নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুষ্প্রাপ্য নলগাহৰিৰ বিচৰণভূমি মানাহ ৰাষ্ট্রীয় উদ্যানত পুনৰ ৮টা নলগাহৰি মুকলি

নিয়মীয়া বাৰ্তা ২৪ জুনঃ বিশ্ব ঐতিহ্য ক্ষেত্র তথা প্রকৃতিৰাণী মানাহ ৰাষ্ট্রীয় উদ্যানত মুকলি কৰি দিয়া হ’ল আঠটা নলগাহৰি৷ মানাহ ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষৰ সহযোগতPygmy Hog Conservation Programmeৰ অধীনত কালি ৰাষ্ট্রীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ এক বিশেষ এলেকাত মুকলি কৰি দিয়া হয় গাহৰিকেইটা৷ উল্লেখযোগ্য নলগাহৰি হৈছে শ্বৰ ন্য জীৱকুলৰ ভিতৰত দুষ্প্রাপ্য তথা পৃথিৱীৰ ভিতৰতে ক্ষুদ্রতম গাহৰিৰ প্রজাতি৷ আনহাতে বিলুপ্তপ্রায় নলগাহৰিৰ পৃথিৱীৰ ভিতৰতে অন্যতম উপযুক্ত সতিস্থল মানাহ ৰাষ্ট্রীয় উদ্যান৷

নলগাহৰিৰ সংৰক্ষণৰ উদ্দেশ্যেPygmy Hog Conservationৰ জৰিয়তে ১৯৯৬ চনৰ পৰাই বিজ্ঞানসন্মত বিশেষ ৱস্থাৰে নলগাহৰিৰ প্রজনন প্রক্রিয়া আৰম্ভ হয়৷ ইয়াৰ অধীনত যোৱা ষত মানাহত চৈধ্যটা নলগাহৰি মুকলি কৰি দিয়া হৈছিল৷ আনহাতে কালি আঠটা গাহৰি মুকলি কৰি দিয়াৰ পিছত পৰৱর্তী পর্যায়ত পুনৰ চাৰিটা নলগাহৰি মুকলি কৰি দিয়া হ’ মানাহত৷ তদুপৰি আঁচনিখনৰ অধীনত মানাহত ২০২৫ চনৰ ভিতৰত স্বমুঠ ৬০টা নল গাহৰি মুকলি কৰি দিয়াৰ লক্ষ্য হাতত লোৱা হৈছে৷ তমানে মানাহত প্রায় ২০০টা নলগাহৰি থকা বুলি ধাৰণা কৰা হৈছে

You might also like