নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ সুৰক্ষা–নিৰাপত্তাৰ ক্ষেত্রত পিছ নোহোঁহকে ভাৰতে

আগ্রাসন, যুদ্ধৰ ভাবুকিৰে ব্যতিব্যস্ত কৰি ৰখা চুবুৰীয়া ৰাষ্ট্র চীনক অৰুণাচল সীমান্তৰ পৰাই বৃহস্পতিবাৰে সকীয়ালে দেশৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ দুদিনীয়া ভ্রমণসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে অসম–অৰুণাচল সীমান্তত এটা পথ মুকলি অনুষ্ঠানত উপস্থিত থাকি চুবুৰীয়া দেশখনৰ আগ্রাসনক সকীয়াই দিয়াই নহয়, সুৰক্ষা–নিৰাপত্তাৰ ক্ষেত্রত ভাৰতে পিছ নোহোঁহকে বুলিও স্পষ্ট কৰি দিয়ে৷

ৰাজনাথ সিঙৰ স্পষ্ট মন্তব্য– ভাৰতে কেতিয়াও কোনো দেশৰ বিৰুদ্ধে আগ্রাসী মনোভাব প্রদর্শন কৰা নাই৷ কিন্তু আন দেশে এনে মনোভাব দেখুৱালে ভাৰতে কেতিয়াও সহ্য নকৰে৷ উল্লেখ্য যে অসম–ৰুণাচল সীমান্তৰ কিমিনত পথ সুৰক্ষা সন্থাই নির্মাণ কৰা ২০ কিলোমিটাৰ দৈর্ঘ্যৰ দুইলেন কিমিন–প’টিন পথটো বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে ভাৰত সদায় বিশ্ব শান্তিৰ পূজাৰী৷ অতীজৰে পৰা আমাৰ দেশে বাসুধৈব কুটুম্বকম নীতিৰে বিশ্ব শান্তি আৰু পাৰস্পৰিক বন্ধুত্বৰ বাণী বিলাই আহিছে৷ ভাৰতে কেতিয়াও আগ্রাসী মনোভাব গ্রহণ কৰা নাই৷ কিন্তু আন দেশে এনে মনোভাব প্রদর্শন কৰিলে কোনো ক্ষেত্রতে ভাৰতে সহ্য নকৰে৷

উত্তৰ–পূবৰ যাতায়াত আৰু যোগাযোগৰ দিশৰ কথা উল্লেখ কৰি ৰাজনাথ সিঙে কয়– সীমান্ত পথ সংস্থাই এক প্রত্যাহ্বান আগত ৰাখি এই পথ নির্মাণ কৰি আহিছে৷ দেশৰ গৌৰৱ অটল সুৰংগ নির্মাণেই হওক বা পথ সুৰক্ষাৰ সজাগতাই হওক, সকলো ক্ষেত্রতে সীমান্ত পথ সংস্থাই দেশৰ সেৱা আগবঢ়াই আহিছে৷ আজি মুকলি হোৱা কিমিন–প’টিন পথটোৰে স্পর্শকাতৰ অঞ্চলসমূহলৈ স্থানীয় নাগৰিকসকলৰ অহা–যোৱাৰ সুবিধাৰ লগতে সেনাবাহিনীৰ সা–সৰঞ্জাম আৰু ৰচদ–পাতি কঢ়িয়াই নিয়াৰ ক্ষেত্রতো যথেষ্ট সহায়ক হ’ব৷ বর্তমান কেন্দ্রীয় চৰকাৰৰ কার্যকালত সীমান্ত পথ সংস্থাৰ বাজেট তিনি হাজাৰ কোটি টকাৰ পৰা ১১ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ ফলতেই ২০১৪ চনৰ পৰা ২০২০ চনলৈ সীমান্ত পথ সংস্থাই ভৌগোলিকভাৱে স্পর্শকাতৰ সীমান্ত অঞ্চলত ৪৮ হাজাৰ কিলোমিটাৰ পথ নির্মাণ কৰিবলৈ সক্ষম হৈছে৷

ৰাজনাথ সিঙে এই অনুষ্ঠানতে কয় যে উত্তৰ–পূব হৈছে দেশৰ সোঁহাতস্বৰূপ৷ এই অঞ্চল যিমানেই মজবুত হ’ব, দেশ সিমানেই শক্তিশালী হ’ব৷ প্রাকৃতিক সৌন্দর্য আৰু সাংস্কৃতিক বিচিত্রতাৰ বাবে সমগ্র উত্তৰ–পূব বিশ্বতেই পৰিচিত৷ কিন্তু স্বাধীনতাৰ পাছত এই অঞ্চলসমূহৰ বিকাশ যি গতিত হ’ব লাগিছিল, সেয়া নহ’ল৷ ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদী শাসনলৈ অহাৰ পাছতহে উত্তৰ–পূবৰ উন্নয়নে অভূতপূর্ব গতি লাভ কৰিছে৷ পাঁচখনকৈ বিদেশী ৰাষ্ট্রৰ সীমাৰে সংযুক্ত এই অঞ্চলটোৰ ভৌগোলিক অৱস্থিতি যথেষ্ট পৃথক বুলিও উল্লেখ কৰে ৰাজনাথ সিঙে৷

উল্লেখ্য যে বৃহস্পতিবাৰে কিমিন–প’টিন পথটো মুকলি কৰাৰ লগতে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে অৰুণাচল প্রদেশত নির্মাণ কৰা আন ৯টা পথ ভার্চুৱেলী মুকলি কৰে৷ এই অনুষ্ঠানতেই তেওঁ সীমান্ত পথ সংস্থাই নির্মাণ কৰা জম্মু–কাশ্মীৰ আৰু লাডাখৰ আন দুটা পথো ভার্চুৱেলী উদ্বোধন কৰে৷ অৰুণাচল প্রদেশত নির্মিত এই পথসমূহ অৰুণাংক, বৰটক, ব্রহ্মাংক আৰু উদয়াক প্রকল্পৰ অধীনত নির্মাণ কৰা হৈছে৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সীমান্ত পথ সংস্থাৰ জৰিয়তে অসম তথা উত্তৰ–পূবৰ দুর্গম অঞ্চলৰ পথৰ আন্তঃগাঁথনি সুদৃঢ় কৰাৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপৰ বাবে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙক বিশেষ ধন্যবাদ জ্ঞাপন কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বতে উত্তৰ–পূবৰ বিকাশৰ কাম আৰম্ভ হৈছিল৷ প্রধানমন্ত্রীয়ে গ্রহণ কৰা এক্ট ইষ্ট পলিচীৰ জৰিয়তে সমগ্র উত্তৰ–পূবক দক্ষিণ এছিয়াৰ সৈতে সংযোগ কৰোৱা হ’ল৷ যোগাযোগৰ নতুন নতুন প্রকল্পৰে উত্তৰ–পূবৰ শক্তি বৃদ্ধি কৰিছে কেন্দ্রীয় চৰকাৰে৷ অসমৰ উগ্রপন্থী সমস্যাৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং দেশৰ গৃহমন্ত্রীৰ দায়িত্বত থকাৰ সময়তে এন ডি এফ বিৰ সৈতে শান্তি চুক্তিৰ প্রক্রিয়াই বিশেষ গতি লাভ কৰিছিল৷ উত্তৰ–পূবত শান্তি প্রতিষ্ঠাৰ ক্ষেত্রত তেওঁৰ অৱদানৰ কথা অঞ্চলবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে৷

ক’ৰোনাৰ দ্বিতীয় ঢৌৱে ৰাজ্যখনক শোচনীয়ভাৱে আক্রান্ত কৰাৰ সময়ত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে আগবঢ়োৱা সহায়ৰ কথা আঙুলিয়াই ড০ শর্মাই কয়– ৰাজনাথ সিঙৰ বদান্যতাতে গুৱাহাটীত ডি আৰ ডি অ’ৰ জৰিয়তে ৩০০খন বিছনাযুক্ত এখন অত্যাধুনিক ক’ভিড চিকিৎসালয় অসমে লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বাবে মই প্রতিৰক্ষা মন্ত্রীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ আনহাতে দুর্গম অঞ্চলৰ পথ নির্মাণৰ দিশত সীমান্ত পথ সংস্থাই গ্রহণ কৰা ভূমিকাৰো শলাগ লৈ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কিমিন–প’টিন পথৰ লগতে আন ১১টা পথৰ নির্মাণে অসমৰ সীমান্ত অঞ্চলৰ লগতে অৰুণাচল প্রদেশৰ দুর্গম এলেকালৈ সামগ্রী আৰু নাগৰিকৰ সুচল পৰিবহণৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰিব৷ মন কৰিবলগীয়া যে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে বৃহস্পতিবাৰে অসমে ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্রত গ্রহণ কৰা ভূমিকাৰ শলাগ লয়৷

বিশেষকৈ উত্তৰ–পূবৰ অন্য ৰাজ্যলৈ অক্সিজেন যোগান ধৰাৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা পদক্ষেপক বিশেষভাৱে প্রশংসা কৰে ৰাজনাথ সিঙে৷ সীমান্ত পথ সংস্থাৰ সঞ্চালকপ্রধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চৌধুৰীয়ে আদৰণী ভাষণ প্রদান কৰা বৃহস্পতিবাৰৰ অনুষ্ঠানত অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু, কেন্দ্রীয় ক্রীড়া আৰু যুৱ পৰিক্রমা দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী কিৰেণ ৰিজিজুৱেও ভাষণ প্রদান কৰে৷ এই অনুষ্ঠানত উপস্থিত থাকে প্রতিৰক্ষা বাহিনীসমূহৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাট৷

আনহাতে, কেন্দ্রীয় ড’নাৰ মন্ত্রী জিতেন্দ্র সিং, কেন্দ্রীয়শাসিত অঞ্চল লাডাখৰ লেফটেনেণ্ট গৱর্নৰ আৰ কে মাথুৰে ভার্চুৱেলী অনুষ্ঠানত অংশগ্রহণ কৰে৷

You might also like