অসমৰ অর্থনীতি সবল কৰাৰ স্বপ্ণমুখী পদক্ষেপ
উত্তৰ–পূর্বাঞ্চলৰ তৈলক্ষেত্র অইলক হস্তান্তৰ কৰিবলৈ মোদীলৈ ড০ শর্মাৰ পত্র
নিয়মীয়া বাৰ্তা ২৪ জুনঃ ৰাজ্যৰ অর্থনীতি শক্তিশালী কৰাৰ ক্ষেত্রত বিশেষ গুৰুত্ব আৰোপেৰে ‘স্বপ্ণমুখী’ পদক্ষেপ গ্রহণ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিশেষকৈ অসমৰ প্রাকৃতিক সম্পদৰ সদ্ব্যৱহাৰ আৰু তৈল অর্থনীতি ন–ৰূপত গঢ়ি তোলাৰ উদ্যোগ গ্রহণ কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ অসমৰ তৈল উদ্যোগক এক সংহত ৰূপ দিয়াৰ প্রচেষ্টা হিচাপে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্র প্রেৰণ কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ পত্রখনত মুখ্যমন্ত্রীগৰাকীয়ে উত্তৰ–পূব অঞ্চলৰ অসম আৰু অসম–আৰাকান অৱবাহিকাক ভাৰতীয় হাইড্র’কার্বন উদ্যোগৰ উৎস বুলি উল্লেখ কৰি এই অৱবাহিকাটো দেশৰ অন্যতম উর্বৰ গেদীয় অৱবাহিকা হিচাপে অভিহিত কৰিছে৷
আনহাতে, দেশৰ দুই ৰাষ্ট্রীয় তৈল কোম্পানী অইল ইণ্ডিয়া লিমিটেড আৰু অ’ এন জি চি এই অঞ্চলৰ চালিকা শক্তি ৰূপে অভিহিত কৰি দুয়োটা কোম্পানীকে তেল উৎপাদনৰ দায়িত্ব অর্পণ কৰাৰ বিষয়ে পত্রখনত উল্লেখ কৰা হয়৷ ২০১৯–২০ বর্ষত অসমৰ তেল আৰু গেছ উৎপাদন ক্রমে ৪.১৫ এম এম টি আৰু ৩.১৪ বি চি এম বুলি পত্রখনত উল্লেখ কৰা হয়৷ অইল আৰু অ’ এন জি চিয়ে তৈল অন্বেষণ কৰা প্রধান তৈলক্ষেত্রসমূহ ৰাজ্যখনৰ অতিকে পুৰণি আৰু পৈণত তৈলক্ষেত্র বুলি অভিহিত কৰা হৈছে৷
পত্রখনত মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে অইল ইণ্ডিয়া লিমিটেডৰ প্রায় সমগ্র তেল উৎপাদনেই উত্তৰ–পূব অঞ্চলৰ পৰা হোৱা বাবে অইলে এই অঞ্চলটোত মূলতঃ তেল উদ্ঘাটন আৰু উৎপাদনত গুৰুত্ব আৰোপ কৰি আহিছে৷ অসমতে প্রতিষ্ঠা হোৱা অইলে যোৱা কেইবাদশক ধৰি ৰাজ্যখনৰ স্থানীয় আৱেগক প্রশংসনীয়ভাৱে গুৰুত্ব আৰোপ কৰি তেল উদ্ঘাটন আৰু উৎপাদনত ব্রতী হৈ আহিছে৷ সেইবাবেই উত্তৰ–পূব অঞ্চলত তেল উদ্ঘাটন আৰু উৎপাদনক সংহত ৰূপ দিয়াৰ বাবে সমগ্র অঞ্চলটোত অইল ইণ্ডিয়াক দায়িত্ব অর্পণ কৰাৰ বাবে প্রধানমন্ত্রীক অনুৰোধ জনায় মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ কয় যে অসম আৰু অসম–আৰাকান অৱবাহিকাক যিহেতুকে দেশৰ সর্বোৎকৃষ্ট অৱবাহিকা হিচাপে গণ্য কৰি অহা হৈছে, সেয়ে ইয়াৰ হাইড্র’কার্বন সম্পদৰ উৎপাদনৰ লক্ষ্য অধিক বৃদ্ধিৰ বাবে দেশৰ অন্যতম ৰাষ্ট্রীয় তৈল কোম্পানী অইল ইণ্ডিয়াক এই দায়িত্ব অর্পণ কৰাৰ অনুৰোধ জনায় মুখ্যমন্ত্রীগৰাকীয়ে৷
পত্রখনত লগতে উল্লেখ কৰা হয় যে অইল ইণ্ডিয়াই উদ্ঘাটন আৰু উৎপাদনত সর্বাধিক গুৰুত্ব আৰোপ কৰি অহাৰ লগতে এই অঞ্চলৰ ২৫টা ব্লকৰ ১২টা ব্লকত তৈল সম্পদৰ উদ্ঘাটন আৰু উৎপাদনৰ দায়িত্ব গ্রহণ কৰি আহিছে৷ উল্লেখ্য যে উত্তৰ–পূব অঞ্চলে দেশৰ তেল উৎপাদনৰ ২৬ শতাংশ আৰু প্রাকৃতিক গেছ উৎপাদনৰ ৪৪ শতাংশ উৎপাদন কৰে৷ সেইবাবে এটা কোম্পানীক সংহত ৰূপত দায়িত্ব অর্পণ কৰিলে এই উৎপাদন ৪.১৫ এম এম টিৰ পৰা ৬ এম এম টি খাৰুৱা তেল আৰু বর্তমানৰ ৪.৬৬ বি চি এমৰ পৰা ৭ বি চি এমলৈ প্রাকৃতিক গেছৰ উৎপাদন ২০২৪–২৫ বর্ষত বৃদ্ধি পাব বুলি পত্রখনত উল্লেখ কৰা হৈছে৷
সেয়ে মুখ্যমন্ত্রীগৰাকীয়ে সমগ্র প্রক্রিয়াটোৰ সংহত ৰূপ প্রদানৰ বাবে অইল ইণ্ডিয়াক সমগ্র দায়িত্ব অর্পণ কৰাৰ আহ্বান জনাই কয় যে অইল ইণ্ডিয়াই সমগ্র অঞ্চলটোৰ আৱেগ–নুভূতি উপলব্ধি কৰাৰ লগতে অইল ইণ্ডিয়াত ৯০ শতাংশতকৈও অধিক স্থানীয় কর্মচাৰী আছে৷ সেইবাবেই অইল ইণ্ডিয়াই ৰাজ্যখনৰ লগতে সমগ্র অঞ্চলটোৰ স্থানীয় লোকৰ আৱেগ–নুভূতি উপলব্ধি কৰিবলৈ সক্ষম হৈ আহিছে৷ ইপিনে নুমলীগড় ৰিফাইনেৰী লিমিটেড চমুকৈ এন আৰ এলৰ দায়িত্ব অইল ইণ্ডিয়াই গ্রহণ কৰাৰ পাছত অইলৰ মুঠ সম্পদৰ পৰিমাণ বৃদ্ধি পাইছে৷
সেইবাবেই অইল ইণ্ডিয়াই এই অঞ্চলটোৰ প্রাকৃতিক সম্পদৰ উদ্ঘাটন আৰু উৎপাদনক প্রধান গুৰুত্ব প্রদান কৰাৰ পাছত এতিয়া কোম্পানীটোক অঞ্চলটোৰ একমাত্র মহাৰত্ন কোম্পানী হিচাপে গণ্য কৰিবলৈ সক্ষম হোৱাৰ লগতে এয়া এক্ট ইষ্ট পলিচীৰ প্রকৃত প্রতিফলন হিচাপে গণ্য কৰা হৈছে৷ সেয়ে অইল ইণ্ডিয়া আৰু অ’ এন জি চি দুয়োটাই ৰাষ্ট্রীয় তৈল কোম্পানী হোৱা বাবে অ’ এন জি চিৰ ক্ষেত্রসমূহ অইল ইণ্ডিয়াৰ হাতলৈ হস্তান্তৰ কৰাৰ ক্ষেত্রত বিশেষ অসুবিধাৰ সৃষ্টি নহ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভাৰত চৰকাৰক এনে সিদ্ধান্ত গ্রহণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক পত্রখনৰ যোগেৰে অনুৰোধ জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এই উদ্যোগ অসমৰ অর্থনীতি সবল কৰাৰ ক্ষেত্রত কার্যতঃ ‘স্বপ্ণমুখী’ পদক্ষেপ ৰূপে বিবেচিত হয়৷