ছিপাঝাৰৰ কিৰাকাটা চৰত বিচাৰৰ নামত নৃশংস হত্যা
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ প্রচলিত ন্যায়পালিকা আৰু আইনী ব্যৱস্থাক অংগুষ্ঠ প্রদর্শন কৰি ছিপাঝাৰৰ চৰত নির্বিঘ্ণে চলি আহিছে দেৱানীৰাজ৷ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্রত একেবাৰে দুর্গম হোৱা বাবেই দেৱানীৰাজে বহু সময়ত পাৰ কৰে সকলো চৰম ব্যৱস্থা৷ এনে সাধাৰণ বিচাৰৰ নামত ছিপাঝাৰৰ চৰত পাঁচগৰাকী মাতব্বৰী দেৱানীয়ে নির্মমভাৱে প্রহাৰ কৰি এগৰাকী যুৱকক হত্যা কৰা ঘটনাই যেন পুনৰ উদঙাই দিলে দেৱানী আৰু মাতব্বৰীৰাজৰ ভয়াৱহ পৰিৱেশ৷
ঘটনাৰ পটভূমি দৰঙৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তর্গত কিৰাকাটা চৰাঞ্চল৷ শিহৰণকাৰী ঘটনাৰ বিৱৰণী মতে, কিৰাকাটাৰ আজাদ আলীৰ প্রথমা পত্নীৰ মৃত্যুৰ পাছত বিবাহ কৰোৱা দ্বিতীয় পত্নীৰ সৈতে আজাদৰ সাংসাৰিক মনোমালিন্য ঘটে৷ যাৰ বাবে দ্বিতীয় পত্নীয়ে নিজা ঘৰতে সামজিক বিচাৰ পাতে৷ এই বিচাৰ প্রক্রিয়াত চৰৰ মাতব্বৰী দেৱানী ছহিদ দেৱানী, নজিবৰ আলী, সোনাৰুদ্দিন, মইনুল হক আৰু ছহিদ দেৱানীৰ পুত্র হাৰানুল ৰচিদে মিলি আজাদ আলীক বিচাৰৰ নামত লাঠীৰে কোবাই বেয়াকৈ জখম কৰে৷ ফলত মূৰ আৰু গুপ্তাংগত গুৰুতৰভাৱে আঘাত পোৱা চাৰি সন্তানৰ পিতৃ আজাদ আলীৰ নিজা ঘৰতে মৃত্যু হয়৷ সামাজিক বিচাৰৰ নামত এনেদৰে পাঁচ দেৱানীয়ে লাঠীৰে নির্মমভাৱে প্রহাৰ কৰি হত্যা কৰা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷
অৱশ্যে চৰৰ মাতব্বৰ স্বৰূপ দেৱানীসকলৰ সন্মুখত মূৰ তুলি কথা কোৱাৰ সাহসেই কৰিব নোৱাৰে কোনো লোকে৷ যাৰ বাবে পোহৰলৈ অহা নাছিল এই নৃশংস হত্যাকাণ্ডৰ ঘটনা৷ বুধবাৰে বিয়লিৰ ভাগত হোৱা এই নৃশংস হত্যাকাণ্ড সন্দর্ভত নিহত আজাদৰ পৰিয়ালৰ লোকে কালি ছিপাঝাৰ থানাত অভিযুক্ত পাঁচ দেৱানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ কিন্তু অভিযুক্ত পাঁচজন দেৱানীয়েই পলাতক অৱস্থাত আছে৷ আইন হাতত তুলি সামাজিক বিচাৰ চলোৱাৰ নামত নির্মমভাৱে প্রহাৰ কৰি হত্যা কৰা পাঁচ হত্যাকাৰী দেৱানীক আইনগত শাস্তি বিহি ন্যায় প্রদান কৰিবলৈ মৃত আজাদৰ পৰিয়ালৰ লোকে আৰক্ষীক দাবী জনাইছে৷
উল্লেখ্য যে চৰ–চাপৰিত এইটোৱেই প্রথম ঘটনা নহয়৷ এচাম লোকে দেৱানী মাতব্বৰগিৰি কৰি বিভিন্ন অসামাজিক কার্যত লিপ্ত হোৱাটো সাধাৰণ কথা যদিও বহু সময়ত আৰক্ষীয়েও ঢ়ুকি নাপায় এনে ঘটনা৷ কিন্তু আধুনিক সমাজৰ বাবে অভিশাপস্বৰূপ দেৱানীৰাজ সন্দর্ভত ৰহস্যজনকভাৱে নির্লিপ্ত ভূমিকা গ্রহণ কৰে চৰৰ বিভিন্ন দল–সংগঠনেও৷