যোৰাবাটত ড্রাগ্ছ আসক্তৰ মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ অসম আৰক্ষীৰ অভিযানৰ পাছতে একাংশ ড্রাগ্ছ মাফিয়াই চুবুৰীয়া ৰাজ্য মেঘালয়ত আশ্রয় গ্রহণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷
গুৱাহাটীৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়ত ড্রাগ্ছ বেপাৰীয়ে বাহৰ পতাৰ সময়তে আজি নমাইলৰ কিলিঙত ড্রাগ্ছ আসক্ত এজন যুৱকৰ তেজেৰে লুতুৰি–পুতুৰি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মেঘালয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কিলিঙৰ নলাৰ কাষত উদ্ধাৰ হোৱা মৃত যুৱকজনক প্রছটন খ্যামদেইত বুলি চিনাক্ত কৰা হৈছে৷ মৃত যুৱকজনৰ মূৰ আৰু শৰীৰত আঘাতৰ চিন স্পষ্ট৷ লগতে যুৱকজনৰ চোলাৰ পকেটৰ পৰা ড্রাগ্ছৰ পেকেট উদ্ধাৰ হৈছে৷ প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে ড্রাগ্ছৰ বাবেই যুৱকজনক হত্যা কৰা বুলি জানিবলৈ দিছে৷