নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশাসনৰ বাবে বিজেপিলৈ কংগ্রেছীৰ সোঁত

নিয়মীয়া বাৰ্তা ২৪ জুনঃ বিজেপিৰ সুশাসন–সুসংস্কাৰ আৰু দলটোত থকা প্রমূল্যবোধৰ গণতান্ত্রিক প্রক্রিয়াৰ বাবে বিজেপিলৈ কংগ্রেছৰ পৰা সোঁত বৈছে আৰু এই ধাৰা অব্যাহত থাকিব৷ খাদ্য আৰু অসামৰিক যোগান আদি বিভাগৰ মন্ত্রী তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে আজি টিহুত সংবাদ মাধ্যমৰ আগত এইদৰে কয়৷ সাংবাদিকৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আৰু কয় যে বিজেপিয়ে ক্ষমতাৰ বাবে শাসনলৈ নাহে, বিজেপি শাসনলৈ আহে ৰাষ্ট্র আৰু ৰাজ্য নির্মাণৰ বাবেহে৷ বিজেপিৰ সর্বপ্রথম লক্ষ্যই হ’ল ৰাষ্ট্র, তাৰ পিছত দল আৰু শেষত ব্যক্তি বুলি উনুকিয়াই কংগ্রেছ দল ইয়াৰ বিপৰীত বুলি দলটোক কটাক্ষ কৰে মন্ত্রী দাসে৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰত তেওঁ ৰাজ্যৰ প্রতিটো বুথ কংগ্রেছমুক্ত বুথ হ’ব বুলি প্রকাশ কৰি অসমত চাৰিৰ পৰা পাঁচটা সমষ্টিত উপ–নির্বাচন হোৱাৰ সম্ভৱনা আছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷

ইয়াৰ পূর্বে বিজেপিৰ ৰাজ্যিক সভাপতি দাসে বিজেপিৰ টিহু মণ্ডল সমিতিৰ কার্যালয়ত উপস্থিত হৈ ৰাষ্ট্রৰ ঐক্য আৰু অখণ্ডতাৰ বাবে অহোপুৰুষার্থ কৰা মহান জাতীয়তাবাদী নেতা, উৎসাহী চিন্তাবিদ আৰু শিক্ষাবিদ, জনসংঘৰ প্রতিষ্ঠাপক, ড০ শ্যামাপ্রসাদ মুখার্জীৰ স্মৃতি দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰি ৰাষ্ট্রনেতাগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বিজেপিৰ ৰাজ্যিক সভাপতি তথা খাদ্য আৰু অসামৰিক যোগান মন্ত্রী দাসে সংবাদ মাধ্যমৰ আগত কংগ্রেছৰ ভুল সিদ্ধান্তৰ বাবে বহু দুখীয়া পৰিয়াল অন্ন সুৰক্ষা কার্ডৰ পৰা বঞ্চিত হৈ থকা বুলি অভিযোগ কৰে৷ তেওঁ কংগ্রেছ চৰকাৰৰ আমোলত জধেমধে অন্ন সুৰক্ষাৰ কার্ড প্রদান কৰাৰ বাবে ৰাজ্যত পাঁচ লাখ দুখীয়া লোকে অন্ন সুৰক্ষাৰ কার্ডৰ পৰা বঞ্চিত হৈ থকা বুলি অভিযোগ কৰে৷

মন্ত্রীগৰাকীয়ে শীঘ্রে এক লাখ টকাৰ ওপৰৰ বার্ষিক আয়ৰ অর্থনৈতিকভাৱে সচ্ছল আৰু চাকৰিয়াল লোকৰ হাতত থকা অন্ন সুৰক্ষাৰ কার্ডসমূহ জুন মাহৰ ভিতৰত চৰকাৰক জমা দিবলৈ পুনৰবাৰ আহ্বান জনায়৷ পৰৱর্তী সময়ত যোগান বিভাগে এক জৰীপ চলাই এক লাখতকৈ অধিক বার্ষিক আয়ৰ লোকৰ নামত থকা অন্ন সুৰক্ষাৰ কার্ডসমূহ নাকচ কৰিব বুলি উনুকিয়ায় মন্ত্রী দাসে৷ আনহাতে, নাকচ হোৱা কার্ডসমূহৰ গৰাকীৰ নাম বাতৰিকাকতত বিজ্ঞাপন আকাৰে প্রকাশ হ’ব বুলিও মন্ত্রীগৰাকীয়ে সংশ্লিষ্ট পক্ষক সকীয়াই দিয়ে৷ ইপিনে, এক জটিল ৰোগত আক্রান্ত হৈ অলপতে চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা টিহুৰ খলিহাগুৰি গাঁৱৰ চতুর্থ শ্রেণীৰ ছাত্র ভার্গৱ তালুকদাৰৰ দুর্ভগীয়া পৰিয়ালটোৰ বাসগৃহত বুধবাৰে পুৱা উপস্থিত হৈ স্থানীয় বিধায়ক তথা মন্ত্রী দাসে পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰে৷

You might also like