নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জার্মানীৰ ইণ্ডিয়ান চলচ্চিত্র মহোৎসৱঃ ‘বেলকনিত ভগৱান’ শ্রেষ্ঠ ছবিৰ দৌৰত

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ  ক’ভিড মহামাৰীয়ে সমগ্র বিশ্বতে ত্রাস সৃষ্টি কৰি থকাৰ সময়তে এখন অসমীয়া কথাছবিয়ে কৰিছে বিশ্ব জয়৷ বিশ্বৰ অন্যতম চলচ্চিত্র প্রতিযোগিতাসমূহত ইতিমধ্যে বহুলভাৱে চর্চিত কথাছবিখন হ’ল নুৰুল চুলতান প্রযোজিত আৰু বিশ্বজিৎ বৰাৰ পৰিচালিত কথাছবি ‘বেলকনিত ভগৱান’ god on the balcony)৷ বর্তমান বিশ্বৰ উল্লেখনীয় ২৪সংখ্যক সাংঘাই আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ, ২০২১, আৰু নিউয়র্ক ইণ্ডিয়ান চলচ্চিত্র মহোৎসৱ, ২০২১ত প্রদর্শিত হৈ থকা ‘বেলকনিত ভগৱান’–এ এইবাৰ লাভ কৰিছে জার্মানীৰ উল্লেখযোগ্য চলচ্চিত্র মহোৎসৱ18th Indian film festival of Stuttgart, 2021ৰ বাবে আনুষ্ঠানিক বাছনি৷

ইয়াৰ উপৰি অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে ‘বেলকনিত ভগৱানে’ এই চলচ্চিত্র মহোৎসৱখনৰ ‘শ্রেষ্ঠ কথাছবি’ৰ ‘জার্মান ষ্টাৰ অৱ ইণ্ডিয়া’ বঁটাৰ বাবে প্রতিযোগিতাত অংশগ্রহণ কৰিব৷ এই মহোৎসৱখন অনুষ্ঠিত হ’ব অহা ২০ জুলাইৰ পৰা ২৫ জুলাইলৈ৷ ভাৰতৰ অন্যতম উল্লেখযোগ্য আৰু বৃহত্তম চলচ্চিত্র মহোৎসৱ ‘২৬সংখ্যক কলকাতা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’ত ‘গ’ল্ডেন ৰয়েল বেংগল’ বঁটাৰে শ্রেষ্ঠ পৰিচালকৰ বঁটা পোৱাৰ পাছৰে পৰা চর্চালৈ অহা ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া চলচ্চিত্রখনে বিশ্বৰ বহু মহোৎসৱত ভাগ লৈ লাভ কৰিছে এটাৰ পাছত এটাকৈ সন্মান৷

ইতিমধ্যে অষ্টম ৰাজস্থান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত লাভ কৰিছে ‘শ্রেষ্ঠ কথাছবি’ৰ সন্মান আৰু ইটালীৰ ‘ভেচোভিয়াছ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’ত লাভ কৰিছে ‘শ্রেষ্ঠ পৰিচালক’ৰ সন্মান৷ লগতে ‘২১সংখ্যক নিউয়র্ক ইণ্ডিয়ান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’ত লাভ কৰিছে শ্রেষ্ঠ অভিনেতা (হৰিশ খান্না) আৰু শ্রেষ্ঠ শিশু অভিনেত্রী (পৰিনান্ধি জিমা চুলতানা)ৰ বাবে মনোনয়ন৷

ইতিমধ্যে ২৫সংখ্যক কেৰালা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ, ২০২১, ১৯সংখ্যক ঢ়াকা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ, ২০সংখ্যক ইমাজিন ইণ্ডিয়া আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ, ২০২১, ‘২৪সংখ্যক সাংহাই আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ, ২০২১, নিউয়র্ক ইণ্ডিয়ান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ, ২০২১, ‘১৯সংখ্যক পুনে আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ, অষ্টম ৰাজস্থান চলচ্চিত্র মহোৎসৱ ২০২১কে আদি কৰি প্রায় ২০খনৰো অধিক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত ভাগ লৈ কথাছবিখনে চর্চা লাভ কৰিছে৷

লগতে আহিছে আমেৰিকা, ডুবাই, ব্রাজিল, লণ্ডন, কানাডা আদি দেশৰ বাবে আমন্ত্রণ৷ এই খবৰে স্বাভাৱিকতে সকলোলৈকে কঢ়িয়াই আনিছে আনন্দৰ বতৰা৷ মাইনা প্রডাকচনৰ বেনাৰত নির্মিত এই চলচ্চিত্রখনৰ পৰিচালনাৰ লগতে কাহিনী, চিত্রনাট্য, সংলাপ ৰচনা কৰিছে বিশ্বজিৎ বৰাই আৰু প্রযোজনা কৰিছে ‘জেতুকা পাতৰ দৰে’ এখন ৰাষ্ট্রীয় বঁটাপ্রাপ্ত ছবিৰ প্রযোজক নুৰুল চুলতানে৷ চলচ্চিত্রখনত মুখ্য চৰিত্রত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্রমে য়াহা, কমিনে, মিডনাইটছ চিলড্রেন, গেংগছ অৱ ৱাছিপুৰ আদিত অভিনীত হাৰিশ খান্নাই৷

লগতে ইয়াত আন দুটা মুখ্য চৰিত্রত অভিনয় কৰিছে প্রণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই৷ ইয়াৰ উপৰি অৰুণ হাজৰিকা, ৰাজীৱ ক্র’, শোণিত বৰা, সাংবাদিক ইভা মহন্ত, পৱিত্র বৰুৱা, গৌৰীশংকৰ ভূঞা, যতীন খনিকৰ, বিনোদ লাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জ্যেষ্ঠ অভিনেতা দীনেশ দাস, জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্রিয় সাংবাদিক ৰাজদীপ বাইলুং বৰুৱায়ো অভিনয় কৰিছে এই ছবিখনত৷

উল্লেখ্য যে অসম চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰায়ো এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ ইতিমধ্যে বহুলভাৱে চর্চিত এই চলচ্চিত্রখন অসমীয়া ৰাইজে সোনকালে চাবলৈ পাব বুলি প্রযোজকে জনাইছে৷

You might also like