চিকেন আৰু বাটাৰ নান অৰ্ডাৰ কৰিছিল। অৰ্ডাৰ কৰিলে ঠিকেই কিন্তু খাদ্য আহিল কমকৈ। যেতিয়া অৰ্ডাৰ খুলি চালে তাত বাটাৰ নান নাই। লগতে মাংসৰ পেকিংত ভাতৰ দানা। মুঠতে একপ্ৰকাৰৰ অস্বাস্থ্যকৰ খাদ্য। Tadka Nationত ফোন কৰিলেও ফোন ৰিচিৰ্ভ নকৰে।
এই সন্দৰ্ভত ভুক্তভোগী যুৱক জনে কয় যে আজি জমাটৰ পৰা খাদ্য সামগ্ৰী অৰ্ডাৰ কৰিছিলো পেকেটো খুলি চাও যে চিকেনৰ লগত নান নাহিলে, চিকেন খোৱাৰ পিছত দেখিলো ভিতৰত ভাতৰ দানা। মই প্ৰশাসনৰ ওচৰত অনুৰোধ যে Tadka Nationৰ নিচিনা ৰেষ্টুৰেণ্টত ফুড ইন্সপেক্টৰৰ পৰা নিৰীক্ষণ কৰাব লাগে।