আমৰ খোৱাৰ পাছত এইসমূহ নাখাব…
এতিয়া আমৰ সময়। বজাৰত এতিয়া আম উপলব্ধ। আম বিভিন্ন পুষ্টিৰে সমৃদ্ধ। আমত শৰীৰক প্ৰয়োজন হোৱা যথেষ্ট পুষ্টি থাকে, যাৰ ভিতৰত আছে কেৰোটিন, ভিটামিন বি, ভিটামিন চি, কেলচিয়াম আৰু খনিজ লৱণ। কিন্তু আম খোৱাৰ পিছত কিছুমান খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে।
পানী: ফল খোৱাৰ পিছত পানী খোৱাটো সঠিক নহয়। এইটো আমৰ ক্ষেত্ৰতো ১০০ শতাংশ সঁচা। আম খোৱাৰ পিছত পানী খোৱাৰ ফলত এচিডিটিৰ সমস্যা হ’ব পাৰে। পেটৰ বিষো হ’ব পাৰে। গতিকে আম খোৱাৰ কমেও আধা ঘণ্টা পিছত পানী খাব।
দৈ : দৈক আমৰ সৈতে মিহলি কৰাটো সঠিক নহয়, কিয়নো দৈ আৰু আমে একেসময়তে শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত ছালৰ এলাৰ্জি হ’ব পাৰে। লগতে হজমৰ সমস্যা, পেটৰ বিষো হব পাৰে।
কোমল পানীয়: আপুনি আম খোৱাৰ লগে লগে কোমল পানীয় খোৱাৰ ফলত শৰীৰৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে বুলি প্ৰমাণ আছে। আম আৰু কোমল পানীয়ত বৃহৎ পৰিমাণৰ চেনী থকাৰ বাবে তেজত ৰক্ত শৰ্কৰা বৃদ্ধি হোৱাৰ আশংকা থাকে। ইয়াৰ ফলত ডায়েবেটিচ ৰোগীৰ বাবে বিপদ হ’ব পাৰে।