নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ পদুমনিৰ ক’ভিড ভেকচিন কেন্দ্ৰ পৰিৰ্দশন নগাঁও জিলাৰ অভিভাৱক পীযুষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ২৩ জুন: নগাঁও জিলাৰ বিভিন্ন কভিড ভেকচিন কেন্দ্ৰসমুহতৰ লগতে চামগুৰি সমষ্টিৰ অন্তৰ্গত পদুমনি অঞ্চলত স্থাপন কৰা কভিড ভেকচিন কেন্দ্ৰটো আজি ৰাজ্যৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক পীযুষ হাজৰিকাই পৰিৰ্দশন কৰে ৷ চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ পুদুমনি শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় খনত আজিৰ পৰা আৰম্ভ হোৱা ক’ভিড ভেকচিন কেন্দ্ৰটোত আজি দিনৰ প্ৰায় ১১–৩০ মান বজাত ৰাজ্যৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক পীযুষ হাজৰিকা উপস্থিত হৈ পৰিস্থিতি বুজ ল’য় ৷বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে ক’ভিড ভেকচিন কেন্দ্ৰটো পৰিৰ্দশন কৰে ৷ লগতে মন্ত্ৰী গৰাকীয়ে এক বৃক্ষৰোপণ কাৰ্যসুচীতো অংশগ্ৰহণ কৰে ৷

মন্ত্ৰীগৰাকীয়ে ক’ভিড ভেকচিন কেন্দ্ৰটো পৰিৰ্দশন কৰাৰ সময়ত বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সভাপতি প্ৰানজিৎ বৰা উপ সভাপতি শৰৎ গায়ন সম্পাদক নিতু মুদৈ আৰু পদুমনি শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে স্বাস্থ্য বিভাগৰ বহু কেইজন লোক উপস্থিত থাকে ৷

You might also like